ETV Bharat / bharat

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি; 31 টুকুৰা কৰি জংঘলত পুতিলে প্ৰাক্তন প্ৰেমিকাক

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 9:57 PM IST

ওড়িশাৰ পৰা গাৰ নোম শিয়ৰি উঠা এক ঘটনা পোহৰলৈ আহিছে । এগৰাকী লোকে তেওঁৰ পত্নীৰ সৈতে মিলি আন এগৰাকী মহিলাক হত্যা কৰে । অভিযোগ অনুসৰি, বিগত কেইবছৰমান ধৰি লোকজনৰ সৈতে সম্পৰ্কত আছিল ভুক্তভোগী জনজাতীয় মহিলাগৰাকী । আনহাতে, হত্যাৰ পিছত মহিলাগৰাকীৰ মৃত্যদেহটো অৰণ্যত পুতি থোৱাৰ পূৰ্বে দম্পতীটোৱে কেইবাটাও টুকুৰা কৰি কাটি পেলাইছিল । দুয়োকে দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

Odisha news
Odisha news

নিউজ ডেস্ক, ২৬ নৱেম্বৰ : ওড়িশাৰ নবৰংপুৰ জিলাৰ ৰায়গড় আৰক্ষী থানাৰ অন্তৰ্গত মুৰুমাদিহীৰ ওচৰৰ এখন অৰণ্যত এগৰাকী মহিলাৰ খণ্ড-বিখণ্ড মৃতদেহ উদ্ধাৰ হৈছে । মহিলাগৰাকীক হত্যা কৰি তেওঁৰ মৃতদেহটো ৩১ টুকুৰা কৰি পুতি থোৱা হৈছিল । হত্যাৰ অভিযোগত দেওবাৰে এটা দম্পতীক গ্ৰেপ্তাৰ কৰা হয় ।

শনিবাৰে ২১ বছৰীয়া তিলাবাই নামৰ মহিলাগৰাকীৰ মৃতদেহৰ টুকুৰাবোৰ অৰণ্যৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় । আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জনজাতীয় মহিলাগৰাকীৰ মৃতদেহটোৰ প্ৰায় ৩১ টুকুৰা সমাধিস্থ কৰি থোৱাৰ পৰা উদ্ধাৰ হৈছে । ৰায়গড় আৰক্ষীয়ে দেওবাৰে অভিযুক্ত চন্দ্ৰ ৰাউত আৰু তেওঁৰ পত্নী ছিয়াক গ্ৰেপ্তাৰ কৰে । পাপাদাহান্দিৰ এছডিপিঅ' আদিত্য সেনে জনোৱা মতে, মহিলাগৰাকীয়ে ত্ৰিকোণ প্ৰেমৰ ভয়ানক পৰিণতি ভুগিবলগা হয় ।

সূত্ৰ অনুসৰি, ভুক্তভোগী মহিলাগৰাকী দুবছৰ ধৰি চন্দ্ৰ ৰাউতৰ সৈতে সম্পৰ্কত আছিল । মহিলাগৰাকীয়ে তেওঁক বাৰে বাৰে বিয়া কৰিবলৈ কৈ আহিছিল । বুধবাৰে নিশা তিলাবায়ে ঘৰত কাকো নজনোৱাকৈ তেওঁৰ প্ৰেমিক চন্দ্ৰৰ ঘৰত উপস্থিত হয় । তাৰ পিছত তেওঁলোকৰ মাজত তীব্ৰ তৰ্কাতৰ্কি হয় । তাত তিলাবায়ে পুনৰ তেওঁক বিয়া কৰাবলৈ চন্দ্ৰক হেঁচা দিয়ে ।

কিন্তু উক্ত বিবাদৰ পিছত চন্দ্ৰ আৰু তেওঁৰ পত্নীয়ে মিলি তিলাবাইক হত্যা কৰে । তাৰ পিছত ঘৰৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰৈত থকা অৰণ্যত তেওঁৰ মৃতদেহটো পুতি থয় । কিন্তু তাৰ পূৰ্বে তেওঁলোকে মহিলাগৰাকীৰ শৰীৰটো ৩১ টুকুৰাকৈ কাটে । আৰক্ষীয়ে মৃতদেহটো কাটিবলৈ ব্যৱহাৰ কৰা চোকা অস্ত্ৰও বিচাৰি পাইছে । ইয়াৰ পিছত অভিযুক্ত দম্পতীটোক গ্ৰেপ্তাৰ কৰে ।

"আমি গোচৰটোৰ সন্দৰ্ভত দম্পতীটোক গ্ৰেপ্তাৰ কৰিছোঁ । ঘটনাটোৰ অধিক তদন্ত বৰ্তমান চলি আছে । তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত সঠিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।" পাপাদাহান্দিৰ এছডিপিঅ' আদিত্য সেনে কয় ।

লগতে পঢ়ক: সামাজিক মাধ্যমত সমালোচনা সহিব নোৱাৰি আত্মহত্যা কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.