নেশ্যনেল ডেস্ক,26 এপ্ৰিল: সমগ্ৰ দেশৰ লগতে কাল ক'ৰণাই সংহাৰী ৰূপ ধৰিছে ওড়িশাটো ৷ ওড়িশাত মহামাৰী ক'ৰণাই প্ৰাণ ল'লে এগৰাকী সাংবাদিকৰ ৷ পূৰ্বে ইটিভি ভাৰতৰ সৈতে কাম কৰা আমজাদ বাদশ্বাহ নামৰ সাংবাদিক গৰাকীয়ে দেওবাৰে ক'ৰণাত আক্ৰান্ত হৈ 45 বছৰতে মৃত্যু মুখত পৰে ৷
সাংবাদিক গৰাকীয়ে 7 এপ্ৰিলত স্বাস্থ্যা পৰীক্ষী কৰাত দেহত ক'ভিড-19ৰ উপস্থিতি ধৰা পৰে ৷ তাৰ পাচতে সাংবাদিক গৰাকীক ৰাউৰকেলাৰ জয় প্ৰকাশ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইটিভি ভাৰতৰ সৈতে কাম কৰাৰ লগতে বহু আগশাৰীৰ সংবাদ মাধ্যমত কাম কৰা সাংবাদিক গৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে সতীৰ্থ সকল ৷
লগতে পঢ়ক: সোমবাৰে কৰ্ণাটকৰ লক ডাউনৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা