ETV Bharat / bharat

CWC meeting: '২০২৪ত বিজেপিক পৰাস্ত কৰাটো মহাত্মা গান্ধীৰ প্ৰতি কংগ্ৰেছৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি হ'ব'-খাৰ্গে - Kharge on CWC meeting

লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বছৰৰ শেষৰ ফালে ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । কংগ্ৰেছে এই নিৰ্বাচনৰ লগতে জম্মু-কাশ্মীৰৰ সম্ভাৱ্য বিধানসভা নিৰ্বাচনৰ বাবে সাজু থাকিব লাগিব । ২০২৪ ত বিজেপিক পৰাস্ত কৰি কংগ্ৰেছে মহাত্মা গান্ধীক উপযুক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগিব ।

CWC meeting
২০২৪ত বিজেপিক পৰাস্ত কৰা মহাত্মা গান্ধীৰ প্ৰতি কংগ্ৰেছৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি হ'ব
author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 3:00 PM IST

নেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ : হায়দৰাবাদত অনুষ্ঠিত হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক । বৈঠকৰ আজি দ্বিতীয় তথা অন্তিম দিন । বৈঠকৰ অন্তিম দিনটোত দলৰ নেতাসকলৰ সৈতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ কংগ্ৰেছৰ লক্ষ্য নিৰ্ধাৰণ কৰে ।

দলটোৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে আগন্তুক প্ৰত্যাহ্বানৰ বিষয়েও আলোচনা কৰে । তেওঁ কয় যে এয়া কেৱল কংগ্ৰেছৰ বাবেই নহয়, তেওঁলোকে গণতন্ত্ৰৰ অস্তিত্ব ৰক্ষাৰ বিষয়ে চিন্তা কৰে আৰু তেওঁৰ দলৰ লক্ষ্য হ'ব লাগিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰা । তেওঁ কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচন মহাত্মা গান্ধীৰ প্ৰতি কংগ্ৰেছৰ আটাইতকৈ উপযুক্ত শ্ৰদ্ধাঞ্জলি হ'ব ।

কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত ভাষণ প্ৰদান কৰি খাৰ্গেয়ে কয় যে সকলোৱে আগন্তুক প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত । কেন্দ্ৰত থকা বিজেপি চৰকাৰক সমালোচনা কৰি খাৰ্গেয়ে কয় যে মহাৰাষ্ট্ৰৰ মুম্বাইত 'I.N.D.I.A' ব্লকৰ নেতাসকলৰ বৈঠকৰ সময়তে চৰকাৰে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' সন্দৰ্ভত এখন সমিতি গঠন কৰিছিল ।

বিজেপিক সমালোচনা কৰি তেওঁ কয় যে বিজেপিয়ে নিজৰ কাৰ্যসূচীৰ বাবে সকলো পৰম্পৰা ভংগ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্ত দিছে । তেওঁ লগতে কয় যে চৰকাৰ এনে ধৰণৰ পদক্ষেপ লোৱাৰ বাবে জনাজাত যাৰ কোনো অৰ্থ নাথাকে । নেতাগৰাকীয়ে কয় যে কংগ্ৰেছ দলে সংবিধানৰ ভেটি স্থাপন কৰিছিল আৰু এনেদৰে সংবিধানৰ সুৰক্ষা কংগ্ৰেছৰ কৰ্তব্য আৰু শেষ উশাহলৈকে কংগ্ৰেছে যুঁজ দিব লাগিব ।

কংগ্ৰেছৰ লক্ষ্য হ'ব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি দেশত বিকল্প চৰকাৰ গঠনৰ বাবে নিষ্ঠাৰে কাম কৰা । উল্লেখ্য যে ২০২৪ চনত মহাত্মা গান্ধীৰ কংগ্ৰেছ সভাপতি হিচাপে নিৰ্বাচনৰ শতবাৰ্ষিকীও উদযাপন কৰিব । বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাটো মহাত্মা গান্ধীৰ প্ৰতি আটাইতকৈ উপযুক্ত শ্ৰদ্ধাঞ্জলি হ'ব বুলিও খাৰ্গেয়ে উল্লেখ কৰে ।

খাৰ্গেয়ে লগতে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বছৰৰ শেষৰ ফালে ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ'ব, সেয়েহে কংগ্ৰেছেও এই সকলো ৰাজ্যত আৰু জম্মু-কাশ্মীৰত সম্ভাৱ্য বিধানসভা নিৰ্বাচনৰ বাবে সাজু থাকিব লাগিব । ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ কাম-কাজৰ ওপৰত আলোকপাত কৰি খাৰ্গেয়ে কয় যে দুয়োখন ৰাজ্য চৰকাৰে সামাজিক ন্যায় আৰু সুদৃঢ়তাৰ এক নতুন আৰ্হি আগবঢ়াইছে । তেওঁৰ মতে কংগ্ৰেছে সমগ্ৰ দেশতে কল্যাণমূলক আঁচনিসমূহৰ প্ৰচাৰ কৰিব লাগিব ।

লগতে পঢ়ক :Kiren Rijiju in Arunachal: কৃষি তথা উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে উপগ্ৰহৰ তথ্য ব্যৱহাৰৰ প্ৰস্তাৱ অৰুণাচলৰ ৰাজ্যপালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.