ETV Bharat / bharat

Lok Sabha Polls 2024 : তৃতীয় শক্তিৰ সম্ভাৱনীয়তাক অস্বীকাৰ নবীন পাটনায়কৰ - Bihar Chief Minister Nitish Kumar

২০২৪-ৰ লোকসভা নিৰ্বাচনত বিজেপিক ভেটিবৰ বাবে বিৰোধী ঐক্যৰ দাবী উঠিছে । তাৰ মাজতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তৃতীয় শক্তি গঠনৰ বাবে বিভিন্ন ৰাজ্যৰ নেতাসকলৰ লগত আলোচনাত মিলিত হৈছে । কিন্তু তেনে সময়তে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে তৃতীয় শক্তিৰ সম্ভাৱনীয়তাক অস্বীকাৰ কৰিছে (Naveen Patnaik denies possibility of third front) ।

Lok Sabha Polls 2024
Lok Sabha Polls 2024
author img

By

Published : May 12, 2023, 1:23 PM IST

Updated : May 12, 2023, 3:17 PM IST

নিউজ ডেস্ক, ১২ মে' : ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে (Odisha Chief Minister Naveen Patnaik) বৃহস্পতিবাৰে অহা বছৰ অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ 'তৃতীয় ফ্ৰণ্ট' গঠন হোৱাৰ সম্ভাৱনাক অস্বীকাৰ কৰিছে (Naveen Patnaik denies possibility of third front) । বৰ্তমান দিল্লীত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহক একত্ৰিত কৰাৰ বাবে কিছু নেতাৰ প্ৰচেষ্টাৰ মাজতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তৃতীয় শক্তিৰ সম্ভাৱনা সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে (Lok Sabha election 2024) ।

"তৃতীয় শক্তি নহয়, মই যিমান দূৰ জানো । এতিয়া নহয় ।" তেওঁ কয় । উল্লেখ্য, দেশৰ ৰাজধানী ভ্ৰমণৰ সময়ত নবীন পাটনায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে ওড়িশাৰ উন্নয়নমূলক কামৰ সৈতে সম্পৰ্কিত বিষয়ৰ ওপৰত আলোচনা কৰে (Naveen Patnaik meet PM Modi) ।

"মই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰোঁ আৰু আমি ওড়িশাৰ দাবী সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰোঁ । মই পুৰীত আন্তৰ্জাতিক বিমানবন্দৰৰ বাবে কথা পাতোঁ । ভুৱনেশ্বৰতো বৰ্তমান যান-বাহনৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে অত্যধিক যান-জঁটৰ সৃষ্টি হৈছে । সেয়েহে আমি তাৰো সম্প্ৰসাৰণ বিচাৰোঁ । প্ৰধানমন্ত্ৰীয়ে নিশ্চিতভাৱে সকলো ধৰণে সহায় কৰাৰ কথা কৈছে ।" তেওঁ কয় ।

উল্লেখ্য, মঙলবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ (Bihar Chief Minister Nitish Kumar) সৈতে হোৱা বৈঠকৰ বিষয়ে সোধাত পাটনায়কে কয় যে এয়া এক কেৱল 'সৌজন্যমূলক' বৈঠক । নীতিশ কুমাৰে বিৰোধী নেতাসকলক একত্ৰিত কৰাৰ প্ৰচেষ্টাত তেওঁলোকক লগ কৰি আহিছে যাতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব পৰা যায় (Nitish Kumar initiative to oppositions unity) ।

ইফালে নীতিশ কুমাৰেও নবীন পাটনায়কৰ সৈতে সাক্ষাতৰ পিছত কৈছিল যে এই বৈঠকৰ কোনো 'ৰাজনৈতিক অভিপ্ৰায়' নাই । "আমাৰ পুৰণি সম্পৰ্ক আছে, লগতে তেওঁৰ পিতৃৰ সৈতে মোৰ ভাল সম্পৰ্ক আছিল । আমাৰ মাজত ইমান পাৰস্পৰিক সন্মান আছে যে আমি ৰাজনীতিৰ বিষয়ে চিন্তা কৰিব নালাগে । কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে মই ইয়ালৈ আহি তেওঁক সাক্ষাৎ কৰিব পৰা নাছিলোঁ ।" নীতিশ কুমাৰে কয় । পাটনায়কে লগতে এইটোও কয় যে কোনো মিত্ৰতাৰ ওপৰত কোনো আলোচনা হোৱা নাই ।

"আমাৰ বন্ধুত্ব এক জ্ঞাত বন্ধুত্ব আৰু আমি বহু বছৰ আগতে সহকৰ্মী আছিলোঁ । আজি কোনো মিত্ৰতাৰ ওপৰত কোনো আলোচনা হোৱা নাছিল । পুৰীত বিহাৰ চৰকাৰক বিহাৰ ভৱন নিৰ্মাণৰ বাবে বিনামূলীয়াকৈ ভূমি দিয়া হৈছে ।" তেওঁ কয় ।

লগতে পঢ়ক :General Election 2024 : ২০২৪ চনৰ নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যৰ কুচকাৱাজ

Last Updated : May 12, 2023, 3:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.