ETV Bharat / bharat

Cheetah Dies At Kuno : মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আৰু এটা চিতাৰ মৃত্যু

author img

By

Published : Aug 2, 2023, 8:33 PM IST

কুনো ৰাষ্ট্ৰীয় উদ্যানত আৰু এটা চিতাৰ মৃত্যু হৈছে ৷ বুধবাৰে মধ্য প্ৰদেশ বন বিভাগৰ এক বিবৃতিত প্ৰকাশ পাইছে এই তথ্য ৷

One more cheetah dies at Kuno
কুনো ৰাষ্ট্ৰীয় উদ্যানত আৰু এটা চিতাৰ মৃত্যু

নিউজ ডেস্ক, 2 আগষ্ট : বুধবাৰে মধ্য প্ৰদেশ বন বিভাগৰ এক বিবৃতি অনুসৰি মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আৰু এটা চিতাৰ মৃত্যু হৈছে, যাৰ ফলত মাৰ্চৰ পৰা এতিয়ালৈকে ষষ্ঠটো প্ৰাপ্তবয়স্ক চিতাৰ মৃত্যু হৈছে ৷ বিবৃতিটোত কোৱা হৈছে যে, "আজি পুৱা, এজনী মাইকী চিতা - ধাত্ৰী (টিবলিচি) মৃত অৱস্থাত পোৱা গৈছে ৷ মৃত্যুৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে ৷"

কুনোৰৰ বোমাত 14 টা চিতা; সাতটা মতা, ছজনী মাইকী আৰু এজনী মাইকী পোৱালি ৰখাৰ বিপৰীতে এজনী মাইকী চিতা মুকলিকৈ ৰখা হৈছে আৰু ইয়াক এটা দলে তীব্ৰভাৱে নিৰীক্ষণ কৰি আছে ৷ বিবৃতিটোত কোৱা হৈছে যে, এই মাইকী চিতাজনীক স্বাস্থ্য পৰীক্ষাৰ বাবে ব’মালৈ ঘূৰাই অনাৰ প্ৰচেষ্টা চলি আছে ৷

লগতে পঢ়ক : Tree Plantation in Assam: ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত ৰোপণ কৰা হ'ব এক কোটি গছপুলি

উল্লেখযোগ্য যে, বিশ্বৰ প্ৰথম আন্তঃমহাদেশীয় স্থানান্তৰ প্ৰকল্পৰ অধীনত ভাৰতলৈ ২০ টা চিতা অনা হৈছিল ৷ ইয়াৰ পূৰ্বেও আন এটা চিতাৰ মৃত্যু হৈছিল ৷ নামিবিয়াৰ পৰা অনা 5 বছৰীয়া ছাছা নামৰ আন এটা চিতাৰ মৃত্যু হৈছিল ৷ ছাছাক 8 টা চিতাৰ সৈতে কুনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ জন্মদিন উপলক্ষে মুকলি কৰিছিল ৷

প্ৰজেক্ট চিতাৰ অধীনত, নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ মুঠ 20 টা ৰেডিঅ' কলাৰ যুক্ত চিতা আমদানি কৰা হৈছিল আৰু পিছত নামিবিয়াৰ পৰা অনা চিতা 'জ্বালা'ৰ পৰা চাৰিটা পোৱালী জন্ম হৈছিল ৷ এই 24 টা চিতাৰ ভিতৰত, তিনিটা পোৱালীসহ নটাৰ মৃত্যু হৈছে ৷

উল্লেখ্য যে, কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ মৃত্যুক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ে দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ পৰা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা 40 শতাংশ চিতাৰ মৃত্যুৱে 'প্ৰকল্প চিতা'ৰ 'ভাল ছবি' উপস্থাপন নকৰে বুলি মন্তব্য কৰিছিল ৷ শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই জন্তুবিধ বিভিন্ন অভয়াৰণ্যলৈ স্থানান্তৰ কৰাটো সম্ভৱ হয়নে নহয় সেয়া পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিছিল ৷

লগতে পঢ়ক : Rhino body recovered: মানাহ ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত গঁড় উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.