ETV Bharat / bharat

ম্যানমাৰত দুটা দিনত নিহত ১০০ৰো অধিক জোন্তা সৈন্য

ম্যানমাৰত সামৰিক আৰু অসামৰিক প্ৰতিৰোধ বাহিনীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । শেহতীয়া তথ্য অনুসৰি সংঘৰ্ষৰ ফলত দুটা দিনৰ ভিতৰত দেশখনত প্ৰায় ১০০ গৰাকী জোন্তা সৈন্য (Junta soldier) নিহত হোৱাৰ লগতে অসামৰিক প্ৰতিৰোধী যুঁজাৰু নিহত হৈছে ।

author img

By

Published : Nov 6, 2021, 7:01 PM IST

Updated : Nov 6, 2021, 8:13 PM IST

Junta Soldier
ম্যানমাৰত দুটা দিনত নিহত ১০০ৰো অধিক জান্তা সৈন্য

নিউজ ডেস্ক,৬ নৱেম্বৰ : ম্যানমাৰত পুনৰ ভয়ংকৰ সংঘৰ্ষ । দেশখনত ভয়ংকৰ সংঘৰ্ষৰ ফলত বুধ আৰু বৃহস্পতিবাৰৰ দিনটোত প্ৰায় ১০০ গৰাকী জোন্তা সৈন্য (Junta soldier) নিহত হোৱাৰ লগতে অসামৰিক প্ৰতিৰোধী যুঁজাৰু (civilian resistance fighters) নিহত হোৱাৰ খবৰ পোৱা গৈছে । ইফালে পিপলছ ডিফেন্স ফ'ৰ্চে (PDF) শাসকীয় বাহিনীৰ বিৰুদ্ধে নগৰীয়া অঞ্চলৰ লগতে ইয়াংগন, মান্দালয়, মাগৱে, চাগাইং আৰু তানিন্থৰী অঞ্চল আৰু চিন, শান আৰু কায়াহ ৰাজ্যত অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে বৃহস্পতিবাৰে শান ৰাজ্যৰ পেকন আৰু মবাই আৰু কায়াহ ৰাজ্যৰ লোইকাউ আৰু ডেমোচোত শাসকীয় সৈন্য আৰু সংযুক্ত পিডিএফ আৰু কাৰেনি নেচনেল প্ৰগ্ৰেছিভ পাৰ্টিৰ যুটীয়া দলৰ মাজত ভয়ংকৰ আক্ৰমণৰ সূত্ৰপাত হয় । কেইবা ঘণ্টা ধৰি হোৱা সংঘৰ্ষত অতি কমেও ২০ গৰাকী সামৰিক বাহিনীৰ জোৱান নিহত হয় আৰু এগৰাকী অসামৰিক প্ৰতিৰোধ যুঁজাৰু আহত হয় । পেকন পিডিএফে এক বিবৃতিত কয় যে শাসকীয় সৈন্যই বহুতো আৰ্টিলাৰী শ্বেল নিক্ষেপ কৰিছিল আৰু ওচৰৰ এখন গাওঁ জ্বলাই দিয়াৰ চেষ্টা চলাইছিল ।

জানিব পৰা মতে জোন্তা সৈন্যসকলে কেইবাখনো গাঁৱৰ ধানখেতিত অগ্নিসংযোগ কৰিছিল, যাৰ বাবে পেকন চহৰৰ বাসিন্দাসকলে তেওঁলোকৰ ঘৰৰ পৰা পলাই যাবলৈ বাধ্য হৈছিল । সোমবাৰে জোন্তা আৰ্টিলাৰীয়ে আৱাসিক এলেকাত আক্ৰমণ কৰাৰ পাছত প্ৰায় ১৫,০০০ পেকন বাসিন্দাই চহৰ ত্যাগ কৰে ।

ইয়াৰ পাছতে বৃহস্পতিবাৰে পুৱা চীন ৰাজ্যৰ কানপেটলেট টাউনশ্বিপৰ কিন্দৱেত কানপেটলেটৰ চীন প্ৰতিৰক্ষা বাহিনীয়ে (CDF) মটৰ চাইকেল ব্যৱহাৰ কৰি এক সামৰিক কনভয়ত আক্ৰমণ কৰাৰ ফলত পাঁচজন জোন্তা সৈন্য নিহত হয় আৰু আন বহুলোক আহত হয় । চীন প্ৰতিৰক্ষা বাহিনীয়ে কোৱা মতে হতাহত হোৱাৰ পাছত শাসকীয় সৈন্যসকল পিছুৱাই যাবলৈ বাধ্য হয় । চিন প্ৰতিৰক্ষা বাহিনীৰ তথ্য অনুসৰি বৃহস্পতিবাৰে চিন ৰাজ্যৰ মিণ্ডাট টাউনশ্বিপৰ মিণ্ডাট-মাটুপি ঘাইপথত জোন্তা সৈন্য আৰু চিডিএফৰ মাজত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় ।

উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সেনাই দেশখনত ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশখনত সামৰিক আৰু অসামৰিক প্ৰতিৰোধ বাহিনীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে । সামৰিক অভ্যুত্থানৰ পূৰ্বে অং ছান চু কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচী (NLD)য়ে সাধাৰণ নিৰ্বাচনত বিপুল ব্যৱধানত জয়লাভ কৰে । অভ্যুত্থানৰ পাছত, সেনাই চু কীক আটক কৰে আৰু পাছত এনএলডিৰ আন নেতাসকলক আটক কৰা হৈছে আৰু কাৰাগাৰলৈ লৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক :ছত্তিশগড়ত জিলা ৰিজাৰ্ভ গাৰ্ড (DRG) আৰু মাওবাদীৰ মাজত সংঘৰ্ষ

Last Updated : Nov 6, 2021, 8:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.