ETV Bharat / bharat

উত্তৰ-পূৱৰ দীৰ্ঘদিনীয়া সীমা বিবাদে কাঢ়ি নিছে 157 গৰাকী নিৰীহৰ প্ৰাণ - Assam Meghalaya border dispute news

ভাৰতৰ সাতভনীৰ মাজত সীমা সমস্যা কোনো নতুন বিষয় নহয় ৷ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত সীমা নিৰ্ধাৰণৰ বাবে প্ৰযুক্তি আৰু পাৰদৰ্শিতাৰ অভাৱ প্ৰধান সমস্যা নহয় ৷ প্ৰধান সমস্যা হ’ল ৰাজনৈতিক ইচ্ছাৰ অভাৱ ৷ ঔপনিৱেশিক ব্ৰিটিছৰ দ্বাৰা অংকিত সীমাৰ ওপৰত আধাৰিত অঞ্চলত নিজ নিজ দাবীৰ যুঁজখনে কেতিয়াও সীমা সমস্যা সমাধানৰ বাবে ৰাজনৈতিক ইচ্ছা জাগ্ৰত কৰিব নোৱাৰে ৷

northeasts-border-disputes-claimed-157-lives-report
উত্তৰ-পূৱৰ দীৰ্ঘদিনীয়া সীমা বিবাদে কাঢ়ি নিছে 157টাকৈ নিৰীহ প্ৰাণ
author img

By

Published : Aug 10, 2021, 10:23 PM IST

নিউজ ডেস্ক, 10 আগষ্ট : ভাৰতৰ মূল-ভূখণ্ডত ‘সাতভনী’ৰ নামেৰে পৰিচিত উত্তৰ-পূৰ্বাঞ্চল ৷ কিন্তু এই সাতভনীৰ মাজতে সীমাক লৈ সময়ে সময়ে ৰক্তাক্ত হৈ আহিছে ইয়াৰ সীমান্তৱৰ্তী অঞ্চল ৷ অসমৰ সৈতে ভৌগলিক সীমা ভগাই লোৱা অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সীমা বিবাদত 1979 চনৰ পৰা 2021 চনলৈ প্ৰাণ হেৰুৱাইছে 157 গৰাকী নিৰীহ লোকে আৰু লগতে আহত হৈছে 361 গৰাকী লোক ৷

northeasts-border-disputes-claimed-157-lives-report
অসম-নাগালেণ্ড সীমান্ত

সীমা সংক্ৰান্তীয় বিবাদত গৃহহীন হ’বলগীয়া হৈছে 65,729 গৰাকী লোক ৷ শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে Rights and Risks Analysis Group (RRAG) গ্ৰুপে ৷ RRAG এ প্ৰকাশ কৰা ‘উত্তৰ পূৱৰ সীমান্ত সংঘাত: নিজৰ মাজতে প্ৰচণ্ড যুদ্ধ’ (Border Disputes in the Northeast: The Raging War Within) নামৰ ৰিপোৰ্টত প্ৰকাশ কৰা হৈছে যে, "ভুক্তভোগীসকল সকলোৱে ভাৰতীয় নাগৰিক আৰু ক্ৰমবৰ্ধমান মানুহৰ সংখ্যাই স্থায়ী শান্তি স্থাপন ব্যৱস্থাৰে প্ৰমাণ দিয়ে ৷"

এই একেখিনি কথাকেই RRAGৰ Director সুহাছ ছকমাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী সকললৈ প্ৰেৰণ কৰা পত্ৰতো উল্লেখ কৰিছে ৷

অসম-মিজোৰাম সীমান্ত সংঘাতত নিহত আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি

সীমা বিবাদত প্ৰাণ হেৰুওৱা 157 গৰাকী লোকৰ ভিতৰত 136 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে অসম-নাগালেণ্ডৰ সীমা সংঘাতত ৷ ইয়াৰ পিছতে অসম আৰু অৰুণাচলৰ মাজৰ সীমান্ত সংঘাতত প্ৰাণ হেৰুৱাইছে 10 গৰাকী লোকে ৷ অসম-মিজোৰাম সীমান্ত সংঘাতত প্ৰাণ হেৰুৱাইছে 7 গৰাকী নিৰীহই আৰু অসম-মেঘালয় সীমান্ত সংঘাতত প্ৰাণ হেৰুৱাইছে 8 গৰাকী লোকে ৷

লগতে পঢ়ক : অসম-মিজোৰামৰ সমস্যা সমাধানৰ বাবে গৃহমন্ত্ৰীয়ে চেষ্টা কৰি আছে: মিজোৰামৰ ৰাজ্যপাল

আনহাতে, সীমা সংঘাতত আহত হোৱা 361 গৰাকী লোকৰ অধিক সংখ্যকেই হ’ল অসম-নাগালেণ্ড সীমান্ত সংঘাতৰ ভুক্তভোগী ৷ এই দুয়োখন ৰাজ্যৰ মাজত চলি অহা সংঘাতত আহত হৈছে প্ৰায় 184 গৰাকী লোক ৷ ইয়াৰ পিছতে অধিক সংখ্যক অৰ্থাৎ 143 জন লোক আহত হৈছে অসম-মিজোৰামৰ সীমা সংঘাতত ৷ অসম-মেঘালয়ৰ সীমা বিবাদৰ ফলত আহত হৈছে 18 জনকৈ লোক আৰু অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত হোৱা সীমান্ত সংঘাতত আহত হৈছে 16 জনকৈ লোক ৷

অসম-নাগালেণ্ড সীমান্ত সষ্টম আৰক্ষী

অসম আৰু মিজোৰামৰ মাজৰ সীমা বিবাদ তীব্ৰতৰ হৈছিল 2018 চনত ৷ 143 গৰাকী আহতৰ সংখ্যাই এই সংঘৰ্ষৰ গভীৰতাৰ কথাকে সূচায় ৷

সুহাছ ছকমাই লগতে কয়, "ৰাজ্যকেইখনে প্ৰায়ে এই বিবাদৰ সমাধান বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপি আহিছে, কিন্তু সীমা নিৰ্ধাৰণ হৈছে এটি কাৰ্যবাহী কাম ৷ গতিকে উচ্চতম ন্যায়লয়ে ইয়াৰ বাবে সীমা আয়োগক (formation of the boundary commissions) পৰামৰ্শ প্ৰদান কৰে ৷ অৱশ্যে, যদি কোনো ৰাজ্যই উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত সীমা আয়োগৰ পৰামৰ্শ গ্ৰহণ নকৰে, তেন্তে সামান্য অগ্ৰগতি কৰিব পাৰি ৷"

সীমান্ত সষ্টম আৰক্ষী

বিগত সময়ছোৱাত সীমা আয়োগৰ পৰামৰ্শক একাধাৰে অগ্ৰাহ্য কৰা হৈছিল ৷ অসম-মেঘালয় সীমান্ত সংঘাতৰ সময়ছোৱাত মেঘালয়ে ন্যায়াধীশ YV Chadrachudৰ কমিটীৰ পৰামৰ্শক অগ্ৰাহ্য কৰিছিল ৷

লগতে পঢ়ক: অসমৰ ভূমিত মেঘালয়ৰ অস্থায়ী সীমান্ত আৰক্ষী চকী

এই কমিটীখনে লাম্পীক অসমৰ অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল ৷ মেঘালয়ৰ বিৰোধিতাৰ বিপৰীতে অসমে এই পৰামৰ্শত সন্মতি প্ৰদান কৰিছিল ৷ কিন্তু অসমে নিজেই অসম-অৰুণাচল প্ৰদেশৰ সীমাক লৈ সীমা আয়োগৰ তিনি জনীয়া কমিটীৰ পৰামৰ্শক প্ৰত্যাখ্যান কৰিছিল ৷ এই কমিটীখনে 2018 চনৰ ৰিপোৰ্টত অসমৰ 70-80 শতাংশ বিবাদিত ভূমি অৰুণাচল প্ৰদেশক হস্তান্তৰ কৰিবলৈ পৰামৰ্শ দিছিল ৷

ইয়াৰ উপৰিও কেন্দ্ৰয়ো অসম-নাগালেণ্ড সীমা বিবাদৰ সমাধানৰ বাবে দুখনকৈ সীমা আয়োগ গঠন কৰিছিল ৷ ইয়াৰে সুন্দৰম কমিছন (Sundaram Commission) খন গঠন কৰা হৈছিল 1971 চনত আৰু শাস্ত্ৰী কমিছন (Shastri Commission) খন গঠন কৰা হৈছিল 1985 চনত ৷ কিন্তু দুয়ো ৰাজ্যই এই দুয়োখন আয়োগৰে পৰামৰ্শক অগ্ৰাহ্য কৰে ৷

অসম আৰু মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধান

সুহাছ ছকমাই উল্লেখ কৰে যে, ‘ৰাজ্যসমূহৰ মাজত সীমা নিৰ্ধাৰণৰ বাবে প্ৰযুক্তি আৰু পাৰদৰ্শিতাৰ অভাৱ প্ৰধান সমস্যা নহয় ৷ প্ৰধান সমস্যা হ’ল ৰাজনৈতিক ইচ্ছাৰ অভাৱ ৷ গৃহ মন্ত্ৰণালয়ে পৰামৰ্শ দিয়াৰ দৰে সীমা বিবাদ নিস্পত্তিৰ বাবে ছেটেলাইট মেপিঙ ব্যৱস্থাৰে সীমা নিৰ্ধাৰণে, ঔপনিৱেশিক ব্ৰিটিছৰ দ্বাৰা অংকিত অৰ্থাৎ প্ৰায় 186 বছৰ আগতে অংকিত সীমাৰ ওপৰত আধাৰিত অঞ্চলৰ ওপৰত নিজ নিজ দাবীৰ বিপৰীতে এই সমস্যা সমাধানৰ ৰাজনৈতিক ইচ্ছা জাগ্ৰত কৰিব নোৱাৰে ৷’

RRAG এ গৃহ মন্ত্ৰণালয়ৰ লগতে আটাইকেইখন ৰাজ্যৰে চৰকাৰক সীমা বিবাদৰ চূড়ান্ত নিষ্পত্তি নোহোৱালৈকে স্থিতি বজাই ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ৷ ইয়াৰ লগতে এই অঞ্চলবোৰৰ কাৰ্যকৰী নিয়ন্ত্ৰণৰ ৰেখা চিনাক্ত কৰি আইন-শৃংখলা বজাই ৰখাকে ধৰি যিকোনো বিবাদৰ সন্দৰ্ভত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সমন্বয়ৰ অধীনত কাম কৰিব পৰা দুয়োখন ৰাজ্যৰ পৰা আৰক্ষী মোতায়েন কৰিবলৈ পৰামৰ্শও প্ৰদান কৰিছে Rights and Risks Analysis Group এ ।

লগতে পঢ়ক : এতিয়াও মিজোৰামৰ দখলত অসমৰ ১৫৭৭.৫৮ হেক্টৰ ভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.