নেশ্যনেল ডেস্ক,২১ জুলাই: ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বুধবাৰে দাবী কৰে যে ভাৰত, শ্ৰীলংকা আৰু পাকিস্তানৰ ড্ৰাগছ তথা অবৈধ অস্ত্ৰ সৰবৰাহকাৰীসকলে লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলাম (LTTE)ক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা চলাই আছে । শ্ৰীলংকা আৰু ভাৰতত ড্ৰাগছ আৰু অস্ত্ৰৰ অবৈধ কাৰ্যকলাপৰ তদন্তৰ সময়তে কিছু তথ্যৰ আধাৰত দেশৰ মুখ্য অনুসন্ধানকাৰী সংস্থাটোৱে এই কথা প্ৰকাশ কৰে(LTTE nia drugs traffickers) । NIA ৰ এগৰাকী বিষয়াই কয় যে ড্ৰাগছ তথা অস্ত্ৰ সৰবৰাহকাৰীসকলে ভাৰত আৰু শ্ৰীলংকাত কাম কৰি আছে আৰু LTTEক পুনৰুজ্জীৱিত কৰি হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিবলৈ চেষ্টা চলাই আহিছে(NIA finds nexus between Pak and Sri Lankan smugglers) ।
পাকিস্তানত অৱস্থিত হাজী চেলিম, ড্ৰাগছ আৰু অস্ত্ৰ সৰবৰাহকাৰীৰ সহযোগত চি গুণশেখৰণ ওৰফে গুনাৰ দ্বাৰা পৰিচালিত শ্ৰীলংকাৰ ড্ৰাগছ মাফিয়াৰ অবৈধ কাৰ্যকলাপৰ ক্ষেত্ৰত বুধবাৰে NIA(National Investigation Agency)য়ে তামিলনাডুৰ চেন্নাই, তিৰুপ্পুৰ, চেঙ্গালপট্টু আৰু তিৰুচিৰাপল্লী জিলাত অভিযুক্ত আৰু সন্দেহজনক লোকৰ ২২ টা চৌহদত তালাচী চলাইছিল । এই তালাচী অভিযানত ডিজিটেল সঁজুলি আৰু বিভিন্ন আপত্তিজনক নথিপত্ৰ উদ্ধাৰ আৰু জব্দ কৰা হৈছিল ।
পাকিস্তানী ড্ৰাগছ তথা অস্ত্ৰ সৰবৰাহকাৰী এই গোটটোৰে জড়িত থকা ঘটনাই সংস্থাটোৰ উদ্বেগ যথেষ্ট বৃদ্ধি কৰে(NIA worried over rise of LTTE) । NIA ৰ এগৰাকী বিষয়াই উল্লেখ কৰা মতে শ্ৰীলংকা আৰু পাকিস্তানৰ অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগ সৰবৰাহকাৰীসকলৰ মাজৰ ঘনিষ্ঠতা সঁচাকৈয়ে চিন্তাৰ বিষয় । এই অবৈধ ৰেকেটৰ পৰা উৎপন্ন হোৱা ধন সমগ্ৰ ভাৰতত, বিশেষকৈ জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠনক পুঁজি যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে বিষয়া গৰাকীয়ে ।
উল্লেখ্য যে ১৯৮৩ চনৰ পৰা ২০০৯ চনলৈ শ্ৰীলংকাৰ উত্তৰ-পূবক লৈ গঠিত তামিল ইলাম নামৰ স্বাধীন তামিল ৰাজ্যৰ বাবে যুঁজ দিয়াৰ উদ্দেশ্যে গঠিত হৈছিল Libareson Tigers of Tamil Ilam তথা LTTE । কিন্তু এই নিষিদ্ধ ঘোষিত সংগঠনটোৰ সকলো নেতাক হত্যা কৰিছিল সেইসময়ৰ শ্ৰীলংকা চৰকাৰে আৰু সংগঠনটো মৃত বুলি ঘোষণা কৰিছিল । কিন্তু দেশত সংঘটিত বিভিন্ন অপৰাধজনিত কাৰ্যকলাপত সংগঠনটো জড়িত হোৱাৰ উমান পাই চিন্তিত হৈ পৰিছে NIA ।
লগতে পঢ়ক: Presidential election result: আজি দেশে পাব পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি