ETV Bharat / bharat

18 বছৰৰ ঊৰ্ধৰ ব্যক্তিক বিনামূলীয়া টীকাকৰণ ওড়িশা চৰকাৰৰ - টীকাকৰণ

ওড়িশাত 18-44 বছৰৰ সকলো লোকৰ বাবে ক’ভিডৰ বিনামূলীয়া টীকাকৰণৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷

Chief Minister Naveen Patnaik announces
মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ ঘোষণা
author img

By

Published : Apr 26, 2021, 10:14 AM IST

নেশ্যনেল ডেস্ক,26 এপ্ৰিল: দেওবাৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে 18 বছৰ বয়সৰ ঊৰ্ধৰ সকলোৰে বাবে বিনামূলীয়া ক’ভিড টীকাকৰণৰ ঘোষণা কৰে ৷ ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যবাসীক সম্বোধন কৰি কয় যে, 18-44 বছৰ বয়সৰ লোকসকলৰ বাবে বিনামূলীয়া টিকাকৰণৰ ব্যয় বহন কৰিবলৈ ৰাজকোষৰ পৰা 2000 কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে ।

প্ৰত্যেকৰে জীৱন মূল্যবান বুলি কৈ সকলোকে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি প্ৰতিষেধক ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী পাটনায়কে ৷ লগতে সকলোকে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি চলিবলৈ ভাষণযোগে অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰোপৰি তেওঁ কয় যে, ৰাজ্য চৰকাৰে এই মুহুৰ্তত লক ডাউন আৰু বন্ধৰ দৰে নিষেধাজ্ঞা বলৱৎ কৰাৰ পক্ষপাতী নহয় ৷ কিয়নো এনে ধৰণৰ নিয়ন্ত্ৰণে ৰাজ্যখনৰ অৰ্থনৈতিক দিশত বৃহৎ বিফলতা কঢ়িয়াই আনিব ৷

লগতে পঢ়ক : পশ্চিমবংগৰ নিৰ্বাচন: সোমবাৰে সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.