ETV Bharat / bharat

চুলি জব্দৰ ঘটনা: প্ৰতিক্ৰিয়া প্ৰকাশ তিৰুপতি মন্দিৰ কৰ্তৃপক্ষৰ

author img

By

Published : Mar 31, 2021, 5:22 PM IST

মিজোৰাম-ম্যানমাৰ সীমান্তত ভক্তই দান কৰা চুলি জব্দ হোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশ্ব বিখ্যাত তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই । তিৰুমালা তিৰুপতি দেৱস্থানমে স্পষ্ট কৰি দিছে যে, সীমান্তত আছাম ৰাইফলছে জব্দ কৰা চুলি সন্দৰ্ভত একো কৰিবলগীয়া নাই মন্দিৰ কৰ্তৃপক্ষৰ । আছাম ৰাইফলছে চুলি ভৰ্তি ১২০টা বেগ জব্দ কৰিছিল ।

চুলি জব্দৰ ঘটনাঃ প্ৰতিক্ৰিয়া প্ৰকাশ তিৰুপতি মন্দিৰ কৰ্তৃপক্ষৰ

নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: বিশ্ব বিখ্যাত তিৰুপতি মন্দিৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা তিৰুমালা তিৰুপতি দেৱস্থানমে মঙলবাৰে স্পষ্ট কৰি দিয়ে যে, কিছুদিন পূৰ্বে মিজোৰাম-ম্যানমাৰ সীমান্তত জব্দ হোৱা ভক্তই দান কৰা চুলিৰ ঘটনাৰে তিৰুপতি মন্দিৰৰ কোনো সম্পৰ্ক নাই । শেহতীয়াকৈ মিজোৰাম-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছে মানুহৰ চুলি ভৰ্তি ১২০টা বেগ জব্দ কৰিছিল । কোনো বৈধ নথি-পত্ৰ অবিহনে এই চুলিখিনি তিৰুপতি মন্দিৰৰ পৰা অনা হৈছিল বুলি সন্দেহ কৰা হৈছিল ।

বিষয়াসকলে সন্দেহ কৰিছিল যে, চুলিবোৰ প্ৰথমে ম্যানমাৰলৈ আৰু তাৰ পিছত আন দেশলৈ চোৰাংভাৱে সৰবৰাহ কৰা হৈছে । এই জব্দকৃত চুলিখিনিক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ লগতে ইয়াৰ সৈতে তিৰুপতি মন্দিৰৰ নামো সাঙোৰ খাইছিল । কিন্তু মঙলাবাৰে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্দিৰ কৰ্তৃপক্ষই কয় যে, এই চুলি মন্দিৰৰ নহয় আৰু সেয়ে এই চুলি সন্দৰ্ভত তেওঁলোকৰ একো কৰিবলগীয়া নাই ।

মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে, তিৰুপতি মন্দিৰত ভক্তই দান কৰা চুলি মন্দিৰ কৰ্তৃপক্ষই নিলামৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীক অৰ্পণ কৰিছিল । কিন্তু নিৰ্ধাৰিত জি এছ টি কৰ্তনৰ পিছত তিৰুমালা তিৰুপতি দেৱস্থানমে ভক্তই দান কৰা চুলি নিবিদাৰ জৰিয়তে নিলামত অংশগ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীক হস্তান্তৰ কৰে ।

অৱশ্যে, ইয়াৰ পিছত আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীয়ে এই চুলিবোৰ কোন ঠাইত নিষ্কাষিত কৰে অথবা কেনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰপ্তানি কৰে আদি বিষয়ত মন্দিৰ কৰ্তৃপক্ষই হস্তক্ষেপ নকৰে । উল্লেখ্য যে, লাখ লাখ ভক্তই এই মন্দিৰত চুলি দান কৰে আৰু এই চুলি ই-নিলামৰ জৰিয়তে বিক্ৰী কৰা হয় । কেৱল চুলি বিক্ৰী কৰি ১০০ কোটিতকৈ অধিক টকা উপাৰ্জন কৰে বুলি ধাৰণা কৰিব পাৰি ।

লগতে পঢ়ক:কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিক বিশেষভাৱে গুৰুত্ব দিছে: পীযুষ বিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.