ETV Bharat / bharat

Operation Ganga : যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা স্বদেশলৈ ১৮৩ গৰাকী ভাৰতীয়ৰ প্ৰত্যাৱৰ্তন - Operation Ganga

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত আছে সংঘৰ্ষ (Russia Ukraine war) । অৱশ্যে দেশখনত আৱদ্ধ বিদেশী নাগৰিকক উদ্ধাৰৰ বাবে ৰাছিয়াই সাময়িক যুদ্ধবিৰতি ঘোষণা কৰিছে । ইয়াৰ মাজতে অপাৰেশ্যন গংগাৰ আন এখন বিশেষ বিমান দিল্লীত উপস্থিত হয় । বিমানখনত আছে ১৮৩ গৰাকী ভাৰতীয় নাগৰিক । কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আদৰণি জনালে বিমানত অহা যাত্ৰীসকলক ।

Operation Ganga
যুদ্ধবিধ্বস্ত ইউক্ৰইনৰ পৰা স্বদেশত ১৮৩ গৰাকী ভাৰতীয়
author img

By

Published : Mar 6, 2022, 10:55 AM IST

নেশ্যনেল ডেস্ক, ৬ মাৰ্চ : ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ অব্যাহত আছে (Russia Ukraine war)। ইয়াৰ মাজতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ প্ৰচেষ্টা চলাই গৈছে ভাৰত চৰকাৰে । এইক্ষেত্ৰত ইউক্ৰেইন আৰু ৰাছিয়া চৰকাৰেও সহযোগিতা আগবঢ়াইছে । ৰাছিয়াই ইউক্ৰেইনৰ দুখনকৈ চহৰত ইতিমধ্যে যুদ্ধ বিৰতি ঘোষণা কৰিছে ।

সেই অঞ্চলত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থী অথবা বিদেশী নাগৰিকক উদ্ধাৰৰ বাবে ৰাছিয়াই বিশেষ পদক্ষেপ লৈছে । ইফালে ভাৰত চৰকাৰৰ তৰফৰ পৰা অপাৰেশ্যন গংগাৰ (Operation Ganga) জৰিয়তে ইতিমধ্যে বহু শিক্ষাৰ্থী আৰু ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে । অপাৰেশ্যেন গংগাৰ অধীনত আন এখন বিশেষ বিমান দেওবাৰে দিল্লীত উপস্থিত হয় ।

Operation Ganga
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা স্বদেশলৈ ১৮৩ গৰাকী ভাৰতীয়ৰ প্ৰত্যাৱৰ্তন

১৮৩ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে বিমানখন ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে (Special flights from Ukraine with 183 Indians) । দিল্লীত উপস্থিত হোৱাৰ পাছতে ভাৰতীয় শিক্ষাৰ্থীসকলক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে । শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে ।

ইফালে ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষক লৈ উদ্বিগ্ন ভাৰত চৰকাৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত প্ৰায় প্ৰতিদিনে ইউক্ৰেইন সংকট সন্দৰ্ভত শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হৈছে । শনিবাৰেও আন এখন বৈঠকৰ আহ্বান জনায় । য'ত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলা আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অপাৰেশ্যন গংগাৰ অধীনত এতিয়ালৈকে ১৩,৩০০ ৰো অধিক লোক ভাৰতলৈ উভতি আহিছে । মন্ত্ৰালয়ে জনোৱা মতে প্ৰায় সকলো ভাৰতীয়ই ইউক্ৰেইনৰ খাৰকিভ চহৰ ত্যাগ কৰিছে । বৰ্তমান চৰকাৰৰ লক্ষ্য হৈছে ইউক্ৰেইনৰ চুমি অঞ্চলৰ পৰা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰা । কিয়নো সেই অঞ্চলত ৰাছিয়াৰ সেনা বাহিনীৰ আক্ৰমণ বৃদ্ধি পোৱাৰ লগতে পৰিবহণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : Russia Ukraine war : ৰাছিয়াৰ যুদ্ধবিৰতি ঘোষণাৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.