নেচনেল ডেস্ক, 12 মাৰ্চ : লখিমপুৰ খেৰী ঘটনাৰ পুনৰাবৃত্তি ঘটিল ওড়িশাত (repeat of Lakhimpur Kheri incident in Odisha) । কেইমাহমান আগতে উত্তৰ প্ৰদেশৰ লখিমপুৰত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই কৃষকসকলৰ ওপৰত এখন গাড়ী চলাই নিয়াৰ অভিযোগ উত্থাপিত হৈছিল ৷ অনুৰূপ ধৰণে এইবাৰ ওড়িশাৰ বিধায়ক প্ৰশান্ত জগদেৱে ভিৰৰ মাজত তেওঁৰ বাহন চলাই নিয়াৰ ফলত বহু লোক আহত হৈছে (Odisha MLA rammed his vehicle into crowd) ।
এই ঘটনাটোত ক্ৰোধিত হৈ বিজেডিৰ পৰা নিলম্বিত বিধায়কগৰাকীক পঞ্চায়ত সমিতিৰ অধ্যক্ষ নিৰ্বাচনৰ সময়ত খুৰ্দা জিলাৰ বনপুৰ খণ্ড কাৰ্যালয়ৰ সন্মুখত এদল লোকে নিৰ্মমভাৱে আক্ৰমণ কৰে (MLA Prashant Jagdev thrashed by irate locals) । জনতাৰ এই আক্ৰমণত তেওঁৰ বাহনখনো ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয় ।
উল্লেখযোগ্য যে, তেওঁৰ বাহনৰ খুন্দাত আৰু পৰৱৰ্তী সময়ত ইয়াকলৈ হোৱা সংঘৰ্ষত দুজন সাংবাদিক আৰু ৭ জন আৰক্ষীসহ ২০ জনৰো অধিক লোক আহত হৈছে । ৰাইজে অভিযোগ কৰিছে যে, ঘটনাৰ সময়ত বিধায়কগৰাকী নিচাসক্ত অৱস্থাত আছিল ।প্ৰতিবেদন অনুসৰি, জগদেৱ অধ্যক্ষ নিৰ্বাচনৰ বাবে বনপুৰ ব্লকলৈ গৈ আছিল ।
ব্লক কাৰ্যালয়ৰ সন্মুখত যথেষ্ট ভিৰ হৈছিল কিন্তু জগদেৱে তেওঁৰ বাহনখন ভিৰৰ মাজত লৈ গৈছিল আৰু ইয়াৰ পিছতে তেওঁৰ বাহনখনে কৰ্তব্যৰত এগৰাকী মহিলা আৰক্ষীকে ধৰি কেইবাজনো লোকক খুন্দিয়াই । ইয়াৰ পিছত ক্ষুব্ধ জনতাই তেওঁক আক্ৰমণ কৰাৰ লগতে তেওঁৰ বাহনখনকো আক্ৰমণৰ লক্ষ্য হিচাপে লয় ।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত বিধায়ক জগদেৱক অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে ততাতৈয়াকৈ ভুৱনেশ্বৰৰ এখন চিকিৎসালয়লৈ লৈ যায় । এইখিনিতে উল্লেখ কৰিব লাগিব যে, জগদেৱৰ বিৰুদ্ধে প্ৰায়ে গুণ্ডামিত লিপ্ত হোৱাৰ বাতৰিত প্ৰকাশ হৈ আহিছে । জগদেৱক যোৱা বছৰ ছেপ্টেম্বৰ মাহত চিলিকা হ্ৰদৰ ওচৰত এজন বিজেপি নেতাক আক্ৰমণ কৰাৰ বাবে বিজেডিৰ পৰা নিলম্বিত কৰা হৈছিল, ঘটনাটোৰ সন্দৰ্ভত তেওঁক এমাহ পিছত গ্ৰেপ্তাৰো কৰা হৈছিল ।
লগতে পঢ়ক : ৰাজ্যসভাৰ আসনখন আমাক দিয়ক : ছোনিয়াক আৰ্জি জনাবলৈ দিল্লীলৈ টীম আজমল