ETV Bharat / bharat

বুকাৰ বঁটা বিজয়ী লেখিকা অৰুন্ধতী ৰয়ৰ মাতৃ মেৰী ৰয়ৰ দেহাৱসান

author img

By

Published : Sep 1, 2022, 4:52 PM IST

বুকাৰ সন্মান বিজয়ী লেখিকা অৰুন্ধতী ৰয়ৰ (Booker winning writer Arundhati Roy) মাতৃ মেৰী ৰয় প্ৰখ্যাত হৈছিল 1986 চনত ৷ কেৰালাত ছিৰিয়ান খ্ৰীষ্টান সম্প্ৰদায়ৰ মহিলাৰ বাবে পৈতৃক সম্পত্তিৰ সম-অধিকাৰ দাবী কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু সেই অধিকাৰ তেওঁ সাব্যস্ত কৰি এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল ৷

বুকাৰ বঁটা বিজয়ী লেখিকা অৰুন্ধতী ৰয়ৰ মাতৃ মেৰী ৰয়ৰ দেহাৱসান
বুকাৰ বঁটা বিজয়ী লেখিকা অৰুন্ধতী ৰয়ৰ মাতৃ মেৰী ৰয়ৰ দেহাৱসান

নিউজ ডেস্ক, 1 ছেপ্তেম্বৰ: দেশৰ প্ৰখ্যাত লেখিকা অৰুন্ধতী ৰয়ৰ মাতৃ (Noted author Arundhati Roy) তথা ভাৰতৰ ইতিহাসত পৈতৃক সম্পত্তিৰ ওপৰত জীয়াৰীৰ সম-অধিকাৰৰ ক্ষেত্ৰত যুঁজ দি সেই অধিকাৰ সাব্যস্ত কৰা বিদূষী মহিলা মেৰী ৰয়ৰ দেহাৱসান (Arundhati Roy mother demise) ৷ কেৰালাৰ কোট্টায়ামত বৃহস্পতিবাৰে 89 বছৰ বয়সত মৃত্যুক আঁকোৱালি লয় মেৰী ৰয়ে ৷

বুকাৰ সন্মান বিজয়ী লেখিকা অৰুন্ধতী ৰয়ৰ (Booker winning writer Arundhati Roy) মাতৃ মেৰী ৰয় প্ৰখ্যাত হৈছিল 1986 চনত ৷ কেৰালাত ছিৰিয়ান খ্ৰীষ্টান সম্প্ৰদায়ৰ মহিলাৰ বাবে পৈতৃক সম্পত্তিৰ সম-অধিকাৰ দাবী কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু সেই অধিকাৰ সাব্যস্ত কৰি তেওঁ এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল ৷

মেৰী ৰয়ে ট্ৰাভাংকোৰ উত্তৰাধিকাৰ আইন, ১৯১৬ আৰু কোচিন উত্তৰাধিকাৰ আইন, ১৯২১ৰ বিধানসমূহক প্ৰত্যাহ্বান জনাইছিল (Fight against gender biased law) ৷ যিবোৰ ছিৰিয়াৰ খ্ৰীষ্টান সম্প্ৰদায়ে অনুসৰণ কৰিছিল । সেই আইন অনুসৰি এটা পৰিয়ালৰ মহিলাসকলে পুত্ৰৰ অংশৰ এক চতুৰ্থাংশ বা ৫ হাজাৰ টকাহে লাভ কৰিছিল ৷ মেৰীয়ে ইয়াক প্ৰত্যাহ্বান জনাই আঙুলিয়াই দিছিল যে, দেশৰ অন্য ঠাইত থকা সম্প্ৰদায়ৰ সদস্যসকল ভাৰতীয় উত্তৰাধিকাৰ আইন, ১৯২৫ৰ বিধানৰ দ্বাৰা পৰিচালিত হয় আৰু তেওঁৰ ভাতৃ জৰ্জ আইজাকৰ বিৰুদ্ধে আন্দোলন কৰে ।

কিন্তু উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ ২৪ বছৰৰ পাছত ২০১০ চনতেই কোট্টায়ামৰ এখন উপ-আদালতে মেৰীৰ সপক্ষে চূড়ান্ত আদেশ কাৰ্যকৰী কৰিছিল ৷ যাৰ বাবে তেওঁ পৰিয়ালৰ সম্পত্তিৰ এটা অংশ পাইছিল ৷ ২৭ শতাংশ মাটি সম্পত্তিৰ ভিতৰত ৰয়ে দুটা অংশ, ভনীয়েক মলিয়ে তিনিটা আৰু ভাতৃজনৰ বিধৱা পত্নী ইলেইন চিংগলটনে এটা অংশ পাইছিল । “মোৰ ৫০ বছৰীয়া যুদ্ধই অৱশেষত ফল দিছে । যুঁজখন মাটিৰ টুকুৰাৰ বাবে নহয়, সংবিধানে নিশ্চিত কৰা মহিলাৰ অধিকাৰ লাভৰ বাবেহে আছিল ৷" তেতিয়ই মেৰীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

১৯৬০ চনত দেউতাকে মৃত্যুৰ পিছত এৰি থৈ যোৱা সম্পত্তিৰ পৰা তেওঁৰ অংশ বিচাৰি ৰয়ে কোট্টায়াম উপ-আদালত এখন আবেদন দাখিল কৰিছিল । অৱশেষত এই গোচৰৰ ফলত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান কৰে ।

কোট্টায়ামৰ এটা অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মেৰী ৰয়ে । তেওঁৰ পিতৃ পি ভি আইজাকে ইংলেণ্ডত প্ৰশিক্ষণ লৈ বিহাৰৰ ড৹ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ত পতংগবিজ্ঞানী হিচাপে কাম কৰিছিল । দিল্লী আৰু মাদ্ৰাজত শিক্ষা সমাপ্ত কৰাৰ পিছত মেৰী ৰয় কলকাতালৈ গুচি যায়, য’ত তেওঁৰ ডাঙৰ ভাতৃ আইজাক কৰ্মৰত আছিল । তাতেই তেওঁ ৰাজীৱ ৰায়ক লগ পাইছিল আৰু পিছত বিয়া কৰাইছিল । ৰাজীৱে এখন চাহ বাগিচাত মেনেজাৰ হিচাপে অসমত কৰ্মৰত আছিল ৷ তেওঁলোকৰ ললিথ আৰু অৰুন্ধতী নামৰ দুটি সন্তান জন্ম হয় ।

পিছত মেৰী স্বামীৰ পৰা বিচ্ছিন্ন হৈ সন্তানসহ কেৰালালৈ উভতি যায় । তাৰ পিছত তেওঁ তামিলনাডুৰ ঊটীলৈ গুচি যায়, য’ত দেউতাকৰ এটা কুটিৰ আছিল । তেওঁৰ ডাঙৰ ভায়েক আইজাকে তেওঁহে সম্পত্তিৰ উত্তৰাধিকাৰী বুলি কৈ মেৰীক ঘৰটো খালী কৰাৰ বাবে তাগিদা দিছিল ৷ ইয়াৰ ফলত আইনী যুঁজ চলিছিল আৰু অৱশেষত মেৰীৰ জয় হৈছিল ৷

লগতে পঢ়ক: ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইন’ৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.