ETV Bharat / bharat

ৰাহুল গান্ধীৰ জন্মদিনত NSUI আৰু IYCৰ উদ্যোগত বিনামূলীয়া টীকাকৰণ অভিযান - Vaccination camp by NSUI and IYC on Rahul Gandhi birthday

অহা ১৯ জুনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি NSUI আৰু IYCয়ে জনসাধাৰণৰ বাবে বিনামূলীয়া ক'ভিড টীকাকৰণ(Covid Vaccination) অভিযান আয়োজন কৰাৰ পৰিকল্পনা কৰিছে ।

Rahul Gandhi
ৰাহুল গান্ধীৰ জন্মদিনত বিনামূলীয়া টীকাকৰণ অভিযান
author img

By

Published : Jun 18, 2021, 9:19 PM IST

নেশ্যনেল ডেস্ক,১৮ জুন : অহা ১৯ জুনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জন্মদিন । প্ৰতিবছৰে নেতাগৰাকী জন্মদিনত তেওঁৰ অনুৰাগী অথবা দলীয় কৰ্মীসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰে । তেওঁ নিজেও জড়িত থাকে বিভিন্ন কাৰ্যসূচীত । কিন্তু এইবাৰ নেতাগৰাকীয়ে উদযাপন নকৰে নিজৰ জন্মদিন । নেতাগৰাকীয়ে এই ঘোষণা কৰাৰ পিছতো কিন্তু তেওঁৰ অনুৰাগী তথা কংগ্ৰেছ কৰ্মীসকলে পালন কৰিবলৈ যো জা চলাইছে নেতাগৰাকীৰ জন্মদিন । ইতিমধ্যে ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা (NSUI) আৰু ভাৰতীয় যুৱ কংগ্ৰেছে (IYC) জনসাধাৰণৰ বাবে বিনামূলীয়া ক'ভিড টীকাকৰণ(Covid Vaccination) অভিযান আয়োজন কৰাৰ পৰিকল্পনা কৰিছে ।

NSUIৰ ৰাষ্ট্ৰীয় সভাপতি নীৰজ কুন্দনে সংবাদ মাধ্যমক জনোৱা মতে সংগঠনটোৱে ১৯ জুনত ৰাহুল গান্ধীৰ জন্মদিনত বিনামূলীয়া টীকাকৰণ অভিযানৰ আয়োজন কৰিছে । যিহেতু ৰাহুল গান্ধীয়ে কৈছে যে মহামাৰীৰ সময়ত মানুহক সুৰক্ষা দিয়াৰ বাবে টীকাকৰণ হৈছে সৰ্বশ্ৰেষ্ঠ উপায় । সেয়ে নেতাগৰাকী এই কথাৰ প্ৰতি লক্ষ্যৰাখিয়ে টীকাকৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি কুন্দনে উল্লেখ কৰে ।ইফালে NSUI ৰ ৰাষ্ট্ৰীয় সম্পাদক লোকেশ চুগে কয় যে কাৰ্যালয়ত টীকাকৰণ শিবিৰ শনিবাৰে পুৱা আৰম্ভ হ'ব।

তেওঁ লগতে কয় যে ক'উইন(Cowin)ৰ জৰিয়তে পঞ্জীয়ণ কৰা আৰু বিনামূলীয়াকৈ টীকাকৰণ প্ৰক্ৰিয়াত NSUIৰ কৰ্মীসকলে ৰাইজক সহায় কৰিব । একেদৰে IYC য়ে টীকাকৰণ নকৰা জ্যেষ্ঠ নাগৰিক, দৈনিক কৰ্মী আৰু ফ্ৰ'ণ্টলাইন কৰ্মীসকলৰ(frontline workers) বাবে সমগ্ৰ দেশতে টীকাকৰণ অভিযান অনুষ্ঠিত কৰিব ।

IYCৰ মিডিয়া ইনচাৰ্জ ৰাহুল ৰাওৱে কয় যে ৰাহুল গান্ধীৰ জন্মদিনত তেওঁলোকে সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত ৰেচন সামগ্ৰী, চেনিটাইজাৰ,মাস্ক বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে । বিনামূলীয়া টীকাকৰণৰ লগতে লগতে কয় যে যদি কোনো লোক ক'উইনত পঞ্জীভুক্ত নহয়, IYCৰ কৰ্মীসকলে তেওঁলোকক পঞ্জীয়ন কৰাত জনসাধাৰণক সহায় কৰিব বুলিও কয় ৰাহুল ৰাওৱে । IYCৰ নেতাগৰাকীয়ে লগতে কয় যে সমগ্ৰ দেশত ক'ভিড ৰোগীসকলৰ বাবে ঔষধও প্ৰদান কৰিব সংগঠনটোৱে।

লগতে পঢ়ক:ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.