ETV Bharat / bharat

অৰুণাচলত পুনৰ গ্ৰেপ্তাৰ হ’ল NSCN কেডাৰ

author img

By

Published : Oct 28, 2021, 4:59 PM IST

অৰুণাচল প্ৰদেশৰ নামচাইত পুনৰ আটক এজন NSCN কেডাৰ ৷ ৰাজ্যখনত সঘনাই সংঘটিত হৈছে উগ্ৰপন্থী গোটৰ সদস্য গ্ৰেপ্তাৰ হোৱাৰ ঘটনা ৷

nscn cadre arrested arunachal
অৰুনাচলত পুনৰ গ্ৰেপ্তাৰ হ’ল NSCN কেডাৰ

শদিয়া, 28 অক্টোবৰ : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাইত আটক কৰা হৈছে এজন NSCNৰ সদস্য ৷ মিনেশ্বৰ দিহিঙীয়া ওৰফে পাইলট নামৰ NSCN কেডাৰজনক আটক কৰে নামচাই জিলাৰ মহাদেৱপুৰ আৰক্ষীয়ে ৷ আটকাধীন NSCN কেডাৰ জনৰ পৰা এটা অত্যাধুনিক পিষ্টল, পাঁচ জাঁই সজীৱ গুলি আৰু বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

nscn cadre arrested arunachal
উগ্ৰপন্থী জনৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী

আটকাধীন NSCN কেডাৰ জনৰ ঘৰ অৰুণাচলৰ নামচাই জিলাৰ মহাদেৱপুৰ লেকাং গোঁহাই গাঁৱত বুলি জানিব পৰা গৈছে ৷ নিজ গৃহৰ সমীপতে কেডাৰজনক আটক কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ উল্লেখযোগ্য যে, বিগত কেইবা মাহেও প্ৰায়েই অৰুণাচল প্ৰদেশত নগা উগ্ৰপন্থী সংগঠন NSCN ৰ কেডাৰ গ্ৰেপ্তাৰ হোৱা ঘটনা পোহৰলৈ আহিছে ৷ স্বাভাৱিকতেই এই কথাই তাৎপৰ্য বহন কৰা বুলি আলোচিত হৈছে সচেতন মহলত ৷

লগতে পঢ়ক : ধাৰ কৰা ধনেৰে ঘিউ-মৌ কিমান দিনলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.