ওৱেইচিৰ অল ইণ্ডিয়া মজলিছ ই-ইট্টেহাদুল মুচলিমিন (AIMIM) ৰ টিটিভি দিনাকৰণে আম্মা মাক্কাল মুন্নেত্ৰ কাজহাগাম (AMMK) ৰ সৈতে এক নিৰ্বাচন কেন্দ্ৰিক জোঁট গঠন কৰিছে । আসাদউদ্দিন ওয়েইচি তামিলনাডুত এটা ফেক্টৰ হ'ব পাৰিবনে ? ওৱেইচিয়ে কি পাব ? ওৱেইচিয়ে এ এম এম কেক সহায় কৰাৰ ফলত তেওঁৰ এ আই এ ডি এম কেক উৎখাত কৰাৰ যি সপোন দেখিছে সেয়া ফলিয়াবনে ? এই জোঁট বন্ধনে ভোটাৰৰ মেৰুকৰণ কৰিবলৈ সক্ষম হ'ব নে নহয়, সেয়াও এক ডাঙৰ প্ৰশ্ন । বিহাৰৰ দৰে এ আই এম আই এমে যে তামিলনাডুত তিনিটা সমষ্টিত যে প্ৰভাৱ পেলাব পাৰিব তাৰ সম্ভাৱনাও খুবেই কম। এই জোঁট বন্ধনে এ আই এম আই এমক অৰ্থাৎ যাক ইতিমধ্যে বিজেপিৰ বি টিম বুলি অভিহিত কৰা হৈছে, সেই ধাৰণাক কিন্তু এইবাৰ নস্যাৎ কৰিব । কাৰণ এ আই এম আই এময়ে বিজেপিৰ সৈতে তুমুল ভোটযুদ্ধত অৱতীৰ্ণ হ'ব । তাৰোপৰি যোৱা লোকসভা নিৰ্বাচনত এ আই এ ডি এম কেৰ যি ক্ষতি হ'ল, সেয়া প্ৰত্যক্ষ কৰি এইটো ধাৰণা কৰিব পাৰি যে, এইবাৰ তাৰ ঠাইত এ এম এম কে দল অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে ।
এম ফেক্টৰ
২০১১ চনৰ লোক পিয়ল অনুসৰি ৰাজ্যখনত মুছলমানৰ সংখ্যা ৪২ লাখ অৰ্থাৎ ৰাজ্যৰ সৰ্বমুঠ ৭.২১ কোটি জন সংখ্যাৰ মাত্ৰ ৬ শতাংশ। এনেদৰে চালে দেখা যায় যে ৰাজ্যখনৰ সমষ্টি সমূহত মুছলমান ভোটাৰৰ সংখ্যা মাথো কেই হেজাৰ মান, যি এক লাখতকৈও ওপৰত নহয় । গতিকে তেওঁলোকে সমষ্টি সমূহত নিজে জয়ী হব নোৱাৰে; কিন্তু জয়ী হোৱাত আনক সহায় কৰিব পাৰে । পূৰ্বে ৰাজ্য খনৰ সমষ্টি সমূহত হোৱা নিৰ্বাচনত দেখা যায় যে, দহটা সমষ্টিত জয়ৰ মাৰ্জিন মাত্ৰ এহেজাৰ ভোট আৰু আন ২৫ টা সমষ্টিত এই মাৰ্জিন আছিল ৩০০০ ভোটৰ ।
তেনে ক্ষেত্ৰত এই সমীক্ষাটোক চালে দেখা পোৱা যায় যে, দ্ৰাবিড়িয়ান দল সমূহে মুছলমান ভোটাৰ সকলক নিজৰ দখললৈ আনিবলৈ মুছলমান সংখ্যা গৰিষ্ঠ দল সমূহক ব্যৱহাৰ কৰে । ২০১৬ৰ নিৰ্বাচনত ডি এম কেয়ে দুটা মুছলমান দল- ইণ্ডিয়ান ইউনিয়ন অৱ মুছলিম লীগ (IUML) আৰু মানিথানেয়া মাক্কাল কাটচি (MMK) দলৰ লগত জোঁট বন্ধনৰ জৰিয়তে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । উল্লেখ্য যে, আই ইউ এম এলে পাঁচটা সমষ্টিত অৱতীৰ্ণ হৈ এটা সমষ্টিত জয়ী হৈছিল আৰু এম এম কেয়ে তিনিটা সমষ্টিত অৱতীৰ্ণ হৈছিল যদিও এটা সমষ্টিতো জয়ী হবলৈ সক্ষম হোৱা নাছিল। ইফালে মনিথানেয়া জননায়গা কাটচি আৰু তামিল মনিলা মুছলিম লীগে এ আই এ ডি এম কেৰ সৈতে মিলিত হৈ ভোট যুদ্ধত অৱতীৰ্ণ হৈছিল যদিও জয়ী হোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা দেখা যায় ।
ইফালে ডি এম কেই ওয়েচিৰ সৈতে কোনো ধৰণৰ জোঁট বন্ধনত আহিব নিবিচাৰে, কাৰণ ওৱেইচিক এজন বহিৰাগত হিচাবে গণ্য কৰাৰ লগতে তেওঁক বিজেপিৰ বি টিম হিচাবে গণ্য কৰা দেখা যায়। ইতিমধ্যে এ আই এম আই এমৰ স্থানীয় নেতৃত্বই স্বীকাৰো কৰিছে এই কথা । এ আই এম আই এম দল, যি এইবাৰ দ্বিতীয় বাৰৰ বাবে তামিলনাডু নিৰ্বাচনত অৱতীৰ্ণ হৈ ৪০টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাব বিচাৰিছিল । তেওঁলোকে বিশ্বাস কৰে যে, ইয়ে দলটোক তামিলনাডুত স্থিতি সবল কৰাৰ ক্ষেত্ৰত সুযোগ প্রদান কৰিব । কিন্তু ডি এম কেৰ বিজেপি বিৰোধী সবল স্থিতিৰ বাবে তেওঁলোকে ডি এম কেৰ সৈতে জোঁট বন্ধন কৰাৰ ক্ষেত্ৰত বহুবাৰ চেষ্টা কৰিছিল। বহু চেষ্টাৰ অন্তৰতো যেতিয়া ডি এম কেই কোনো ধৰণৰ কথা আগ নবঢ়ালে তেতিয়াহে এ আই এম আই এমে, এ এম এম কেৰ শৰণাপন্ন হ'ব লগা হয় । কেইমাহ মানৰ পূৰ্বে ডি এম কে দলৰ সংখ্যালঘু কোষে আয়োজন কৰা এক অনুষ্ঠানলৈ ওৱেইচিৰ বাবে পঠোৱা নিমন্ত্ৰণী পত্ৰও কৰা হৈছিল প্ৰত্যাহাৰ । ইফালে ওৱেইচিয়ে দাবী কৰে যে, সেই অনুষ্ঠানটোলৈ তেওঁক নিমন্ত্ৰণ কৰা হৈছিল যদিও ডি এম কেই সেয়া নাকচ কৰিছিল।
ওৱেইচিৰ বিশেষত্ব কি ?
সাধাৰণতে তামিলনাডুত আই ইউ এম এলৰ বাহিৰে মুছলিম দল সমূহ স্থানীয় ভাৱেহে জনপ্ৰিয় আৰু তেওঁলোকৰ কাম কাজ সমূহ ৰাজ্য খনতেই সীমাবদ্ধ । তেওঁলোকে ৰাজ্যৰ ৰাজনীতিৰ পৰা কংগ্ৰেছক উৎখাতৰ পিছৰে পৰা দ্ৰাবিড়িয়ান দল সমূহকেই প্ৰাধান্য দি আহিছে । কিন্তু ওৱেইচিৰ প্ৰধান বিশেষত্ব হ'ল, বিহাৰৰ নিৰ্বাচনত দলটোৰ সফলতা যিয়ে মুছলমান অধ্যুষিত অঞ্চলত ভোটাৰক প্ৰভাৱিত কৰিব পাৰিছিল । দলটোৱে এ এম এম কেৰ বাবেও আগন্তুক নিৰ্বাচনত একাংশ ভোটাৰক প্ৰভাৱিত কৰিব পাৰে । সাধাৰণ ভাৱেও যদি ভোটাৰ প্ৰভাৱিত হয়, তেন্তে ই এ আই এ ডি এম কেক শলঠেকত পেলাব পাৰে । যদিও ওয়েইচিয়ে বিহাৰৰ পিছত মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ নগৰ পালিকাৰ নিৰ্বাচনত অতি সাধাৰণ ভাৱে সফল হৈছে । ইতিমধ্যে আহিব লগা বিধানসভা নিৰ্বাচনৰ বাবে পশ্চিবংগত ওৱেইচিয়ে দৃষ্টি নিৱদ্ধ ৰখাৰ দৰে একে দৃষ্টি ৰাখিছে তামিলনাডুৰ ওপৰতো। অৱশ্যে তামিলনাডুৰ নিৰ্বাচনত ওৱেইচিয়ে এবাৰতেই প্ৰভাৱ পেলোৱাৰ আশা ক্ষীণ দেখা পৰিলক্ষিত হৈছে ।
লেখক: আৰ. প্ৰিন্স জেবা কুমাৰ