নিউজ ডেস্ক,৬ ফেব্ৰুৱাৰী: সীমান্তত অব্য়াহত আছে ভাৰত আৰু চীনা সৈন্য়ৰ সংঘৰ্ষ । ইয়াৰ মাজতে দুয়োখন দেশৰ চৰকাৰে এই সংঘৰ্ষৰ অৱসান ঘটাবলৈ আলোচনাও অব্য়াহত ৰাখিছে । শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সাংবাদিকৰ সন্মুখত কোৱা মতে ইতিমধ্য়ে ভাৰত আৰু চীনৰ জ্যেষ্ঠ সামৰিক কমাণ্ডাৰসকলে পূৱ লাদাখত সৈন্যৰ সংঘৰ্ষ সন্দৰ্ভত নৱম পৰ্যায়ৰ বৈঠকত মিলিত হৈছে । সমগ্ৰ বিষয়টো অতি জটিল সেয়ে কমাণ্ডাৰসকলে ভিন্ন পৰ্যায়ত আলোচনা অব্য়াহত ৰাখিছে বুলি জনায় মন্ত্ৰী গৰাকীয়ে । সাংবাদিকে এই সন্দৰ্ভত মন্ত্ৰীৰ পৰ্যায়ত কোনো বৈঠক হ’ব নে বুলি প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে উপৰোক্ত মন্তব্য কৰে ।
উল্লেখ যে সমগ্ৰ বিষয়টোৰ সমাধানৰ বাবে দুয়োখন দেশে কেইবাটাও পৰ্যায়ৰ সামৰিক আৰু কূটনৈতিক আলোচনা কৰিছে কিন্তু এতিয়ালৈকে কোনো গুৰুত্বপূৰ্ণ মীমাংসা হোৱা নাই । যাৰ বাবে কমাণ্ডাৰ সকলে নৱম পৰ্যায়ত বৈঠকৰ আয়োজন কৰা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কিছু সমাধানৰ গতি আগবাঢ়িছে যদিও সেয়া প্ৰকৃতাৰ্থত সম্ভৱ হ'ব নে নাই এতিয়াও নিশ্চিত নহয় । ইফালে মন্ত্ৰীগৰাকীৰ মতে তেওঁ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৱা বছৰ চীনৰ প্ৰতিপক্ষৰ সৈতে সমগ্ৰ বিষয়ৰ ওপৰত বাৰ্তালাপ কৰিছিল ।
লগতে পঢ়ক:এইবাৰ যৌতুকৰ বলি সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ মহিলা বিষয়া