ETV Bharat / bharat

কিহৰ ভয়ত গাঁওখনৰ ৰাইজে যুগ-যুগ ধৰি নিৰ্মাণ কৰিব পৰা নাই এটাও মন্দিৰ ? - সুৰবীৰ গাঁৱত নাই এটাও মন্দিৰ

ভাৰতীয় সকলৰ ধৰ্মীয় বিশ্বাস সমগ্ৰ বিশ্বতে সু-পৰিচিত ৷ কিন্তু, ইয়াৰ মাজতে আজি আপোনালোকৰ বাবে আমি এনে এখন ঠাইৰ খবৰ আনিছো য’ত নাই এটাও মন্দিৰ ৷ শুনি হয়তো আপুনি আচৰিত হ'ব পাৰে, কিন্তু এয়াই হৈছে বাস্তৱ সত্য । বিহাৰৰ চিৱানৰ সুৰবীৰ গাঁৱত নাই এটাও মন্দিৰ (No temple in Surveer Village at Siwan Bihar) ৷ গাঁওখনত মন্দিৰ নথকাৰ আশ্চৰ্যকৰ কাৰণটো জানো আহক ৷

no-temple-in-surveer-village-at-siwan-bihar
কিহৰ ভয়ত গাঁওখনৰ ৰাইজে যুগ-যুগ ধৰি নিৰ্মাণ কৰিব পৰা নাই এটাও মন্দিৰ ?
author img

By

Published : Apr 18, 2022, 9:42 PM IST

নেচনেল ডেস্ক, 18 এপ্ৰিল : মন্দিৰ এনে এক পৱিত্ৰ ঠাই য'ত কেৱল প্ৰৱেশ কৰিয়েই মনলৈ আহে ইতিবাচক অনুভৱ ৷ মন্দিৰলৈ যোৱাজনে লাভ কৰা ইতিবাচক শক্তিয়ে মনৰ লগতে শৰীৰকো সমৃদ্ধ কৰে ৷ আমাৰ দেশ ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিটো প্ৰান্ত বিভিন্ন মঠ-মন্দিৰেৰে ভৰি আছে ৷ ভাৰতীয় সকলৰ ধৰ্মীয় বিশ্বাস সমগ্ৰ বিশ্বতে সু-পৰিচিত ৷ কিন্তু, ইয়াৰ মাজতে আজি আপোনালোকৰ বাবে আমি এনে এখন ঠাইৰ খবৰ আনিছো য’ত নাই এটাও মন্দিৰ ৷

শুনি হয়তো আপুনি আচৰিত হ'ব পাৰে, কিন্তু এয়াই হৈছে বাস্তৱ সত্য । বিহাৰৰ চিৱানৰ সুৰবীৰ গাঁৱত নাই এটাও মন্দিৰ (Surveer Village at Siwan bihar)। এই অঞ্চলত মুকলি আকাশৰ তলতে বহি ভক্তসকলে উপাসনা কৰে ইশ্বৰক ৷ পিছে গাঁওখনত মন্দিৰ নথকাৰ কাৰণটো ইয়াতকৈয়ো আশ্চৰ্যকৰ ৷ চিৱানত মন্দিৰ নথকাৰ কাৰণটো গাঁওখনত থকা এটা শিৱলিংগৰ সৈতে জড়িত (No Temple village in Bihar) । লোক বিশ্বাস মতে, এই শিৱলিংগৰ ৰক্ষা কৰে সৰ্প দেৱতাই ।

কিহৰ ভয়ত গাঁওখনৰ ৰাইজে যুগ-যুগ ধৰি নিৰ্মাণ কৰিব পৰা নাই এটাও মন্দিৰ ?

গাঁওবাসীয়ে জনোৱা মতে, এবাৰ সেই গাঁৱৰে কোনোবাই মন্দিৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ সৰ্প দংশনত জীৱন হেৰুৱাইছিল । লোকজনৰ মৃত্যুৰ পিছতে সমগ্ৰ অঞ্চলটোত আতংক বিয়পি পৰে ।

মানুহে বিশ্বাস কৰে যে, যিয়ে মন্দিৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব তেওঁৰ মৃত্যু হ’ব । উল্লেখ্য যে, গোটেই গাঁওখনৰ জনসংখ্যা প্ৰায় 2000 । কিন্তু গাঁওখনত নাই এটাও মন্দিৰ । গাঁওবাসীয়ে জানিবলৈ দিয়ে যে, তেওঁলোকে সপোনত সৰ্প দেৱতাক দেখা পায় । এই একেটা সপোন বহুজনে দেখে য’ত শিৱলিংগৰ চাৰিওফালে তেওঁলোকে সৰ্প দেৱতাক দেখা পায় ।

লগতে পঢ়ক : মাছৰ কাৰখানাত বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু 5 শ্ৰমিকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.