ETV Bharat / bharat

Amarnath Yatra 2023: 300 ফুট উচ্চতাৰ পৰা পিচলি মৃত্যু তীৰ্থযাত্ৰীৰ - পৱিত্ৰ অমৰনাথ গুহা দৰ্শন

অমৰনাথ গুহাত প্ৰৱেশ কৰি ওভতাৰ পথতে মৃত্যু হ’ল এগৰাকী অমৰনাথ যাত্ৰীৰ ৷ 300 ফুট উচ্চতাৰ পৰা পিচলি মৃত্যু তীৰ্থযাত্ৰীগৰাকীৰ ৷ তীৰ্থযাত্ৰীগৰাকী বিজয় কুমাৰ শ্বাহ (50) বুলি জানিব পৰা গৈছে ৷

Amarnath Yatra 2023
300 ফুট উচ্চতাৰ পৰা পিচলি মৃত্যু তীৰ্থযাত্ৰীৰ
author img

By

Published : Aug 19, 2023, 7:32 AM IST

নেশ্যনেল ডেস্ক, 19 আগষ্ট: পুনৰ শোকাৱহ ঘটনা অমৰনাথ যাত্ৰাত ৷ 300 ফুট তললৈ পিচলি পৰাৰ ফলত মৃত্যু হয় এগৰাকী তীৰ্থযাত্ৰীৰ ৷ মাউণ্টেন ৰেচকিউ টিম আৰু সেনাই যৌথভাৱে অভিযান চলাই তীৰ্থযাত্ৰীজনক উদ্ধাৰ কৰিছিল যদিও পিছলৈ তেওঁৰ মৃত্যু হয় বুলি জন্মু আৰু কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

49 দিনীয়া এই যাত্ৰা অব্যাহত থকাৰ সময়তে কালী মাতাৰ সমীপত পৰি তীৰ্থযাত্ৰীগৰাকীৰ মৃত্যু হয় । তীৰ্থযাত্ৰীগৰাকী বিজয় কুমাৰ শ্বাহ (50) বুলি চিনাক্ত কৰা হৈছে ৷ বিহাৰৰ ৰোহতাছৰ টুম্বা গাঁৱৰ নিবাসী বুলি জানিবলৈ পৰা গৈছে তীৰ্থযাত্ৰীগৰাকীক । তেওঁৰ লগত আছে আন এগৰাকী তীৰ্থযাত্ৰী মমতা কুমাৰী ।

পৱিত্ৰ অমৰনাথ গুহা দৰ্শন কৰি উভতি অহাৰ সময়তে কালিমাতাৰ সমীপৰ ট্ৰেকৰ পৰা পিচলি 300 ফুট তলত পৰি মৃত্যু ঘটে বিজয় নামৰ তীৰ্থযাত্ৰীগৰাকীৰ । তেওঁৰ লগত থকা মহিলাগৰাকীও আহত হয় বুলি জানিব পৰা গৈছে । চিকিৎসাৰ বাবে ব্ৰাৰিমাৰ্গ বেছ কেম্প হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে মহিলাগৰাকীক । বিজয় কুমাৰৰ মৃতদেহ উদ্ধাৰ কৰি বাল্টাল বেছ কেম্প হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

ইফালে, কটকটীয়া নিৰাপত্তাৰ অধীনত শনিবাৰৰ পুৱাই সমীপৰ ভাগৱতী নগৰ যাত্ৰী নিৱাসৰ পৰা বালতাল আৰু নুনৱান পহলগামৰ টুইন ট্ৰেকলৈ ৰাওনা হয় 656 গৰাকী তীৰ্থযাত্ৰীৰ 40 নং দলটো । ইয়াৰে 370 জন তীৰ্থযাত্ৰীয়ে আটাইতকৈ চুটি কিন্তু ভূখণ্ডৰ বাল্টাল ট্ৰেক পছন্দ কৰাৰ বিপৰীতে 286 গৰাকী তীৰ্থযাত্ৰীয়ে আটাইতকৈ দীঘল কিন্তু পৰম্পৰাগত নুনৱান-পাহলগাম ট্ৰেক পছন্দ কৰে ।

বিষয়াসকলে জনোৱা মতে, আজি সন্ধিয়ালৈকে মধ্য কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ বাল্টাল আৰু দক্ষিণ কাশ্মীৰ জিলা অনন্তনাগৰ নুনৱান-পহলগামৰ টুইন ট্ৰেকৰ পৰা অমৰনাথ গুহাত 1073 গৰাকী তীৰ্থযাত্ৰীয়ে দৰ্শন কৰিব । ইয়াৰ লগে লগে চলিত বৰ্ষৰ 1 জুলাইত টুইন ট্ৰেকৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত পৱিত্ৰ গুহা ভ্ৰমণ কৰা মুঠ তীৰ্থযাত্ৰীৰ সংখ্যা 4,39,845 লৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: Rahul Gandhi : পুনৰ 2024 ত কংগ্ৰেছৰ একালৰ দুৰ্গ আমেথিত ৰাহুল গান্ধী ৰণডংকা!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.