ETV Bharat / bharat

Odisha Health Minister Shot: নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ গুলীত ঢলি পৰিল ওডিশাৰ স্বাস্থ্যমন্ত্ৰী

author img

By

Published : Jan 29, 2023, 3:25 PM IST

Updated : Jan 29, 2023, 8:13 PM IST

ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাস গুলীবিদ্ধ ৷ এগৰাকী আৰক্ষী বিষয়াই গুলীচালনা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীক ৷ সংকটজনক অৱস্থাত স্বাস্থ্যমন্ত্ৰীগৰাকীক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ৷

Odisha Health Minister Shot
ডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাস আৰক্ষীৰ গুলীত আহত
ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাস আৰক্ষীৰ গুলীত আহত;

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী: ওডিশাৰ স্বাস্থ্যমন্ত্ৰীলৈ লক্ষ্য কৰি গুলীচালনা(Odisha Health Minister Shot) ৷ গুলীচালনাত গুৰুতৰভাৱে আহত স্বাস্থ্যমন্ত্ৰী নৱ দাস (Odisha Health minister Naba Das) ৷ বুকুত গুলীবিদ্ধ হৈছে স্বাস্থ্যমন্ত্ৰীগৰাকী ৷ এগৰাকী আৰক্ষী বিষয়াই স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি কৰে গুলীচালনা(Odisha Health minister shot by a cop) ৷

ওডিশাৰ গান্ধী চ'কত সংঘটিত হৈছে এই ঘটনা ৷ বাৰাজৰাজনগৰত এক অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে গৈছিল স্বাস্থ্যমন্ত্ৰীগৰাকী ৷ গাড়ীৰ পৰা নমাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ সম্প্ৰতি অতি সংকটজনক অৱস্থাত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ(Odisha Health Minister shot in the chest) ৷

ইতিমধ্যেই আটক কৰা হৈছে গুলীচালনা কৰা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীক ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি 5 জাঁই গুলী নিক্ষেপ কৰে আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে ৷ গুলীচালনাত আহত হৈছে এগৰাকী স্থানীয় যুৱকৰ লগতে এগৰাকী আৰক্ষী বিষয়াও ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ক্ৰাইম ব্ৰাঞ্চে আৰম্ভ কৰিছে তদন্ত ৷

উল্লেখ্য যে, 2009 চনৰ পৰা ঝাৰচুগুড়া বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে মন্ত্ৰী নৱ দাসে ৷ ইফালে গুলীচালনা কৰা আৰক্ষী উপ-পৰিদৰ্শকগৰাকী গোলাপ দাস বুলি চিনাক্ত কৰা হৈছে ৷ কিন্তু কিয় আৰক্ষী বিষয়াগৰাকীয়ে এই ঘটনা সংঘটিত কৰিছে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

ওডিশাৰ বিজু জনতা দলৰ(Biju Janata Dal) আটাইকলৈ ধৰ্ণাঢ্য মন্ত্ৰী নৱ দাস ৷ 34 কোটি টকাৰ সম্পত্তিৰ গৰাকী স্বাস্থ্যমন্ত্ৰী নৱ দাস ৷ মন্ত্ৰীগৰাকীৰ আছে এটা পঞ্জীয়নভুক্ত ৰিভলভাৰ, এটা ডাৱল বেৰেল বন্দুক আৰু এটা ৰাইফল ৷

লগতে পঢ়ক: IAF fighter jets disaster: বিশেষ বিমানেৰে ঘৰলৈ উভতিল উইং কামাণ্ডাৰ হনুমন্তৰ নশ্বৰ দেহ

Last Updated : Jan 29, 2023, 8:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.