ETV Bharat / bharat

Mission 2024: 23 জুনত অনুষ্ঠিত হ’ব বিৰোধী ঐক্য বৈঠক

মিছন 2024 সন্দৰ্ভত বিৰোধী দলসমূহৰ ঐক্য বৈঠকৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ৷ 12 জুনৰ পৰিৱৰ্তে অহা 23 জুনত পাটনাত অনুষ্ঠিত হ’ব বিৰোধীৰ ঐক্য বৈঠক ৷ জেডি(ইউ)ৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিং আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে যুটীয়াভাৱে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে (opposition parties meeting in patna)৷

Press meet on Opposition Unity Meeting
23 জুনত অনুষ্ঠিত হ’ব বিৰোধী ঐক্য বৈঠক
author img

By

Published : Jun 7, 2023, 10:29 PM IST

নিউজ ডেস্ক, 7 জুন : শাসকীয় দলক প্ৰতিহত কৰিবলৈ উঠি পৰি লাগিছে বিৰোধী দলসমূহে (Mission 2024)৷ এইবাৰ বিৰোধী দলসমূহৰ লক্ষ্য হৈছে মিছন 2024 (Press meet on Opposition Unity Meeting৷

বুধবাৰে জেডি(ইউ)ৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিং আৰু বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে যুটীয়াভাৱে এক সংবাদমেলযোগে অহা 23 জুনত পাটনাত বিৰোধীৰ ঐক্য বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰে(Opposition Unity Meeting on 23 june) ৷

পূৰ্বতে 12 জুনত এই বৈঠক অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণা কৰা হৈছিল যদিও কিছু নেতাৰ অসুবিধাৰ বাবে এই তাৰিখ পিছুৱাই দিব লগা হৈছিল ৷ তেতিয়াৰ পৰাই পৰৱৰ্তী তাৰিখ ঘোষণাৰ বাবে অপেক্ষা কৰা হৈছিল ৷ ইয়াৰ পিচতে বুধবাৰে ঘোষণা কৰা হয় চূড়ান্ত তাৰিখ ৷ এতিয়া অহা 23 জুনত বিৰোধী দলসমূহৰ ঐক্য বৈঠক অনুষ্ঠিত কৰা হ’ব ৷

লালন সিঙে সংবাদমেলখনত কয় যে, বিৰোধীয়ে ঐক্যবদ্ধভাৱে আগন্তুক নিৰ্বাচনত যুঁজ দিব। বৰ্তমান সময়ত দেশত এক অঘোষিত জৰুৰীকালীন অৱস্থা চলি আছে ৷ গতিকে এখন বিজেপি মুক্ত দেশ গঢ়ি তোলাৰ প্ৰয়োজন আছে।

আনহাতে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয় যে আমি আশাবাদী যে এই বৈঠকৰ পিচত ইতিবাচক ফলাফল আহিব (Deputy Chief Minister Tejashwi Yadav)। মহাজোঁট চৰকাৰ, নীতিশ কুমাৰ আৰু লালু প্ৰসাদে এক সমমনস্ক দলৰ বৈঠক অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিল। 12 জুনত কিছু নেতাৰ অসুবিধা হোৱাৰ বাবে বৈঠকখন পিছুৱাই দিব লগা হৈছিল । বৈঠকখন 23 জুনত পাটনাত অনুষ্ঠিত হ'ব। দেশৰ ভিন্ন প্ৰান্তৰ বহু নেতাক লগ কৰা হৈছে । সকলোৱে দেশৰ পৰিস্থিতি জানে। কিন্তু এই সমগ্ৰ বিষয়ৰ বিষয়ে আলোচনা হোৱা নাছিল ৷

ইয়াৰ পূৰ্বে, কংগ্ৰেছ দলে স্পষ্ট কৰি দিছিল যে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু দলৰ নেতা ৰাহুল গান্ধীয়ে এই ঐক্য বৈঠকত উপস্থিত থাকিব নোৱাৰিব । দলটোৰ যোগাযোগ প্ৰভাৰী জয়ৰাম ৰমেশে কৈছিল যে দুয়োগৰাকী নেতা সভাত উপস্থিত থাকিব নোৱাৰিলেও, দলৰ এজন সদস্য প্ৰতিনিধি হিচাপে ৰমেশে উপস্থিত থাকিব। পূৰ্বে নিৰ্ধাৰিত কৰা 12 জুন তাৰিখটো সলনি কৰিবলৈ কংগ্ৰেছ দলেই আহ্বান জনাইছিল বুলি ৰমেশে জানিবলৈ দিয়ে ৷ এই আহ্বানৰ পিচতেই সভাখন পিচুৱাই দিয়াৰ ঘোষণা কৰা হৈছিল ৷

লগতে পঢ়ক: Street dog terror : ৰাজপথৰ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুগৰাকী শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.