ETV Bharat / bharat

'সদ্ভাৱনা দিৱস'ত কি প্ৰতিজ্ঞা ল'লে উত্তৰ প্ৰদেশ চৰকাৰৰ বিষয়াই ? - প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী

আজি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী(Rajiv Gandhi)ৰ ৭৭ সংখ্যক জন্ম বাৰ্ষিকী । সমগ্ৰ দেশতে এই বিশেষ দিনটো 'সদ্ভাৱনা দিৱস'('Sadbhavna Diwas') হিচাপে পালন কৰা হয় । এই বিশেষ দিনটোত জাতি, সম্প্ৰদায়, ধৰ্ম আৰু ভাষাৰ ওপৰত ভিত্তি কৰি বৈষম্য নকৰিবলৈ প্ৰতিজ্ঞা ল'বলৈ চৰকাৰী বিষয়াসকলক নিৰ্দেশ দিলে উত্তৰ প্ৰদেশ চৰকাৰে(UP government) ।

Sadbhavna Diwas Pratigya
'সদ্ভাৱনা দিৱস'ত কেইটামান প্ৰতিজ্ঞা ল'বলৈ বিষয়াসকলক নিৰ্দেশ দিলে উত্তৰ প্ৰদেশ চৰকাৰে
author img

By

Published : Aug 20, 2021, 4:51 PM IST

নেশ্যনেল ডেস্ক, ২০ আগষ্ট: শুকুৰবাৰে সমগ্ৰ দেশতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী(Rajiv Gandhi)ৰ জন্ম বাৰ্ষিকী উপলক্ষে 'সদ্ভাৱনা দিৱস'('Sadbhavna Diwas') পালন কৰা হয় । ৪০ বছৰ বয়সতে দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ৰাজীৱ গান্ধীয়ে সদায় দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি আহিছিল । ভাৰতক দুৰ্নীতিমুক্ত দেশ হিচাপে গঢ়াৰ সপোন দেখা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে সম দৃষ্টিৰে চাই সকলোকে সমান অধিকাৰ প্ৰদানৰ পোষকতা কৰিছিল । সেয়ে, আজি ভাৰতবাসীয়ে পাহৰা নাই প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ নীতি-আদৰ্শ ।

শুকুৰবাৰে 'সদ্ভাৱনা দিৱস'ত উত্তৰ প্ৰদেশ চৰকাৰে বিষয়াসকলক কেইটামান বিশেষ প্ৰতিজ্ঞা ল'বলৈ নিৰ্দেশ দিয়ে । এই বিশেষ দিনটোত জাতি, সম্প্ৰদায়, ধৰ্ম আৰু ভাষাৰ ওপৰত ভিত্তি কৰি বৈষম্য নকৰিবলৈ প্ৰতিজ্ঞা ল'বলৈ চৰকাৰী বিষয়াসকলক নিৰ্দেশ দিলে উত্তৰ প্ৰদেশ চৰকাৰে(UP government) । লগতে সকলো ভাৰতীয় নাগৰিকৰ মাজত যাতে একতা আৰু সম্প্ৰীতি অক্ষুণ্ণ থাকে তাৰ বাবে কাম কৰাৰ প্ৰতিজ্ঞা ল'বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে । প্ৰধান সচিব জীতেন্দ্ৰ কুমাৰে আৰক্ষী সঞ্চালক প্ৰধান, উপায়ুক্ত, জিলা বিষয়া আৰু অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াসকললৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

এই পত্ৰৰ জৰিয়তে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰি চৰকাৰী বিষয়াসকলক 'সদ্ভাৱনা দিৱস প্ৰতিজ্ঞা' ল'বলৈ নিৰ্দেশ দিয়ে ।

১৯৪৪ চনৰ আজিৰ দিনটোতে মুম্বাইত তেওঁৰ জন্ম হৈছিল । ১৯৮৪ চনত মাতৃ তথা তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ৰাজীৱ গান্ধীয়ে কংগ্ৰেছৰ দায়িত্ব গ্ৰহণ কৰিছিল । তেওঁ ভাৰতৰ কনিষ্ঠ প্ৰধানমন্ত্ৰী আছিল । ১৯৯১ চনৰ ২১ মে'ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত অনুষ্ঠিত এক নিৰ্বাচনী সভাত লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলাম(Liberation Tigers of Tamil Eelam)ৰ আত্মঘাতী বোমাৰুৱে সংঘটিত কৰা বিস্ফোৰণত ৰাজীৱ গান্ধীৰ মৃত্যু হয় ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ খ্ৰিও পাম্পোৰত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.