নিউজ ডেস্ক, 31 জানুৱাৰী : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত পাঁচ বছৰতকৈ কম বয়সৰ শিশুসকলক পলিঅ' ড্ৰপ প্ৰদান কৰি 2021ৰ পালচ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰে । স্বাস্থ্য বিভাগৰ এক বিবৃতি মতে, ৰাষ্ট্ৰীয় পলিঅ' টীকাকৰণ দিৱসৰ লগত সংগতি ৰাখি 31 জনুৱাৰী তাৰিখে দেশৰ প্ৰতিগৰাকী শিশুৰ বাবে এই প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰথম মহিলা সবিতা কোবিন্দে পলিঅ' প্ৰদান কাৰ্যসূচী আৰম্ভ কৰে ৷
পলিঅ' মুক্ত দেশ গঢ়াৰ বাবে ভাৰত চৰকাৰে 5 বছৰ বয়সৰ প্ৰায় 17 কোটি শিশুক এই প্ৰতিষেধক প্ৰদান কৰিব ৷ এই অভিযানৰ বাবে 24 লাখ স্বেচ্ছাসেৱক, 1,5 লাখ নিৰীক্ষক আৰু বহুতো অসামৰিক সংগঠন নিযুক্ত কৰা হৈছে ৷ দেশৰ এটিও শিশু যাতে টীকাকৰণৰ পৰা ৰৈ নাযায় তাৰ বাবে প্ৰায় 2 কোটি পৰিয়ালৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷
ইয়াৰ লগতে, দেওবাৰৰ দিনটোত উত্তৰ প্ৰদেশত প্ৰায় 3 কোটি 40 লাখ শিশুক দিয়া হ'ব পলিঅ' প্ৰতিষেধক ৷ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৰাজ্যখনৰ আগশাৰীৰ চিকিৎসালয় ডাফ্ৰেইন চিকিৎসালয়ত আনুষ্ঠানিকভাৱে পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী উদ্বোধন কৰিব ৷ তাৰ পাচত ৰাজ্যখনৰ শিশু সকলক প্ৰদান কৰা হ'ব পলিঅ' এপালি ৷ সদ্য়জাত শিশুৰ পৰা পাঁচ বছৰৰ শিশু সকলক প্ৰদান কৰা হ'ব পাল্চ পলিঅ' ৷ দেশৰ শিশু সকলক মাৰাত্মক পলিঅ' ৰোগৰ পৰা উদ্ধাৰ কৰি দেশক উন্নতিৰ পথত আগুৱাই নিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ডাফ্ৰেইন চিকিৎসালয়ৰ অধীক্ষক শুধা বাৰ্মাই জনোৱা মতে, সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি এই প্ৰতিশেধক প্ৰদান কৰা হ'ব ৷
লগতে পঢ়ক: কভিড ভেকচিন অপচয়ত শীৰ্ষ স্থানত ত্ৰিপুৰা