ETV Bharat / bharat

Omicron cases in Odisha : অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্ত ওড়িশাৰ দুজন লোক

author img

By

Published : Dec 21, 2021, 1:03 PM IST

বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো শেহতীয়াকৈ বৃদ্ধি পাইছে কৰ'ণাৰ ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ । এইবাৰ ওড়িশাৰ দুজন লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি(Two cases of Omicron confirmed in Odisha) । অ'মিক্ৰণ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহা ৰাজ্যৰ তালিকাত দ্বাদশ স্থানত আছে ওড়িশা ।

2 Omicron positive cases detected in Odisha
অমিক্ৰণৰ দ্বাৰা আক্ৰান্ত ওড়িশাৰ দুজন লোক

নেশ্যনেল ডেস্ক, ২১ ডিচেম্বৰ: ওড়িশাতো আৰম্ভ হৈছে ক'ভিড-১৯ৰ ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ । ভূৱনেশ্বৰৰ লাইফ চায়েন্স প্ৰতিষ্ঠানে নিশ্চিত কৰিছে যে, ৰাজ্যখনৰ দুজন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ ভেৰিয়েণ্ট অ'মিক্ৰণৰ অৱস্থিতি(2 Omicron positive cases detected in Odisha) । দুয়োজন ৰোগীয়েই কিছু দিন পূৰ্বে বিদেশ ভ্ৰমণৰ বাবে গৈছিল । নাইজেৰিয়া আৰু কাটাৰলৈ গৈছিল লোক দুজন(Nigeria, Qatar returnee tests positive for Omicron) ।

বিদেশৰ পৰা উভতি অহা মুঠ ৭ লোকৰ নমুনা জিনোম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হৈছিল । ইয়াৰে ভিতৰত দুজন লোক অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত হয় । অ'মিক্ৰণ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহা ৰাজ্যৰ তালিকাত ওড়িশা দ্বাদশ স্থানত আছে । আনহাতে, ওড়িশাত দুজন লোক আক্ৰান্ত হোৱাৰ পাচত দেশত অ'মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যা ১৭৩ জনলৈ বৃদ্ধি পায় ।

আক্ৰান্তৰ সংখ্যা বৃদ্ধিয়ে আতংকিত কৰিছে জনসাধাৰণক । চৰকাৰেও সকলোকে সাৱধনতা অৱলম্বন কৰিবলৈ সকীয়াই দিছে ।

লগতে পঢ়ক:Omicron in India : 31 ডিচেম্বৰলৈকে অব্যাহত থাকিব নৈশ সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.