ETV Bharat / bharat

Nitish Kumar Takes Oath: বিজেপিৰে মিত্ৰতা ভংগ কৰি অষ্টমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰ

author img

By

Published : Aug 10, 2022, 3:19 PM IST

বুধবাৰে অষ্টমবাৰৰ বাবে মুখ্য়মন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে (Nitish Kumar took oath as Bihar chief minister)৷ মঙলবাৰে বিজেপিৰে মিত্ৰতা ভংগৰ পাচত বুধবাৰে নতুন চৰকাৰ গঠন হ’ল বিহাৰত ৷

Nitish Kumar Takes Oath
বিজেপিৰে মিত্ৰতা ভংগ কৰি অষ্টমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰ

নিউজ ডেস্ক, 10 আগষ্ট: বুধবাৰে পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিলে নীতিশ কুমাৰে (Nitish Kumar took oath as Bihar chief minister)৷ উপ-মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিলে তেজস্বী যাদৱে ৷ বিজেপিৰে মিত্ৰতা ভংগৰ এটা দিনৰ পাচতেই নতুন চৰকাৰ গঠন হ’ল বিহাৰত ৷

এনডিএৰে মিত্ৰতা ভংগৰ পাচতে বুধবাৰে জেডি(ইউ) নেতা নীতিশ কুমাৰে অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ আৰজেডি নেতা তেজস্বী যাদৱেও(Tejashwi Yadav deputy CM) উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে । ৰাজ্যপাল ফাগু চৌহানে(Bihar governor Phagu Chauhan) শপত বাক্য পাঠ কৰোৱায় দুয়োকে ৷ শপত গ্ৰহণ কৰাৰ পিছত তেজস্বী যাদৱে নীতিশ কুমাৰৰ ভৰি চুই আশীৰ্বাদ বিচাৰে । উল্লেখ্য, মঙলবাৰে বিজেপিৰ সৈতে মিত্ৰতা সমাপ্ত কৰি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে নীতিশ কুমাৰে (Nitish Kumar snapped ties with BJP)৷

ইফালে আজি দিনৰ 2 বজাত ৰাজভৱনত মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পাচতে বিজেপিয়ে আটাইকেইখন জিলাতে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ জেডি(ইউ)ৰ নেতা তথা নীতিশ কুমাৰে বিজেপিৰ প্ৰতাৰণা কৰাৰ অভিযোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

লগতে পঢ়ক: Azadi ka Amrit Mahotsav: স্বাধীনতাৰ সুগন্ধিৰে নজহা-নপমা মহীয়সী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.