ETV Bharat / bharat

I.N.D.I.A Alliance: বিৰোধী মিত্ৰজোঁটত থাকিব কেৱল এজন আহ্বায়ক; নীতিশ কুমাৰ - লালু প্ৰসাদ যাদৱ

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সকলো জল্পনা-কল্পনাৰ অন্ত পেলায় কয় যে বিৰোধী দলসমূহৰ মিত্ৰতাত কেৱল এজন আহ্বায়ক থাকিব। ইফালে নীতিশ কুমাৰ আহ্বায়ক হোৱাৰো চৰ্চা চলিছে ? সৱিশেষ পঢ়ক ৷

I.N.D.I.A Alliance
I.N.D.I.A Alliance
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 5:43 PM IST

Updated : Aug 25, 2023, 6:46 PM IST

নেশ্যনেল ডেস্ক, 25 আগষ্ট: বিৰোধী দলসমূহৰ মিত্ৰজোঁট I.N.D.I.Aৰ তৃতীয়খন বৈঠক 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ'ব । হোটেল গ্ৰেণ্ড হায়াটত অনুষ্ঠিত হ'বলগীয়া বৈঠকত পাঁচজন মুখ্যমন্ত্ৰীকে ধৰি 26 টা দলৰ প্ৰায় 80 জন নেতা উপস্থিত থাকিব । এই বৈঠকত মিত্ৰজোঁটৰ আহ্বায়কৰ নাম আলোচনা কৰা হ’ব ৷

চৰ্চা হৈছে যে বিৰোধী মিত্ৰজোঁট I.N.D.I.Aৰ কেইবাগৰকীও আহ্বায়ক থাকিব ৷ কিন্তু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এক বিবৃতিযোগে কয় যে বিৰোধী মিত্ৰজোঁটৰ কেৱল এগৰাকী আহ্বান থাকিব ৷

নীতিশ কুমাৰে কয় যে 31 আগষ্টত আমি সকলো বিৰোধী দল বৈঠকত অংশ ল'বলৈ মুম্বাইলৈ যাম । তেওঁ কেইবাখনো ৰাজ্যত পৃথক আহ্বান থাকিব বুলি চলি থকা চৰ্চাক নস্যাৎ কৰি কয় যে বৈঠকৰ পিছত এই বিষয়ে সংবাদ মাধ্যমক অৱগত কৰা হ’ব । ‘‘সভাত আহ্বায়কৰ সিদ্ধান্তও লোৱা হ'ব । আমি সকলো 31 আগষ্টৰ সভাত উপস্থিত থাকিম,’’ নীতিশ কুমাৰে কয় ৷

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিকো আক্ৰমণৰ লক্ষ্য কৰি হয় ৷ তেওঁ কয় যে জাতি-ভিত্তিক লোকপিয়ল দেশৰ বাবে এক আদৰ্শ হৈ পৰিব । এতিয়া বহুতো ৰাজ্যই ইয়াৰ বাবে দাবী উত্থাপন কৰিব আৰু আমি সকলো তথ্য ৰাজহুৱা কৰিম । তেওঁ কয় যে কিছুমান লোকে জাতি-ভিত্তিক লোকপিয়লত বাধা দিয়াৰ বাবে কাম কৰিছে । এইটো সকলোৱে জানে । তেওঁ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে কি কৰি আছে সকলোৱে জানে ৷

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ (RJD) মুৰব্বী লালু প্ৰসাদ যাদৱক পশুখাদ্য কেলেংকাৰীৰ গোচৰত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে । উচ্চতম ন্যায়ালয়ে আজি লালুৰ প্ৰতিবাদী শপতনামাৰ ওপৰত যুক্তি শুনিব । নীতিশ কুমাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে ইডি আৰু চিবিআইৰ অপব্যৱহাৰ কৰিছে ৷ দৰিদ্ৰসকলক ইচ্ছাকৃতভাৱে হাৰাশাস্তি কৰা হৈছে । বিৰোধী দলৰ সকলো নেতাক চিবিআই আৰু ইডিয়ে হাৰাশাস্তি কৰি আহিছে ।

লগতে পঢ়ক: Manipur violence: গুৱাহাটী উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ CBI য়ে তদন্ত কৰা মণিপুৰ হিংসাৰ গোচৰ

Last Updated : Aug 25, 2023, 6:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.