ETV Bharat / bharat

পেগাচাছক লৈ সংসদত সাতটা ভিন্ন ভাষাত পোষ্টাৰ প্ৰদৰ্শন বিৰোধীৰ - বিৰোধীৰ প্ৰতিবাদ আৰ এছ টিভিত দেখুওৱা হোৱা নাই

দুয়োখন সদনত সাতটা ভিন্ন ভাষাত বিশেষভাৱে ডিজাইন কৰা পোষ্টাৰ প্ৰদৰ্শন কৰি বিষয়টোৰ ওপৰত আলোচনাৰ দাবী জনায় বিৰোধীয়ে । পোষ্টাৰ খনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক বিৰোধীয়ে প্ৰশ্ন কৰিছে যে তেওঁলোকে পেগাচাছ স্পাইৱেৰ ক্ৰয় কৰিছে নেকি ? পোষ্টাৰৰ জৰিয়তে দুয়োগৰাকী নেতাৰ পৰা হয় বা নহয় বুলি উত্তৰো বিচাৰিছে বিৰোধীয়ে ।

Oppn parties display posters in seven languages in Parliament
পেগাচাছকলৈ সংসদত সাতটা ভিন্ন ভাষাত পোষ্টাৰ প্ৰদৰ্শন বিৰোধীৰ
author img

By

Published : Aug 4, 2021, 2:25 PM IST

নেশ্যনেল ডেস্ক,৪ আগষ্ট: পুনৰ পেগাচাছৰ প্ৰসংগক লৈ উত্তাল চলিত বৰ্ষাকালীন অধিৱেশন (Monsoon Session) । অধিৱেশন আৰম্ভ হোৱাৰ দিনটোৰ পৰাই সদনত পেগাচাছ বিষয়ক লৈ বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । মঙলবাৰে পুনৰ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধী দলসমূহে ।

সাতটা বেলেগ বেলেগ ভাষাত পোষ্টাৰ প্ৰদৰ্শন কৰি সদন উত্তাল কৰি তোলে বিৰোধীয়ে । দুয়োখন সদনত সাতটা ভিন্ন ভাষাত বিশেষভাৱে ডিজাইন কৰা পোষ্টাৰ প্ৰদৰ্শন কৰি বিষয়টোৰ ওপৰত আলোচনাৰ দাবী জনায় বিৰোধীয়ে । পোষ্টাৰ খনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহক (Amit Shah) বিৰোধীয়ে প্ৰশ্ন কৰিছে যে তেওঁলোকে পেগাচাছ স্পাইৱেৰ (Pegasus spyware) ক্ৰয় কৰিছে নেকি ? পোষ্টাৰৰ জৰিয়তে দুয়োগৰাকী নেতাৰ পৰা হয় বা নহয় বুলি উত্তৰো বিচাৰিছে বিৰোধীয়ে ।

তৃণমূল কংগ্ৰেছে প্ৰথমে এই পোষ্টাৰ প্ৰদৰ্শন আৰম্ভ কৰা বুলি কোৱা হৈছে । লগতে তেওঁলোকক সঁহাৰি দিছে আন কেইবাটাও বিৰোধী দলৰ নেতাই । ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (CPI) এগৰাকী সাংসদে পোষ্টাৰৰ মালায়ালী সংস্কৰণটো প্ৰদৰ্শন কৰিছিল । তামিল ভাষাৰ পোষ্টাৰখন দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (DMK)ৰ সাংসদ আৰু আম আদমী পাৰ্টিৰ (AAP) সঞ্জয় সিঙে হিন্দী সংস্কৰণটো প্ৰদৰ্শন কৰিছিল ।

আনহাতে উৰ্দু সংস্কৰণটো টিএমচিৰ নাদিম উল হকৰ দ্বাৰা প্ৰদৰ্শন কৰা হৈছিল । অসমৰ এগৰাকী কংগ্ৰেছ সাংসদে অসমীয়া ভাষাৰ সংস্কৰণটো প্ৰদৰ্শন কৰিছিল আৰু মাৰাঠী পোষ্টাৰখন নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (NCP) এগৰাকী সাংসদে প্ৰদৰ্শন কৰিছিল । কৰ্ণাটকৰ আন এগৰাকী কংগ্ৰেছ সাংসদে কানাড়াত পোষ্টাৰখন দেখুৱাইছিল । সূত্ৰৰ মতে বিৰোধী সাংসদসকলে দুয়োটা সদনৰ গুৰুত্বপূৰ্ণ এলেকাত থিয় হৈ দূৰদৰ্শনত পোষ্টাৰবোৰ দৃশ্যমান হোৱাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰিছিল ।

ইফালে যোৱা সপ্তাহত টিএমচিৰ সাংসদ ডেৰেক অ'ব্ৰায়েনে অভিযোগ কৰিছিল যে বিৰোধীৰ প্ৰতিবাদ আৰ এছ টিভিত (RS Tv) দেখুওৱা হোৱা নাই । মঙলবাৰে টুইটোগে তেওঁ প্ৰশ্ন কৰে যে লোকসভা টিভি আৰু ৰাজ্যসভাৰ টিভি চেঞ্চৰ বিৰোধীৰ কণ্ঠস্বৰ হ'ব নেকি যিহেতু তেওঁলোকে এই গুৰুতৰ বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছে । পেগাচাছ স্নুপিং বিতৰ্ক (Pegasus snooping controversy) আৰু কৃষকৰ সমস্যাক লৈ বিৰোধীৰ প্ৰতিবাদৰ মাজতে মঙলবাৰে লোকসভা আৰু ৰাজ্যসভা দুয়োটা সদনৰে কাম কাজ কোনোমতে সমাপ্ত হয় ।

লগতে পঢ়ক :২০২০ চনত JNUত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰসংগ উত্থাপন লোকসভাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.