ETV Bharat / bharat

ছুইডেনৰ বিজ্ঞানী শ্বাণ্টে পাবোলৈ চিকিৎসা বিজ্ঞানৰ নোবেল পুৰস্কাৰ - ইনষ্টিটিউটত নোবেল কমিটি

ছুইডেনৰ বিজ্ঞানী শ্বাণ্টে পাবোলৈ নোবেল পুৰস্কাৰ (Svante Pääbo news) ৷ মানৱ বিৱৰ্তনৰ বিষয়ে কৰা আৱিষ্কাৰৰ বাবে 2022 বৰ্ষৰ শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল পুৰস্কাৰ আগবঢ়োৱা হৈছে পাবোক (Nobel Prize 2022 In Medicine) ৷

Nobel Prize awarded to Sweden's Svante Paabo for his discoveries on human evolution
নৱ বিৱৰ্তনৰ ওপৰত কৰা আৱিষ্কাৰৰ বাবে ছুইডেনৰ শ্বাণ্টে পাবোলৈ নোবেল পুৰস্কাৰ
author img

By

Published : Oct 3, 2022, 5:09 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 3 অক্টোবৰ: মানৱ বিৱৰ্তনৰ বিষয়ে কৰা আৱিষ্কাৰৰ বাবে ছুইডেনৰ বিজ্ঞানী স্বাণ্টে পাবোক (Swedish scientist Svante Paabo) এইবাৰৰ শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল পুৰস্কাৰ(Nobel Prize) প্ৰদান কৰা হৈছে । সোমবাৰে ছুইডেনৰ ষ্টকহ’মৰ কেৰ’লিনস্কা ইনষ্টিটিউটত নোবেল কমিটিৰ সম্পাদক থমাছ পাৰ্লমেনে(Thomas Perlmann, secretary of the Nobel Committee) পাবোক বিজয়ী হিচাপে ঘোষণা কৰে (Nobel Prize 2022 In Medicine) ।

পাবোৱে আধুনিক মানুহ আৰু আমাৰ আটাইতকৈ ওচৰৰ বিলুপ্ত আত্মীয় নিয়াণ্ডাৰথাল আৰু ডেনিছ’ভানৰ জিনমৰ তুলনা কৰি গৱেষণাৰ নেতৃত্ব দিছে ৷ য’ত দেখা গৈছে যে প্ৰজাতিৰ মাজত মিশ্ৰণ আছিল । নোবেল পুৰস্কাৰৰ ঘোষণাৰ এসপ্তাহৰ পাছতেই আৰম্ভ হ’ল মেডিচিনৰ পুৰস্কাৰ । মঙলবাৰে পদাৰ্থ বিজ্ঞান বঁটা, বুধবাৰে ৰসায়ন বিজ্ঞান আৰু বৃহস্পতিবাৰে সাহিত্যৰ পুৰস্কাৰৰ সৈতে এই প্ৰক্ৰিয়া আছে । একেদৰে শুকুৰবাৰে ২০২২ চনৰ শান্তিৰ নোবেল পুৰস্কাৰ আৰু ১০ অক্টোবৰত ঘোষণা কৰা হ’ব অৰ্থনীতি পুৰস্কাৰ(economics award) ।

বিগত বছৰৰ এই পুৰস্কাৰ লাভ কৰিছিল ডেভিড জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানে ৷ মানুহৰ শৰীৰে উষ্ণতা আৰু স্পৰ্শ কেনেকৈ গ্ৰহণ কৰে তেওঁলোকে সেয়া আৱিষ্কাৰৰ কৰিছিল । এই পুৰস্কাৰত আছে নগদ এক কোটি ছুইডেন ক্ৰ’নাৰ (প্ৰায় ৯ লাখ ডলাৰ) আৰু ১০ ডিচেম্বৰত তাৰিখে এই পুৰস্কাৰ প্ৰদান কৰা হ’ব । ছুইডেনৰ উদ্ভাৱক আলফ্ৰেড নোবেলে কৰি থৈ যোৱা এখন উইলৰ পৰা এই ধন আহিছে যাৰ মৃত্যু ১৮৯৫ চনত হৈছিল ।

লগতে পঢ়ক: ৬ সপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে Covid-19ত আক্ৰান্ত Pfizerৰ CEO Albert Bourla

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.