ETV Bharat / bharat

ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলিত নিহত এজন

One shot dead by BSF in Indo-Bangla borders of Tripura
ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলিত নিহত এজন
author img

By

Published : Feb 1, 2021, 7:36 PM IST

Updated : Feb 1, 2021, 8:07 PM IST

19:03 February 01

ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ ত্ৰিপুৰা জিলাৰ দেৱীপুৰত সীমান্ত সুৰক্ষা বাহিনীৰ গুলিত নিহত এজন লোক ৷ নিহত লোকজন জেছিম মিয়া বুলি জানিব পৰা গৈছে ৷

ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলিত নিহত এজন

আগৰতলা,1 ফেব্ৰুৱাৰী: ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ ত্ৰিপুৰা জিলাৰ দেৱীপুৰত সীমান্ত সুৰক্ষা বাহিনীৰ গুলিত নিহত এজন লোক ৷ নিহত লোকজন জেছিম মিয়া বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, সীমান্ত অঞ্চলত কৰ্তব্যৰত বিএছএফ জোৱানৰ সৈতে মতানক্য হৈছিল জেছিম মিয়াৰ ৷ পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰাত বিএছফ জোৱানে গুলিচালনা কৰে লোকজনৰ ওপৰত ৷ অৱশ্যে ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনোধৰণৰ মতামত প্ৰকাশ কৰা নাই সীমান্ত সুৰক্ষা বাহিনীয়ে ৷

ঘটনা অনুসৰি, জেছিমৰ পিতৃ খালিদ মিয়াই সীমান্ত সংলগ্ন অঞ্চলত প্ৰত্যেক দিনৰ দৰে গৰু চৰাবলৈ গৈছিল ৷ কিন্তু জেছিমৰ অভিযোগ আছিল নতুনকৈ কৰ্তব্যত যোগদান কৰা কেইগৰাকীমান সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে তেওঁৰ পিতৃক বলপূৰ্বকভাৱে সেই ঠাইৰ পৰা খেদি পঠিয়ায় ৷ স্থানীয় কিছু লোকে ঘটনাটো প্ৰত্যক্ষ কৰাৰ পাছতহে বিএছএফ জোৱানকেইজনে তেওঁক যাবলৈ দিয়ে ৷ ইয়াৰ পিছতেই ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ বিএছএফ শিবিৰলৈ ৰাওনা হৈছিল জেছিম ৷  

ঘটনাসন্দৰ্ভত অৱগত হোৱাৰ পিছতেই স্থানীয় লোকে জেছিমক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰিব বিচাৰে কিন্তু বিএছএফে ইয়াত অনুমতি প্ৰদান নকৰে ৷ শীঘ্ৰে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰা হয় আৰু জেছিমক বেলনিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু চিকিৎসকে জেছিমক মৃত ঘোষণা কৰে ৷ পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজে ৰাজপথ অবৰোধ কৰে ৷ জেছিমৰ মাতৃয়ে বিএছএফ জোৱানে তেওঁৰ পুত্ৰক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰি অতিশীঘ্ৰে ঘটনাৰ উচিত তদন্ত বিচাৰিছে ৷

লগতে পঢ়ক-বাজেট সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া : লাগিছিল ষ্টেৰয়’ড,দিলে পেৰাচিটামল

Last Updated : Feb 1, 2021, 8:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.