তেজপুৰ, 5 আগষ্ট: অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আন এজন অভিযুক্তক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । অৰুণাচল প্ৰদেশৰ শিক্ষা বিভাগৰ গাণনিক বিষয়া যাছি ৱাংছোঁৰ নেতৃত্বত বিশেষভাৱে গঠন কৰা আৰক্ষীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে শিক্ষক নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত আনজন অভিযুক্তক ।
পূৱ অৰুণাচল প্ৰদেশৰ লংডিং জিলাত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শিক্ষা বিভাগৰ 28 গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিত বিসংগতি হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে অৰুণাচল প্ৰদেশ চৰকাৰে গ্ৰহণ কৰে তৎপৰতা ৷ এই কেলেংকাৰীৰ থ্য উদ্ঘাটন কৰিবলৈ অৰুণাচল প্ৰদেশ চৰকাৰে এক বিশেষ তদন্ত কমিটি গঠন কৰি দিয়ে ।
এই বিষয়ত SIC (VIG) PSC/NO.02/2023 U/S120 (B)/420 /409{468/471 IPC R/W Sec.13(2) PC Act.1988 ৰ অধীনত গোচৰ ৰুজু কৰিছিল অৰুণাচল প্ৰদেশ আৰক্ষীয়ে । অৱশেষত তদন্ত কমিটিয়ে জিলা শিক্ষা বিভাগৰ TGI Accounts বিষয়া DDSE ক দোষী সাব্যস্ত কৰি গ্ৰেপ্তাৰ কৰে । এই গ্ৰেপ্তাৰৰ পূৰ্বে এই কেলেংকাৰীৰ সৈতে জড়িত আন এজন লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিছিল ।
অৰুণাচল প্ৰদেশ সচিবালয়ৰ পৰা প্ৰকাশিত এক জাননীযোগে লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । উত্তৰ-পূবৰ ৰাজ্যখনত অবৈধভাৱে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিয়োগ কৰা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ এজন অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া তথা শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক জোমডো লোনাক (61) গ্ৰেপ্তাৰ কৰিছিল ৷ লোনাকৰ বাসগৃহৰ পৰা বিশেষ অনুসন্ধান কোষে গ্ৰেপ্তাৰ কৰে ।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰাজ্যখনৰ প্ৰশাসনিক বিষয়া নিযুক্তি প্ৰক্ৰিয়াত এক বিসংগতি ধৰা পৰিছিল আৰু বিষয়টো উচ্চস্তৰৰ কমিটিয়ে তদন্ত অব্যাহত ৰাখিছে । অৰুণাচল প্ৰদেশই ৰাজ্যিক লোক সেৱা আয়োগৰ পৰীক্ষাত প্ৰশ্নকাকত লিকেজ গোচৰৰ সন্দৰ্ভত এজন প্ৰাৰ্থী আৰু এজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শিক্ষকসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে ।