ETV Bharat / bharat

Oscars 2023 Live Updates : অস্কাৰৰ মনোনয়নত স্থান লাভ RRR, অল দ্যা ব্ৰেথছ, দ্যা এলিফেণ্ট হুইচপাৰাৰ্ছৰ - মনোনীত ছবিৰ সম্পূৰ্ণ তালিকা

অস্কাৰৰ মনোনয়ত জিলিকিল ভাৰত(Oscar awards announced) ৷ আজি ঘোষণা কৰা অস্কাৰৰ বাবে মনোনীত ছবিৰ তালিকাত ভাৰতৰ চাৰিখন চলচ্চিত্ৰৰ ভিতৰত তিনিখন চলচিত্ৰই চূড়ান্ত মনোনয়নত স্থান লাভ কৰিছে (Final nominations for Oscar awards)।

Oscars 2023 Live Updates: RRR, All that breathes, The Elephant Whisperers make it to final nominations
অস্কাৰৰ মনোনয়নত স্থান লাভ RRR, অল দ্যা ব্ৰেথছ, দ্যা এলিফেণ্ট হুইচপাৰাৰ্ছে
author img

By

Published : Jan 24, 2023, 9:57 PM IST

নেশ্যনেল ডেস্ক, 24 জানুৱাৰী: মঙলবাৰে ঘোষণা কৰা হ’ল অস্কাৰৰ বাবে মনোনীত ছবিৰ সম্পূৰ্ণ তালিকা (Final nominations for Oscar awards) ৷ আগন্তুক 95 সংখ্যক অস্কাৰ সমাৰোহৰ মনোনয়নৰ সম্পূৰ্ণ তালিকা আজি সন্ধিয়া এক অনুষ্ঠানত প্ৰকাশ কৰা হয় (Oscar awards announced)। অস্কাৰ 2023 ৰ মনোনয়নত ভাৰতৰ পৰা চাৰিখন চলচ্চিত্ৰৰ তিনিখনে একাডেমী বঁটাসমূহৰ চূড়ান্ত মনোনয়নত স্থান লাভ কৰিছে (Oscars 2023 Live Updates)।

এই মনোনয়নত আৰ আৰ আৰৰ 'নাটু নাটু' শীৰ্ষক গীতটোৱে শ্ৰেষ্ঠ মূল গীতৰ শ্ৰেণীত মনোনীত হৈছে (Naatu Naatu from RRR), শৌনক সেনৰ চুটি ছবি অল দ্যেট ব্ৰেথছ (All That Breathes), আৰু নেটফ্লিক্সৰ তথ্যচিত্ৰ দ্য এলিফেন্ট হুইচপাৰছেও (The Elephant Whisperers)চূড়ান্ত তালিকাত স্থান লাভ কৰিছে । এই মনোনয়নত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ ছবিৰ সৈতে ২৩ টাতকৈও অধিক শ্ৰেণী সামৰি লৈছে।

এই মনোনয়নত প্ৰদৰ্শিত কৰিবলৈ লোৱা চলচ্চিত্ৰৰ ভিতৰত আছে দ্য বেনচিছ অফ ইনিশ্বৰিন, এভৰিথিং এভাৰৱেৰ অল এট ৱান্স, টপ গান: মেভেৰিক, ব্লেক পেন্থাৰ: ৱাকান্দা ফৰেভাৰ, তাৰ, এলভিছ আৰু দ্য হোৱেল ।

ইফালে ৰাম চৰণ আৰু এনটিআৰ জুনিয়ৰে মুখ্য চৰিত্ৰত অভিনীত ৰাজামৌলীৰ আৰ আৰ আৰ ছবিখনে একাধিক শ্ৰেণীত মনোনীত হ’ব বুলি ভাৰতীয় দৰ্শকসকলে আশা প্ৰকাশ কৰিছে ৷

অৱশ্যে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শ্ৰেণীত স্থান লাভ কৰিছে গুজৰাটী চলচ্চিত্ৰ চেলো শ্ব'ৱে । ইফালে, আৰআৰআৰ ৰ গান 'নাটু নাটু' গীতটিয়ে পূৰ্বতেই ঘোষণা কৰা অস্কাৰৰ সংক্ষিপ্ত তালিকাত স্থান লাভ কৰিছিল । শ্ৰেষ্ঠ তথ্যচিত্ৰৰ শ্ৰেণীত মনোনীত হৈ উড়িয়া ছবি 'জাংগল ক্ৰী'য়ে ৷ এই ছবিখন 12 জন জনজাতীয় শিশুৰ বাস্তৱ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ৷

অহা 12 মাৰ্চত অভেশন হলীউডৰ ডলবী থিয়েটাৰত ৯৫ সংখ্যক অস্কাৰৰ অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ এই বিশেষ অনুষ্ঠান এবিচি আৰু বিশ্বব্যাপী ২০০ তকৈও অধিক অঞ্চলত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। এই অস্কাৰ অনুষ্ঠানৰ আঁত ধৰিব পুৰস্কাৰপ্ৰাপ্ত লেট নাইট টক শ্ব’ৰ সঞ্চালক আৰু প্ৰযোজক জিমি কিমেলে ৷ কাৰ্যবাহী প্ৰযোজক আৰু প্ৰদৰ্শক গ্লেন ৱেইছ আৰু ৰিকি কিৰ্ছনাৰে আজি এই ঘোষণা কৰে ।

ৱেইছ আৰু কিৰ্ছনাৰে এই অনুষ্ঠানৰ সন্দৰ্ভত কৈছিল যে জিমি কিমেলে (Producer Jimmy Kimmel) 2017 (89 তম বঁটা) আৰু 2018 (90 তম বঁটা) অস্কাৰ অনুষ্ঠানত একেৰাহে সম্প্ৰচাৰ কৰি আহিছে । ৱেইছ আৰু কিৰ্ছনাৰে কয়- "আমি জানো যে তেওঁ ধেমেলীয়া হয় বাবেই এই অনুষ্ঠান চাবলৈ অতি ৰোমাঞ্চকৰ হ’ব ৷ আমাৰ ৯৫ তম অস্কাৰ অনুষ্ঠান আঁত ধৰাত আমাক সহায় কৰিবলৈ জিমি উপযুক্ত আয়োজক।"

একাডেমীৰ মুখ্য কাৰ্যবাহী বিষয়া বিল ক্ৰেমাৰ আৰু একাডেমীৰ সভাপতি জেনেট য়াঙে এই অনুষ্ঠান সন্দৰ্ভত কয় যে চলচ্চিত্ৰৰ প্ৰতি তেওঁৰ প্ৰেম, লাইভ টিভিৰ দক্ষতা আৰু আমাৰ বিশ্বব্যাপী দৰ্শকৰ সৈতে সংযোগ স্থাপনৰ সামৰ্থ্যই বিশ্বজুৰি আমাৰ লাখ লাখ দৰ্শকৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা গঢ়ি তুলিব ৷

ইফালে জিমিয়ে অস্কাৰৰ আমন্ত্ৰণ লাভ কৰি কয়- "তৃতীয়বাৰৰ বাবে অস্কাৰ অনুষ্ঠানৰ আঁত ধৰিবৰ বাবে মোক আমন্ত্ৰণ জনোৱাটো হয় এক ডাঙৰ সন্মান । মই একাডেমীৰ ওচৰত কৃতজ্ঞ ৷"

কিমেলে এবিচিৰ "জিমি কিমেল লাইভ!"ৰ সঞ্চালক আৰু কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰে আৰু শেহতীয়াকৈ তিনি বছৰৰ চুক্তি সম্প্ৰসাৰণত স্বাক্ষৰ কৰে ৷ আমেৰিকান টেলিভিছন ইতিহাসত জিমি আটাইতকৈ দীঘলীয়া সময়ৰ বাবে থকা টক শ্ব'ৰ সঞ্চালকৰ মাজৰ অন্যতম ৷ অস্কাৰৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণত উৎকৃষ্টতাক স্বীকৃতি দিয়াৰ উপৰিও একাডেমীয়ে চলচ্চিত্ৰসমূহৰ কলা আৰু বিজ্ঞানৰ প্ৰচাৰৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে ৷ ইয়াৰ ভিতৰত অন্তভুৰ্ত হৈ আছে ৰাজহুৱা প্ৰ'গ্ৰামিং, স্ক্ৰীণিং, প্ৰকাশন, শৈক্ষিক প্ৰসাৰ, প্ৰদৰ্শনী আৰু বহুতো ।

লগতে পঢ়ক: Oscars 2023: আজি ঘোষণা কৰা হ'ব মনোনীত ছবিৰ সম্পূৰ্ণ তালিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.