নিউজ ডেস্ক, 2 নৱেম্বৰ: গুজৰাটৰ মৰবি ওলোমা দলঙৰ শোকাৱহ দুৰ্ঘটনাক (Morbi bridge collapse disaster) লৈ উদ্ভট মন্তব্য প্ৰদান কৰিছে দলংখনৰ মেৰামতিকাৰী সংস্থা ওৰেভা কোম্পানীৰ এগৰাকী প্ৰৱন্ধকে ৷ এই গোচৰৰ অতিৰিক্ত লোক অধিবক্তাই জনোৱা মতে, দুগৰাকী প্ৰৱন্ধকৰ এগৰাকীয়ে আদালতৰ মজিয়াত এই দলং ছিগাৰ বাবে ভগৱানকেই জগৰীয়া কৰে ৷ প্ৰৱন্ধকজনে এয়া এক্ট অৱ গড বুলি মন্তব্য প্ৰদান কৰা বুলি অধিবক্তা এইছ এছ পাঞ্চালে জনাইছে (Morbi bridge collapse is an Act of God)৷
এই দলংখনৰ সন্দৰ্ভত পোহৰলৈ অহা আন এক তথ্য অনুসৰি ওলোমা দলংখনৰ কেবোলবোৰ শতাধিক লোকৰ ভৰ ল’ব পৰাকৈ শক্তিশালী অৱস্থাত নাছিল (Morbi bridge collapse in Gujrat) ৷ ফৰেন্সিক লেবৰেটৰীৰ প্ৰতিবেদন অনুসৰি, দলংখনৰ কেবোলবোৰ জৰাজীৰ্ণ হৈ গৈছিল ৷ তদন্তৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে দলংখনৰ পৃষ্ঠভাগ সলনি কৰা হৈছিল যদিও সলনি কৰা হোৱা নাছিল কেবোলবোৰ ৷ অইলিং আৰু গ্ৰিজিঙো কৰা হোৱা নাছিল দলংখনৰ (Cable bridge collapse in Gujrat) ৷
এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা 4 জন লোকৰ ভিতৰত দুজন আছিল ওৰেভা কোম্পানীৰ আৰু আন দুজন আছিল দলংখনৰ মেৰামতিত জড়িত থকা লোক (Overa company manager arrested) ৷ আন 5 জন ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা লোক হৈছে চিকিউৰিটি আৰু টিকট বিক্ৰী কৰা ব্যক্তি ৷ প্ৰতিবেদনত তদন্তকাৰী বিষয়াই উল্লেখ কৰিছে যে, দলংখনৰ মেৰামতিৰ বাবে কোনো নিবিদা প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হোৱা নাছিল আৰু প্ৰত্যক্ষভাৱে কোম্পানীটোক ঠিকা দিয়া হৈছিল ৷
উল্লেখ্য যে, 30 অক্টোবৰত গুজৰাটৰ মৰবিত মাচ্চু নদীত থকা শতিকা পুৰণি এই ওলমা দলংখন ছিগি পৰাত প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু হয় (Mass died in Morbi bridge collapse)৷ তাৰ পাচতেই ঘটনা সন্দৰ্ভত 9 জনক আটক কৰি আদালতত হাজিৰ কৰোৱাৰ পাচত 4 জনত আৰক্ষীৰ জিম্মাত আৰু 5 জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷
আৰক্ষীৰ জিম্মাত থকা 4 জনৰ ভিতৰত ওৰেভা কোম্পানীৰ 2 প্ৰৱন্ধকে 7 মাহৰ মেৰামতিৰ অন্তত দৰ্শকৰ বাবে দলংখন মুকলি কৰি দিছিল ৷ এই ঘটনাৰ তদন্ত কৰি থকা মৰবিৰ আৰক্ষী অধীক্ষক ৰাহুল ত্ৰিপাঠীয়ে কয়, ‘‘আমি চাৰিওজনকে সোধপোচ কৰিছোঁ আৰু দলংখনৰ মেৰামতিৰ বিভিন্ন আঁসোৱাহ সমূহ বিচাৰি উলিওৱাৰ চেষ্টা কৰিছোঁ ৷ আমি পুংখানুপংখভাৱে তদন্ত কৰিছোঁ আৰু যদি কোনো এগৰাকী দোষী প্ৰমাণিত হয়, তেন্তে তাৎক্ষণিকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব’’ ৷
গুজৰাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 304, 308 আৰু আই পি চিৰ ধাৰা 114 ৰ অধীনত এটা গোচৰ ইতিমধ্যে ৰুজু কৰিছে মেৰামতিকাৰী কোম্পানীটোৰ বিৰুদ্ধে ৷
লগতে পঢ়ক: Cable bridge to collapse: মৰ্বিৰ মাচ্চু নদীৰ ওলমা দলং ট্ৰেজেডীৰ বাবে কোন দায়ী?