ETV Bharat / bharat

Operation Lotus in Karnataka : অপাৰেচন পদুম আৰু কৰ্ণাটকত বিজেপিৰ ক্ষমতা দখল - Karnataka Election results 2004

কৰ্ণাটকত বিজেপিৰ উত্থানৰ আঁৰত আছে এক বিশেষ অভিযান । সেয়া হৈছে অপাৰেচন পদুম (Operation Lotus in Karnataka)। অপাৰেচন পদুমৰ জৰিয়তে বিজেপিয়ে কৰ্ণাটকত দুবাৰকৈ ক্ষমতা দখল কৰিছে । কেনে ৰণনীতিৰে ৰাজ্যখনত বিজেপিয়ে নিজৰ ভেঁটি শক্তিশালী কৰিছে ?

Operation Lotus in Karnataka
অপাৰেচন পদুম আৰু কৰ্ণাটকত বিজেপিৰ ক্ষমতা দখল
author img

By

Published : Apr 3, 2023, 5:08 PM IST

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল : ভাৰতৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত কৰ্ণাটকত যোৱা সময়চোৱাত বিভিন্ন ৰাজনৈতিক দলে শাসন কৰি আহিছে (Karnataka Politics)। এটা সময়ত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) সাধাৰণ বিৰোধী দল আছিল । কিন্তু এতিয়া ৰাজ্যখনত এক প্ৰভাৱশালী ৰাজনৈতিক শক্তি হৈ পৰিছে বিজেপি । এই ৰাজনৈতিক পৰিৱৰ্তন আকস্মিক নহয়, ক্ৰমান্বয়ে হোৱা এক পৰিৱৰ্তন আছিল (Political change in Karnataka)।

১৯৮৩ চনত বিজেপিয়ে প্ৰথমে ৰাজ্যখনত প্ৰতিনিধিত্ব আগবঢ়াইছিল । কিন্তু ১৯৯৪ চনলৈকে ই বিৰোধী দল হৈ আছিল যেতিয়া জনতা দলে ১১৫ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল । আৰু কংগ্ৰেছ অসম ৩৪ খনলৈ হ্ৰাস পাইছিল । বিজেপিয়ে মাত্ৰ ৪০ খন আসন হে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ই বিৰোধী দল হৈ পৰিছিল । ১৯৯৯ চনৰ নিৰ্বাচনতো বিজেপিৰ ভাগ্য সলনি হোৱা নাছিল আৰু বিজেপিয়ে মাত্ৰ ৪৪ খন আসন হে লাভ কৰিছিল ।

২০০৪ চনৰ নিৰ্বাচন কৰ্ণাটকত বিজেপিৰ বাবে এক নতুন দিগন্ত আছিল । দলটোৱে ৭৯ খন আসন লাভ কৰি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল । কিন্তু কোনো দলে সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে ই বিৰোধী হিচাপে থাকিবলগীয়া হয় । মুখ্যমন্ত্ৰী হিচাপে ধৰম সিং আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে সিদ্ধাৰামাইয়াক লৈ কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰা হৈছিল (Karnataka Election results 2004)।

অৱশ্যে, ২০০৬ চনত, সিদ্ধাৰামাইয়াই উপ-মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে আৰু জেডি(এছ) এৰি যায় । যাৰ ফলত হঠাতে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱৰ্তন ঘটে । জেডি(এছ)ৰ এটা বৃহৎ গোটে কংগ্ৰেছৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ ত্যাগ কৰে আৰু এইচ ডি কুমাৰস্বামীৰ নেতৃত্বত বিজেপিৰ সৈতে এক নতুন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে । তেনেদৰে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে বিজেপি বিৰোধী ৰেখাৰ পৰা শাসকীয় দল হৈ পৰিছিল (BJP govt in Karnataka)।

ক্ষমতা ভাগ-বতৰা চুক্তি অনুসৰি, ২০০৭ চনৰ অক্টোবৰত য়েদিয়ুৰাপ্পা মুখ্যমন্ত্ৰী হোৱাৰ কথা আছিল । অৱশ্যে, কুমাৰস্বামীয়ে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে আৰু য়েদিয়ুৰাপ্পা আৰু বিজেপিৰ সকলো মন্ত্ৰীয়ে জেডিএছৰ পদক্ষেপৰ বিৰুদ্ধে পদত্যাগ কৰে । বিজেপিয়ে মিত্ৰজোঁটৰ চৰকাৰক সমৰ্থন প্ৰত্যাহাৰ কৰে আৰু কৰ্ণাটকত ৰাষ্ট্ৰপতি শাসন আৰম্ভ হয় । ২০০৭ চনৰ ৭ নৱেম্বৰত বিজেপি আৰু জেডিএছৰ মাজৰ সংঘৰ্ষ সমাপ্ত হয় আৰু ২০০৭ চনৰ ১২ নৱেম্বৰত য়েদিয়ুৰাপ্পাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

২০০৮ চনৰ নিৰ্বাচনত বিজেপিয়ে ১১০ খন আসন লাভ কৰি সাধাৰণ সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু ৬ জন নিৰ্দলীয় বিধায়কৰ সমৰ্থনত চৰকাৰ গঠন কৰে । য়েদিয়ুৰাপ্পাই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । চৰকাৰক সুৰক্ষিত কৰিবলৈ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে অপাৰেচন পদুম (লোটাছ) আৰম্ভ কৰা হৈছিল (Operation Lotus in Karnataka)। কংগ্ৰেছ আৰু জেডিএছৰ বিধায়কসকলে পদত্যাগ কৰে আৰু বিজেপিত যোগদান কৰে । যাৰ ফলত ১৪ টা সমষ্টিতে উপ-নিৰ্বাচন হয় । উপ-নিৰ্বাচনৰ জৰিয়তে প্ৰয়োজনীয় সংখ্যকতকৈ অধিক আসন লাভ কৰি চৰকাৰ সুৰক্ষিত কৰে বিজেপিয়ে ।

অৱশ্যে, অবৈধ খনন সন্দৰ্ভত কৰ্ণাটকৰ লোকায়ুক্তই জাৰি কৰা তদন্তৰ প্ৰতিবেদনত তেওঁৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বাবে য়েদিয়ুৰাপ্পাই পদত্যাগ কৰিব লগা হয় । সদানন্দ গৌড়া আৰু তাৰ পাছত জগদীশ শ্বেট্টাৰ মুখ্যমন্ত্ৰী হয় । য়েদিয়ুৰাপ্পাই বিজেপি ত্যাগ কৰে আৰু ২০১২ চনত কৰ্ণাটক জনতা পাৰ্টি (কেজেপি) নামৰ এটা স্বতন্ত্ৰ দল গঠন কৰে । ২০১৩ চনৰ নিৰ্বাচনত বিজেপিৰ বাবে ই এক ডাঙৰ আঘাত হিচাপে পৰিগণিত হয় । শাসকীয় বিজেপিয়ে মাত্ৰ ৪০ খন আসন লাভ কৰে আৰু জেডি(এছ)ৰ সন্মুখত ই বিৰোধী দল হিচাপে নিজৰ স্থিতিও হেৰুৱায় । সিদ্ধাৰামাইয়া ২০১৩ চনত কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী হয় ।

অৱশ্যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বি এছ য়েদিয়ুৰাপ্পা (B S Yeddyurappa) বিজেপিলৈ উভতি আহে আৰু কৰ্ণাটকত দলটোৱে পুনৰ শক্তি লাভ কৰে । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৪ খন আসন লাভ কৰি একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে আৰু য়েদিয়ুৰাপ্পাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । অৱশ্যে, বিজেপিয়ে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলে । ফলস্বৰূপে, জেডিএছ আৰু কংগ্ৰেছে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে আৰু এইচ ডি কুমাৰস্বামী মুখ্যমন্ত্ৰী হয় ।

২০১৯ চনত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা য়েদিয়ুৰাপ্পাই পুনৰ এবাৰ অপাৰেচন পদুম (লোটাছ) আয়োজন কৰে । যাৰ ফলত কংগ্ৰেছ জনতা দল চেকুলাৰ (জেডিএছ) মিত্ৰজোঁটৰ ১৭ জন বিধায়কে পদত্যাগ কৰে । ইয়াৰ পাছত, য়েদিয়ুৰাপ্পাই ১৩ জন নতুন বিধায়কৰ সমৰ্থনত চৰকাৰ গঠন কৰে । ফলত ২০১৯ চনৰ ডিচেম্বৰত ১৫ টা সমষ্টিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হয় । ইয়াৰ ভিতৰত বিজেপিয়ে ১২ খন, কংগ্ৰেছে দুখন আসন লাভ কৰে আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় লাভ কৰে । অৱশ্যে, কৰ্ণাটক উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ বাবে মুস্কি (ৰাইচুৰ জিলা) আৰু আৰআৰ নগৰ (বাংগালোৰ দক্ষিণ-পশ্চিম) সমষ্টিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল ।

কৰ্ণাটকত ক্ষমতা লাভৰ বাবে অপাৰেচন পদুম ব্যৱহাৰ কৰাৰ ইতিহাস বিজেপিৰ আছে । ২০০৮ চনত, বিজেপিয়ে অপাৰেচন পদুমৰ জৰিয়তে তেওঁলোকৰ সংখ্যা শক্তিশালী কৰাৰ পাছত স্বাধীনভাৱে এখন চৰকাৰ গঠন কৰিছিল । ২০১৯ চনত বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে ক্ষমতা সুৰক্ষিত কৰিবলৈ একেই ৰণনীতি ব্যৱহাৰ কৰিছিল । এই সফল অভিযানৰ দ্বাৰা বিজেপিয়ে ৰাজ্যখনত এক শক্তিশালী স্থিতি স্থাপন কৰে ।

লগতে পঢ়ক :Rahul Gandhi to appear in Surat court: শাস্তি ৰেহাইৰ বাবে চুৰাট আদালতত ৰাহুল গান্ধীৰ আবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.