ETV Bharat / bharat

এটাও গুলী নুফুটাকৈ PFI অধ্যায়ৰ কেনেদৰে যৱনিকা পৰিল ?

author img

By

Published : Sep 24, 2022, 2:12 PM IST

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত (National Security Advisor Ajit Doval) প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দলে ২ ছেপ্টেম্বৰত পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া (Popular Front of India)ৰ ওপৰত বৃহৎ কাৰ্য পৰিকল্পনা আৰম্ভ কৰিছিল । ডোভালে কেৰালা আৰু মহাৰাষ্ট্ৰ আৰক্ষীৰ কেইবাজনো বিষয়াৰ সৈতে বৈঠক অনুষ্ঠিত কৰে আৰু গৃহ মন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ আঁচনিৰ পৰিকল্পনা কৰে ।

PFI
PFI

নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ : গুলীও নুফুটিল, সন্ত্ৰাসবাদীও ধৰা পৰিল । কিন্তু কেনেকৈ ? হয়, একেটা দিনত দেশৰ প্ৰায় ১৫ খন ৰাজ্যত পিএফআইৰ বিৰুদ্ধে চলোৱা অভিযানক লৈ এতিয়া এই প্ৰশ্ন সৰ্বস্তৰত উঠিছে । পিএফআইৰ বিৰুদ্ধে চলোৱা এই সন্মিলিত অভিযান কেনেদৰে সম্ভৱ হ'ল, এই অভিযানৰ নেতৃত্ব কোনে প্ৰদান কৰিছিল বা এই অভিযানৰ পৰিকল্পনা কেনেদৰে কৰা হৈছিল ? বৰ্তমান সময়ত এই বিষয়কেইটাই চৰ্চা লাভ কৰিছে । লগতে পিএফআইৰ বিৰুদ্ধে চলোৱা এই সফল অভিযানক লৈও সকলোৰে দৃষ্টি আকৰ্ষিত হৈছে । এই বিষয়ে ব্যাখ্যা কৰিবলৈ হ'লে আণি উভতি যাব লাগিব ছেপ্টেম্বৰৰ আৰম্ভণিতে অনুষ্ঠিত এক অনুষ্ঠানৰ পটভূমিলৈ (entire plan of PFI operation) ।

২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোচিত আইএনএছ বিক্ৰান্তত এক অনুষ্ঠানত অংশগ্ৰহণ (PM Modi event on INS Vikrant) কৰি থকাৰ সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল (National Security Advisor Ajit Doval) আৰু তেওঁৰ নিৰাপত্তা দলে কেৰালাত পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়াৰ (Popular Front of India) সমগ্ৰ নেটৱৰ্ক উৎখাত কৰাৰ পৰিকল্পনা কৰিছিল ।

বিষয়টো সন্দৰ্ভত ভূ-ৰখা সূত্ৰই কয় যে বিমানবাহক আৰম্ভ কৰাৰ বাবে কোচি ভ্ৰমণৰ সময়ত কেৰালাৰ আৰক্ষী বিষয়াসকলৰ সৈতে কেইলানিও বৈঠক অনুষ্ঠিত হৈছিল । উক্ত বৈঠকবোৰতে পিএফআইৰ (PFI) বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিকল্পনা কৰা হৈছিল ।

আনহাতে, কোচিৰ পৰা ডোভাল মুম্বাইলৈ যায় আৰু একেটা বিষয়ত ৰাজ্যপাল ভৱনত মহাৰাষ্ট্ৰৰ আৰক্ষী বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে । এই বৈঠকবোৰৰ গোপনীয়তাৰ স্তৰে প্ৰকাশ কৰে যে ডোভালৰ বাবে ই কিমান গুৰুত্বপূৰ্ণ আছিল ।

এনএছএৰ (NSA) কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰে যে এই বৈঠকবোৰত একে গোপনীয়তা বজাই ৰখা হৈছিল, যিটো জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল (abrogation of Article 370 in Jammu and Kashmir) কৰা বা উড়ি চাৰ্জিকেল ষ্ট্ৰাইকৰ (Uri surgical strike) পূৰ্বে কৰা হৈছিল । কোৱা হৈছে যে ইছলামিক নেতাসকলৰ সৈতে আলোচনা কৰি তিনি-চাৰি মাহ পূৰ্বে উক্ত পৰিকল্পনা কৰা হৈছিল । গৃহমন্ত্ৰী অমিত শ্বাহৰ (Home Minister Amit Shah) নিৰ্দেশত এনএছএ ডোভালে সমগ্ৰ পৰিকল্পনাটো গোপনে ৰাখিছিল ।

উল্লেখ্য, ২২ ছেপ্টেম্বৰ অৰ্থাৎ যিদিনা NIA-ই দেশৰ ১০ খন ৰাজ্যত একেলগে পিএফআইৰ কাৰ্যালয় (NIA raided PFI office) আৰু ইয়াৰ কৰ্মীসকলৰ ঘৰত অভিযান চলাইছিল, সিদিনা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (National Investigation Agency) ২০০ তকৈও অধিক বিষয়া, ইডিৰ (Enforcement Directorate) বিষয়াসকলৰ লগতে কমেও দহখন ৰাজ্যৰ ৰাজ্যিক আৰক্ষীৰ সন্ত্ৰাসবাদবিৰোধী দলৰ (anti terrorist squads) বিষয়াসকলে এই অভিযানত একেলগে কাম কৰিছিল । ১৫ খনতকৈও অধিক ৰাজ্যৰ ১৫০ তকৈও অধিক ঠাইত অভিযান চলোৱা হৈছিল আৰু ১০৬ জন পিএফআই নেতা আৰু সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল ।

সূত্ৰসমূহে লগতে কয় যে পিএফআইৰ সন্ত্ৰাসবাদী কৰ্মীসকলক ধৰিবলৈ আৰু তেওঁলোকক সোধা-পোছাৰ বাবে বিভিন্ন ঠাইলৈ সময়মতে নিয়াৰ বাবে বিমানসমূহক সাজু ৰখা হৈছিল । এনএছএ অজিত ডোভালে সপ্চাহটোৰ ২৪ ঘণ্টাই অভিযান নিৰীক্ষণ কৰি আছিল আৰু ৰাজ্যসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি আছিল । সূত্ৰসমূহে লগতে কয়, এইটো মন কৰিবলগীয়া যে সমগ্ৰ অভিযানটোৰ সময়ত এটাও গুলী ফুটাবলগা হোৱা নাছিল । সংস্থাসমূহৰ পৰা প্ৰাপ্ত তথ্য মতে, সন্ত্ৰাসবাদী গোটবোৰৰ বিৰুদ্ধে এনে ধৰণৰ অধিক অভিযান চলোৱা হ'ব ।

লগতে পঢ়ক :PFIৰ সদস্য গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.