নিউজ ডেস্ক , ২৩ জানুৱাৰী : নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্য়ক জন্মবাৰ্ষিকীত উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পট্টনায়কে কটকৰ স্বাধীনতা সংগ্ৰামীৰ জন্মস্থানত থকা 'জানকিনাথ ভৱন' পৰিদৰ্শন কৰাৰ লগতে নেতাজীৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ নতুন নেতাজী বাছ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে । মহান দেশপ্ৰেমিক গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পাটনায়কে কয় যে কটকত জন্ম আৰু ডাঙৰ দীঘল হোৱা নেতাজীয়ে তেওঁৰ নিঃস্বাৰ্থ সেৱা আৰু সংগ্ৰামৰ শিক্ষা সেই মাটিতে শিকিছিল। তেওঁ লগতে ঘোষণা কৰে যে উৰিষ্যাই তেওঁক উপযুক্ত শ্ৰদ্ধাঞ্জলি দিবলৈ গোটেই বছৰধৰি তেওঁৰ ১২৫ তম জন্ম বাৰ্ষিকী উদযাপন কৰিব ।
উল্লেখ যে আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলটো প্ৰায় ৬৫ কোটি টকা ব্য়য় সাপেক্ষে নিৰ্মাণ কৰা হ'ব আৰু ২৭৪ খন বাহনৰ বাবে পাৰ্কিং স্থানৰ ব্য়ৱস্থাও কৰা হ'ব । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতি অনুসৰি নতুন নেতাজী বাছ টাৰ্মিনেলত যাত্ৰীসকলৰ অসুবিধামুক্ত চলাচলৰ বাবে প্ৰৱেশৰ পৰা প্ৰস্থানলৈ বিশেষ সুবিধা থাকিব।
লগতে পঢ়ক : বালাচাহেবৰ জন্মবাৰ্ষিকীত শিৱসেনালৈ বিশেষ বাৰ্তা বিৰোধী নেতাৰ