ETV Bharat / bharat

Terrorist Killed in Jammu Kashmir: বিগত পাঁচ বছৰত জম্মু-কাশ্মীৰত সহস্ৰাধিক সন্ত্ৰাসবাদী নিধন, 99 টা সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ - ভাৰতীয় গৃহমন্ত্ৰালয়

বিগত পাঁচ বছৰত জম্মু-কাশ্মীৰত নিধন কৰা হৈছে সহস্ৰাধিক সন্ত্ৰাসবাদী (Operation against terrorist in Jammu Kashmir) ৷ ভাৰতীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ আনহাতে, 2018 চনৰ পৰা 2022 চনৰ ভিতৰত জম্মু-কাশ্মীৰত শ্বহীদ হৈছে 306 গৰাকী জোৱান ৷

Terrorist Killed in Jammu Kashmir
বিগত পাঁচ বছৰত জম্মু-কাশ্মীৰত সহস্ৰাধিক সন্ত্ৰাসবাদী নিধন
author img

By

Published : Feb 8, 2023, 4:07 PM IST

নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী: ভাৰতৰ অখণ্ডতাক বিঘ্নিত কৰিব বিচৰা অপশক্তিৰ বিৰুদ্ধে বৃহৎ সফলতা ৷ জম্মু-কাশ্মীৰত বিগত 5 টা বৰ্ষত সহস্ৰাধিক সন্ত্ৰাসবাদী নিধন, 99 টা দুধৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ ৷ ভাৰতীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য(Operation against terrorist in Jammu Kashmir) ৷

উল্লেখ্য যে, জম্মু-কাশ্মীৰত বিভিন্ন সময়ত পাকিস্তানৰ দ্বাৰা সাৰ-পানী যোগোৱা সন্ত্ৰাসবাদী সংগঠনে সংঘটিত কৰি আহিছে কূটাঘাত ৷ ইয়াৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰৰ প্ৰশাসনে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ ভাৰতীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2018 চনৰ পৰা 2022 চনৰ ভিতৰত মুঠ 1002 টা সন্ত্ৰাসবাদীক নিধন কৰা হৈছে (Terrorist killed in Jammu Kashmir) ৷ ইয়াৰ বিপৰীতে সন্ত্ৰাসবাদ বিৰোধী যুঁজখনত শ্বহীদ হ’ব লগা হৈছে মুঠ 306 গৰাকী সেনা আৰু আৰক্ষী জোৱান (Military personal killed in Jammu Kashmir) ৷ লগতে এই সময়ছোৱাত গ্ৰেপ্তাৰ কৰা হৈছে 99 টা সন্ত্ৰাসবাদীক ৷

তথ্য অনুসৰি বিগত পাঁচ বছৰত জম্মু-কাশ্মীৰত 761 টা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা(Terrorist attack in Jammu Kashmir) সংঘটিত হোৱাৰ বিপৰীতে 626 টা একনকাউণ্টাৰ সংঘটিত কৰিছে সেনা আৰু আৰক্ষীয়ে ৷ সমান্তৰালভাৱে 480 টা সন্ত্ৰাসবাদী বিৰোধী অভিযান চলাইছে ভাৰতীয় সেনাই ৷

ইফালে, জম্মু-কাশ্মীৰত 4985 টা গাঁও সুৰক্ষা বাহিনীৰ দল (VDG) গঠন কৰিবলৈ অনুমোদন দিছে কেন্দ্ৰই ৷ ইয়াৰ ভিতৰত বৰ্তমানলৈকে 4153 টা গাঁও সুৰক্ষা বাহিনীৰ গোট (Village Defence Groups) গঠন কৰা হৈছে ৷ ইয়াৰ প্ৰতিটো গোটত 15 গৰাকীকৈ সদস্য থাকিব লাগিব বুলি 2022 বৰ্ষত নিৰ্দেশনা প্ৰদান কৰিছে গৃহমন্ত্ৰালয়ে ৷

ভিলেজ ডিফেন্স গ্ৰুপ বা গাঁও সুৰক্ষা বাহিনীৰ দলসমূহ অত্যন্ত স্পৰ্শকাতৰ স্থানসমূহত গঠন কৰা হৈছে আৰু ইয়াৰ প্ৰতিগৰাকী সদস্যক প্ৰতিমাহে 4500 টকাকৈ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই ৷ ইয়াৰ 948 গৰাকী সদস্যক CRPF বাহিনী আৰু আৰক্ষীৰ দ্বাৰা 2023 বৰ্ষৰ 6 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ ৰাজ্যসভাত দাখিল কৰা এখন লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক: CBI arrested CM daughter's EX Auditor: গ্ৰেপ্তাৰ হ’ল তেলেংগানাৰ মুখ্যমন্ত্ৰী কন্যাৰ প্ৰাক্তন একাউণ্টেণ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.