আগৰতলা, ১৭ এপ্ৰিল: পৰম্পৰাগত ড্ৰিলিং প্ৰণালীৰ জৰিয়তে ভৌগোলিক ক্ষেত্ৰৰ পৰা গেছ আহৰণ কৰাটো সম্ভৱ নহয়, সেয়েহে অ'এনজিচিয়ে ত্ৰিপুৰাত এক নতুন প্ৰযুক্তিৰে গেছ আহৰণৰ প্ৰচেষ্টা কৰিছে ৷ ইয়াৰ বাবে ইতিমধ্যে মেনেজড প্ৰেচাৰ ড্ৰিলিং প্ৰযুক্তি প্ৰৱৰ্তন কৰা হৈছে (Managed Pressure Drilling)৷
দেওবাৰে আগৰতলাত এক চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি এই সন্দৰ্ভত অ'এনজিচিৰ ত্ৰিপুৰাৰ এছেট(ONGC Tripura asset) মেনেজাৰ তৰুণ মালিকে কয় যে, মেনেজড প্ৰেচাৰ ড্ৰিলিং প্ৰযুক্তিৰে ইতিমধ্যে তিনিটা নতুন ৱেল খন্দা হৈছে ৷ এইসমূহ ভালদৰে পৰীক্ষা কৰা হ’ব ৷ প্ৰথমবাৰৰ বাবে অ'এনজিচিয়ে ত্ৰিপুৰাত এই প্ৰযুক্তি ব্যৱহাৰ পশ্চিম আৰু চেপাহিজালা জিলাত তিনিটা ৱেল খন্দা হয় (ONGC Introduces New Drilling Technology) ৷ কিছু ভৌগোলিক কাৰণত পৰম্পৰাগত পদ্ধতিৰে গেছ সংগ্ৰহ কৰাটো সম্ভৱ নহয় বাবে নতুন প্ৰযুক্ত ব্যৱহাৰ কৰা হৈছে বুলি মন্তব্য কৰে তৰুণ মালিকে৷
অ'এনজিচিৰ এছেট মেনেজাৰজনে লগতে কয় যে, এতিয়াৰ পৰা অ'এনজিচিয়ে ত্ৰিপুৰাত এই নতুন প্ৰযুক্তিটো ব্যৱহাৰ কৰি অধিক ড্ৰিলিং কৰি বিভিন্ন অঞ্চলৰ পৰা গেছ আহৰণ কৰিব । এই মুহূৰ্তত ত্ৰিপুৰাৰ মূল সম্পদ হৈছে গেছ ৷ আগন্তুক দিনত ত্ৰিপুৰাৰ পৰাও সফলতাৰে তেল আহৰণ কৰি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও অ'এনজিচিৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: মোডী আহিব : ১০ হাজাৰ গাড়ী বিচাৰি পৰিবহণ বিভাগত হাহাকাৰ