ETV Bharat / bharat

I.N.D.I.A alliance seat sharing: 2 অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত কাম আৰম্ভ কৰিব বিৰোধী মিত্ৰজোঁটে; নীতিশ কুমাৰৰ ঘোষণা - নীতিশ কুমাৰ

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শনিবাৰে কয় যে মুম্বাইত বিৰোধী মিত্ৰজোঁটৰ তৃতীয় বৈঠক সফল হৈছে । সকলোবোৰ বিষয় আলোচনা কৰা হৈছে । আসন ভাগ-বতৰা কৰাত কোনো সমস্যা নাই । এইটো পাৰস্পৰিক চিন্তাৰ বিষয় । আভ্যন্তৰীণভাৱে সকলোৱে অতি সোনকালে ইয়াৰ ওপৰত কাম কৰা আৰম্ভ কৰিব আৰু তাৰ পিছত আপোনাক তথ্য দিয়া হ'ব ।

I.N.D.I.A alliance seat sharing
I.N.D.I.A alliance seat sharing
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:22 PM IST

নেশ্যনেল ডেস্ক, 2 ছেপ্টেম্বৰ: মুম্বাইত I.N.D.I.A মিত্ৰজোঁটৰ তৃতীয় বৈঠক সমাপ্ত হোৱাৰ পিছতেই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ নীতিশ কুমাৰে কয় যে 2 অক্টোবৰৰ পৰা সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধীৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব । আসন ভাগ-বতৰাৰ প্ৰশ্নত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে আসন ভাগ-বতৰাত কোনো সমস্যা নাই । তেওঁ কয় যে আমি সিদ্ধান্ত লৈছো, এই মাহত সকলো সিদ্ধান্ত লোৱা হ’ব ৷

নীতিশ কুমাৰে আসন ভাগ-বতৰাৰ বিষয়ে আৰু কয় যে এয়া পাৰস্পৰিক চিন্তাৰ বিষয়, অতি সোনকালে ই সকলোবোৰৰ ওপৰত কাম আৰম্ভ হ’ব ৷ ইয়াৰ পিছতেই আপোনালোকক (সংবাদ মাধ্যমক) অৱগত কৰা হ’ব । নীতিশ কুমাৰে লগতে কয় যে 2 অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে এক কাৰ্যসূচী আয়োজন কৰা হ’ব আৰু ইয়াৰ পৰাই বিৰোধী ঐক্যবদ্ধভাৱে আগবাঢ়িব ৷ মুম্বাইত অনুষ্ঠিত দুদিনীয়া বৈঠকত 14 জনীয়া সমন্বয় সমিতিৰ সৈতে বিভিন্ন সমিতি গঠন কৰা হৈছে, য'ত জেডিইউ (JDU) আৰু আৰজেডি (RJD) নেতাসকলক স্থান দিয়া হৈছে ৷

‘‘সকলো ঠিকেই হৈছে । সকলোবোৰ আলোচনা কৰা হৈছে । পাঁচখন সমিতিও গঠন কৰা হৈছে । বিভিন্ন কামৰ বাবে কোনো ধৰণৰ সমস্যা নাই, সকলো ঠিকেই হৈছে । আসন ভাগ-বতৰাও সঠিক সময়ত কৰা হ'ব । ক'তো কোনো সমস্যা নহ'ব ,’’ নীতিশ কুমাৰে কয় ৷

উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু JD(U)ৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙক সমন্বয় সমিতিত স্থান দিয়া হৈছে, কিন্তু বৈঠকত আসন ভাগ-বতৰা আৰু আহ্বায়কৰ সিদ্ধান্ত লোৱা হোৱা নাই । বৈঠকখনৰ পূৰ্বে বিৰোধী দলৰ নেতাসকলে দাবী কৰিছিল যে মুম্বাইত আহ্বায়ক আৰু আসন ভাগ-বতৰাৰ ওপৰত আলোচনা হ'ব । কিন্তু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ঘোষণা এই মাহতহে আসন ভাগ-বতৰা সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত ৷

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে লগতে কয় যে I.N.D.I.A বৈঠকখন অতি সফল আছিল, সেয়েহে এতিয়া কেন্দ্ৰত বহি থকা চৰকাৰখন আতংকিত হৈ পৰিছে । তেওঁ লোকসভাৰ বিশেষ অধিৱেশনৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰকো তীব্ৰভাৱে লক্ষ্য কৰি হয় । ‘‘যিসকলে আজি এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ কথা কৈছে তেওঁলোকে লোকপিয়লৰ কি হ’ল মনত ৰাখিব লাগে । আমি বিশ্বাস কৰোঁ যে আগতে দেশখনত এখন ৰাষ্ট্ৰ এক নিৰ্বাচন হৈছিল, কিন্তু এতিয়া কি কৰিব লাগে আৰু ইয়াৰ বিষয়ে কি কৰিব নালাগে, আমি সদনৰ প্ৰস্তাৱ অহাৰ পিছতহে সকলোবোৰ ক’ম,’’ নীতিশ কুমাৰে কয় ৷

‘‘যেতিয়া এই প্ৰস্তাৱ সদনলৈ আহিব, তেতিয়া বিৰোধী দলে ইয়াৰ বিষয়ে চিন্তা কৰিব । বৰ্তমান সময়ৰ বাবে, আমি কেন্দ্ৰীয় চৰকাৰক ক’ব বিচাৰো যে যিধৰণে বিশেষ অধিৱেশন আহ্বান কৰা হৈছে আৰু বিষয়টো আলোচনা কৰা হৈছে, সেয়া স্পষ্ট যে বিৰোধীৰ ঐক্য দেখি ভাৰতীয় জনতা পাৰ্টীৰ জনতা অস্থিৰ হৈ পৰিছে । তেওঁলোক আতংকিত হৈ আছে আৰু তাৰ বাবেই এনেধৰণৰ কাম কৰিবলৈ বাধ্য হৈছে,’’ নীতিশ কুমাৰে লগতে কয় ৷

লগতে পঢ়ক: Parliament Special Session : বিশেষ অধিবেশন আগতীয়া লোকসভা নিৰ্বাচনৰ আগজাননী; বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.