ETV Bharat / bharat

Odisha Health minister succumbed: আৰক্ষীৰ গুলীতেই ওডিশাৰ স্বাস্থ্যমন্ত্ৰীৰ মৃত্যু

author img

By

Published : Jan 29, 2023, 8:33 PM IST

Updated : Jan 29, 2023, 10:58 PM IST

গুলীবিদ্ধ হৈ ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ মৃত্যু ৷ এগৰাকী আৰক্ষী বিষয়াই দেওবাৰে দিনৰ ভাগত স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি কৰিছিল গুলীচালনা ৷ চিকিৎসাধীন অৱস্থাতে সন্ধিয়া মৃত্যু হয় স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ৷

Odisha Health minister succumbed
আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ ওডিশাৰ স্বাস্থ্যমন্ত্ৰীৰ মৃত্যু

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী: ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ মৃত্যু(Odisha Health Minister Naba Das) ৷ গুলীবিদ্ধ হৈ মৃত্যু হয় স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ৷ দেওবাৰে দিনৰ ভাগত এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি কৰিছিল গুলীচালনা(Odisha Health Minister shot) ৷ ঘটনা সংঘটিত হোৱাৰ পিচতেই ততাতৈয়াকৈ লৈ যোৱা হৈছিল চিকিৎসালয়লৈ ৷ চিকিৎসাধীন অৱস্থাতে সন্ধিয়া প্ৰায় 7.30 বজাত মৃত্যু হয় স্বাস্থ্যমন্ত্ৰীগৰাকীৰ(Odisha Health Minister succumbed to bullet injury) ৷

উল্লেখ্য যে, এখন ৰাজহুৱা সভাত অংশ গ্ৰহণৰ বাবে যোৱা সময়তে ওডিশাৰ গান্ধী চ'কত সংঘটিত হৈছিল এই ঘটনা ৷ বাৰাজৰাজনগৰত এক অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে গৈছিল স্বাস্থ্যমন্ত্ৰীগৰাকী ৷ গাড়ীৰ পৰা নমাৰ সময়তে গোপাল দাস নামৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকে কৰিছিল গুলীচলনা ৷

ঘটনা সংঘটিত হোৱাৰ পিচতেই আটক কৰা হৈছিল গুলীচালনা কৰা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীক ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি 5 জাঁই গুলী নিক্ষেপ কৰিছিল আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে(Cop shot Odisha Health minister) ৷ গুলীচালনাত আহত হৈছিল এগৰাকী স্থানীয় যুৱকৰ লগতে এগৰাকী আৰক্ষী বিষয়াও ৷

ইফালে, ঘটনা সন্দৰ্ভত ক্ৰাইম ব্ৰান্সে চলোৱা তদন্তত গুলীচালনা কৰা আৰক্ষী উপ-পৰিদৰ্শক গোপাল দাস মানসিক ৰোগত ভুগি থকা বুলি জানিব পৰা গৈছে ৷ গোপাল দাসৰ পত্নীয়ে তদন্তকাৰী বিষয়াক অৱগত কৰিছে এই তথ্য ৷ বিগত কিছুদিন ধৰি গোপাল দাসে ঔষধ সেৱন কৰি থকা বুলিও সদৰী কৰিছে তেওঁৰ পত্নীয়ে ৷

আনহাতে, চিকিৎসকে জনোৱা তথ্য অনুসৰি এটা গুলীয়ে ভেদি গৈছিল স্বাস্থ্যমন্ত্ৰীগৰাকীৰ বুকু(Odisha Minister Shot In The Chest) ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ হৃদপিণ্ডত আঘাত কৰিছিল গুলীয়ে ৷ ফলত হৈছিল অতিৰিক্ত ৰক্তক্ষয় ৷ দিনৰ প্ৰায় 12.30 বজাত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা ৷

অধিক তথ্যৰ বাবে ক্ৰাইম ব্ৰাঞ্চে অব্যাহত ৰাখিছে তদন্ত ৷ উল্লেখ্য যে, 2009 চনৰ পৰা ঝাৰচুগুড়া বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে মন্ত্ৰী নৱ দাসে ৷ কিন্তু কিয় আৰক্ষী বিষয়াগৰাকীয়ে এই ঘটনা সংঘটিত কৰিছে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ ওডিশাতে পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক: Tragic road accident: দুৰ্ঘটনা চাবলৈ যোৱা লোকক মহতিয়াই নিলে ট্ৰাকে; 5 জন নিহত

Last Updated : Jan 29, 2023, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.