ETV Bharat / bharat

Smuggle Seahorse Worth Crores: শিলিগুৰিত কোটি টকাৰ সামুদ্ৰিক ঘোঁৰাৰ চোৰাং সৰবৰাহ - মূল্যবান সামগ্ৰীৰ চোৰাং বেহা

শিলিগুৰিত অব্যাহত আছে বন্যপ্ৰাণীৰ অংগ-প্ৰতংগৰ চোৰাং বেহা (Smuggling in Siliguri corridor)৷ চহৰখনৰ নক্সালবাৰী খণ্ডৰ পৰা বন বিভাগে 5 কিলোগ্ৰাম সামুদ্ৰিক ঘোঁৰাসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়(One arrested for trying to smuggle seahorse) ৷

One arrested in Siliguri for allegedly trying to smuggle seahorse worth crores
শিলিগুৰিত কোটি টকাৰ সাগৰীয় ঘোঁৰাৰ চোৰাং সৰবৰাহ
author img

By

Published : Jan 25, 2023, 8:14 PM IST

নেশ্যনেল ডেস্ক, ২৫ জানুৱাৰী: পশ্চিম বংগৰ শিলিগুৰি কৰিডৰৰ মাজেৰে বন্য জীৱৰ লগতে ভিন্ন মূল্যবান সামগ্ৰীৰ চোৰাং বেহা ক্ৰমাৎ বৃদ্ধি হৈছে (Smuggling in Siliguri corridor) ৷ চোৰাংভাৱে সৰবৰাহ কৰা সামগ্ৰীবোৰৰ ভিতৰত আছে সোণ, হীৰা, হাতীৰ দাঁত, বাঘৰ ছাল, ভালুকৰ নখ ৷

বুধবাৰে পুনৰ শিলিগুৰিত বন বিভাগে কোটি কোটি টকাৰ সামুদ্ৰিক ঘোঁৰাৰ চোৰাং সৰবৰাহ কৰিবলৈ আনোতেই হাতে লোটে ধৰা পেলায় (One arrested for trying to smuggle seahorse) ৷ ইয়াৰ লগতে এই ঘটনাৰ লগত সন্দেহ কৰি বন বিভাগে এটা সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি এক গোপন সূত্ৰৰ পম খেদি শিলিগুৰিৰ চহৰখনৰ কুৰ্চিয়াং বন বিভাগৰ ঘোষপুকুৰ, টুকুৰিয়াজহাৰ ৰেঞ্জ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৱে বুধবাৰে পুৱতি নিশা শিলিগুৰিৰ কাষৰ নক্সালবাৰী খণ্ডত এক অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে সন্দেহজনক এজন লোকক আটক কৰি তালাচী চলোৱাৰ পিছতে তেওঁৰ পৰা ৫ কিলোগ্ৰাম মৃত সামুদ্ৰিক ঘোঁৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত সামুদ্ৰিক ঘোঁৰাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১.৫ কোটি টকা (smuggle seahorse worth crores)।

বন বিভাগৰ সূত্ৰ অনুসৰি, লোকজনৰ নাম ফৈজ আহমেদ ৷ ফৈজ উত্তৰ দিনাজপুৰ জিলাৰ ধালিগাওঁ গাঁৱৰ বাসিন্দা ৷ বন বিভাগৰ তালাচীত ব্যক্তিজনৰ পৰা কেইবাখনো ভুৱা নথি-পত্ৰ আৰু পৰিচয়পত্ৰ উদ্ধাৰ কৰা হয় ৷ আৰক্ষীৰ জেৰাত ফৈজে স্বীকাৰ কৰে যে বিৰল প্ৰজাতিৰ সামুদ্ৰিক ঘোঁৰাকেইটা নক্সালবাৰী হৈ চীনলৈ চোৰাংকৈ অনা হৈছিল।

ইতিমধ্যে অভিযুক্তটোক শিলিগুৰি আদালতলৈ প্ৰেৰণ কৰা হৈছে ৷ ঘোষপুকুৰৰ ৰেঞ্জাৰ সোনম ভূটিয়াই এই সন্দৰ্ভত কয় যে সামুদ্ৰিক ঘোঁৰা হৈছে বিৰল প্ৰজাতিৰ জীৱ ৷ ই দুটা প্ৰজাতিৰ আছে । ইয়াক মুখ্যতঃ ৰামেশ্বৰম অঞ্চলত পোৱা যায় ৷

কিন্তু উক্ত সামুদ্ৰিক ঘোঁৰাখিনি অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোয়ে পৰীক্ষা কৰি কয় যে এইখিনি ৰামেশ্বৰমৰ বাহিৰৰ পৰা অনা হৈছে । এই সামুদ্ৰিক ঘোঁৰাৰ চোৰাং সৰবাৰহৰ লগত আন কোনো লোক জড়িত আছে নে নাই সেয়া এতিয়াও অনুসন্ধান কৰি থকা হৈছে ৷ বন বিভাগৰ লোকে চোৰাং ব্যৱসায়ত ব্যৱহৃত এখন বাইক জব্দ কৰিছে।

লগতে পঢ়ক: Recovered weapons in Sonitpur: শোণিতপুৰত অস্ত্ৰসহ আটক তিনি চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.