ETV Bharat / bharat

ক'ভিডৰ প্ৰমাণপত্ৰ অবিহনে পঞ্জাৱত প্ৰৱেশ নিষিদ্ধ - পঞ্জাৱ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা

পঞ্জাৱত প্ৰৱেশ কৰিবলৈ হ'লে ক'ভিডৰ ঋণাত্মক ফলাফল আৰু প্ৰতিষেধকৰ টীকাকৰণৰ প্ৰমাণ পত্ৰ থকাটো বাধ্যতামূলক হৈ পৰিছে । অন্যথা প্ৰৱেশ নিষিদ্ধ কৰা হৈছে পঞ্জাৱত ৷

No entry in Punjab without negative COVID-19 test report or vaccination certificate
ক'ভিডৰ ঋণাত্মক ফলাফল আৰু প্ৰতিষেধকৰ টীকাকৰণৰ প্ৰমাণপত্ৰ অবিহনে পঞ্জাৱত প্ৰৱেশ নিষিদ্ধ
author img

By

Published : May 3, 2021, 6:20 PM IST

নেশ্যনেল ডেস্ক,৩ মে': সমগ্ৰ দেশতে ক'ভিড-১৯ ৰ বিভীষিকাময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ । পঞ্জাৱত প্ৰৱেশ কৰিবলৈ হ'লে ক'ভিডৰ ঋণাত্মক ফলাফল আৰু প্ৰতিষেধকৰ টীকাকৰণৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক । ক'ভিডৰ ঋণাত্মক ফলাফল আৰু প্ৰতিষেধকৰ টীকাকৰণৰ প্ৰমাণপত্ৰ অবিহনে পঞ্জাৱত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বাহিৰৰ পৰা অহা লোকৰ । দেওবাৰে এই কথা ঘোষণা কৰে পঞ্জাৱ চৰকাৰে । এই বাধ্যতামূলক নিয়ম সকলো বাছ আস্থান, ৰে’ল ষ্টেচন, বিমানবন্দৰ আদিত বাহাল থাকিব ।

ইফালে, মহামাৰীক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে সকলো অপ্ৰয়োজনীয় দোকান-পোহাৰ ১৫ মে'লৈকে বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰে । সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ দৈনিক নৈশ সান্ধ্য আইন বাহাল থাকিব ৰাজ্যখনত । শুকুৰবাৰে সন্ধিয়া ৬ বজাৰ পৰা সোমবাৰে পুৱা ৫ বজালৈ সাপ্তাাহিক সান্ধ্য আইন অব্যাহত থাকিব । ইয়াৰোপৰি, সকলো পথচাৰী আৰু বিক্ৰেতাসকলৰ আৰটিপিচিআৰ পৰীক্ষা কৰা হ'ব ।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, বিগত ২৪ ঘণ্টাত পঞ্জাৱত ৭,৩২৭ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হয় । ইফালে, ৫,২৪৪ জনে আৰোগ্য লাভ কৰাৰ বিপৰীতে আৰু ১৫৭ জনে প্ৰাণ হেৰুৱায় । বৰ্তমানলৈকে ৰাজ্যখনত ৬০,১০৮ টা ঘটনা সক্ৰিয় হৈ আছে । আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ৩,১৫,৮৪৫ গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৯,৩১৭ জনলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: ক'ভিড-১৯: ভাৰতত নতুনকৈ ৩.৬৮ লাখ লোক আক্ৰান্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.