ETV Bharat / bharat

সংসদত পেগাচাছৰ প্ৰসংগ উত্থাপন কৰিব বিৰোধীয়ে - লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী

বৰ্ষাকালীন অধিৱেশনত পেগাচাছ (Pegasus)ৰ বিষয় উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে বিৰোধী দলে । কংগ্ৰেছ(Congress), তৃণমূল কংগ্ৰেছ(Trinamool Congress), ৰাষ্ট্ৰীয় জনতা দল(Rashtriya Janata Dal) আৰু দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম(Dravida Munnetra Kazhagam)ৰ উপৰিও আন বিৰোধী দলেও মঙলবাৰে এক বৈঠকত মিলিত হয় । এই বৈঠকতে তেওঁলোকে সংসদত পেগাচাছ(PEGASUS)ৰ প্ৰসংগ উত্থাপন কৰাৰ সিদ্ধান্ত লয় ।

Opposition to raise Pegasus issue in Parliament
সংসদত PEGASUSৰ প্ৰসংগ উত্থাপন কৰিব বিৰোধীয়ে
author img

By

Published : Jul 20, 2021, 2:19 PM IST

নেশ্যনেল ডেস্ক, ২০ জুলাই: এইবাৰ পেগাচাছ (Pegasus) সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক প্ৰশ্নবাণেৰে থকা সৰকা কৰিবলৈ সাজু হৈছে বিৰোধী দল । কংগ্ৰেছ(Congress), তৃণমূল কংগ্ৰেছ(Trinamool Congress), ৰাষ্ট্ৰীয় জনতা দল(Rashtriya Janata Dal) আৰু দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমে (Dravida Munnetra Kazhagam) সংসদত পেগাচাছ (Pegasus)ৰ প্ৰসংগ উত্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে । মঙলবাৰে বিৰোধী দলকেইটা এখন বৈঠকতো মিলিত হয় আৰু দুয়োখন সদনতে পেগাচাছৰ বিষয়টো উত্থাপন কৰাৰ সিদ্ধান্ত লয় ।

আনহাতে, মঙলবাৰে দুপৰীয়া ২ বজাত বিৰোধী দলসমূহ পুনৰ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে । মঙলবাৰে সংদসত ক'ভিড-১৯ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে ভাষণ প্ৰদান কৰাৰ সময়ত বিৰোধী উপস্থিত থাকিব নে নাই সেই বিষয়ে সিদ্ধান্ত ল'ব এই বৈঠকতে । পেগাচাছ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী (Adhir Ranjan Chowdhury)য়ে কেতিয়াবা কংগ্ৰেছৰ দ্বাৰা এনেদৰে চোৰাংচোৱা ব্যৱস্থাৰ (Pegasus) ব্যৱহাৰ কৰাৰ বিষয়ে শুনিছে নেকি বুলি প্ৰশ্ন কৰে । এয়া নতুন ভাৰত গঢ়ি তোলাৰ এক কৌশল বুলি প্ৰধানমন্ত্ৰীগৰাকীক কটাক্ষ কৰে অধীৰ ৰঞ্জন চৌধুৰীয়ে ।

কংগ্ৰেছ দলে সোমবাৰে পেগাচাছ স্পাইৱেৰ (Pegasus Spyware)ব্যৱহাৰ কৰি সাংবাদিকসকলৰ ওপৰত চোৰাংভাৱে নিৰীক্ষণ কৰাৰ অভিযোগ তুলি এই সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ দাবী জনাইছিল । লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰো দাবী জনeয় কংগ্ৰেছে ।

সোমবাৰে সংবাদমেল সম্বোধন কৰি ৰাজ্যসভাত কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই (Mallikarjun Kharge) অভিযোগ তোলে যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সাংবাদিক আৰু আন কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি বিৰোধী নেতাসকলৰ ওপৰত চোৰাংভাৱে নিৰীক্ষণ কৰা কাৰ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ জড়িত হৈ আছে । তেওঁ কয় যে, এই সন্দৰ্ভত তদন্ত কৰাৰ পূৰ্বে অমিত শ্বাহে পদত্যাগ কৰা উচিত । লগতে তেওঁ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্ত কৰা উচিত বুলিও মন্তব্য কৰে ।

তেওঁ লগতে কয় যে, গণতন্ত্ৰৰ ওপৰত বিশ্বাস থাকিলে আৰু সংবিধান অনুসৰি কাম কৰিলেহে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰীৰ আসনৰ বাবে উপযুক্ত হ'ব । ইফালে, কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে কয় যে, হোৱাটছএপত পেগাচাছৰ ব্যৱহাৰ সন্দৰ্ভত সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদনত কোনো সত্যতা নাই । তেওঁ লগতে কয় যে, প্ৰতিবেদনখন ভাৰতীয় গণতন্ত্ৰ আৰু ইয়াৰ সু-প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহক অপবাদ জাপি দিয়াৰ এক প্ৰয়াস মাথোঁ । ইতিমধ্যে কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতাই টুইটযোগে পেগাচাছ সন্দৰ্ভত মোডী নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰিছে । আনহাতে, যুৱ কংগ্ৰেছেও দেশৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

লগতে পঢ়ক:পেগাচাছ স্পাইৱেৰক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.