ETV Bharat / bharat

NIA raid against PFI: পিএফআইৰ প্ৰাক্তন কৰ্মীৰ বাসগৃহত NIAৰ অভিযান - PFI banned

কেৰালাৰ মালাপ্পুৰম, কান্নুৰ আৰু কোল্লাম জিলাৰ ৮ টা স্থানত NIAয়ে অভিযান চলায় । পিএফআইৰ প্ৰাক্তন কৰ্মীৰ বাসগৃহত চলোৱা হৈছে এই অভিযান । পুৱা ৪ বজাৰ পৰাই এই অভিযান আৰম্ভ হয় ।

NIA raid against PFI
পিএফআইৰ প্ৰাক্তন কৰ্মীৰ বাসগৃহত NIAৰ অভিযান
author img

By

Published : Aug 13, 2023, 4:00 PM IST

নেশ্যনেল ডেস্ক,১৩ আগষ্ট : পিএফআইৰ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএৰ অভিযান অব্যাহত আছে । প্ৰাক্তন পিএফআই কৰ্মীৰ সৈতে সম্পৰ্কিত বিভিন্ন স্থানত পুনৰ এনআইএয়ে অভিযান চলাইছে । দেওবাৰে এনআইএৰ এটা দলে কেৰালাৰ মালাপ্পুৰম, কান্নুৰ আৰু কোল্লাম জিলাৰ ৮ টাকৈ স্থানত অভিযান চলায় ।

মূলত পিএফআইৰ প্ৰাক্তন কৰ্মীসকলৰ বাসগৃহত এই অভিযান চলোৱা হৈছে । জানিব পৰা মতে মালাপ্পুৰমৰ ৪ টা স্থানত, কান্নুৰৰ ৩ টা আৰু কোল্লামৰ এটা স্থানত অভিযান চলোৱা হৈছে ।

পুৱা ৪ বজাতে এই অভিযান আৰম্ভ হয় । ৫ ঘণ্টাৰো অধিক সময় এই অভিযান চলে । সকলো স্থানতে একেটা সময়তে অভিযানবোৰ চলোৱা হয় । কান্নুৰ জিলা আৰক্ষীৰ সূত্ৰই জনোৱা মতে অভিযান আৰম্ভ হোৱাৰ ঠিক পূৰ্বে স্থানীয় আৰক্ষীক অভিযানৰ বিষয়ে অৱগত কৰা হৈছিল ।

এনআইএয়ে ২০২২ চনৰ ছেপ্টেম্বৰত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) সৈতে জড়িত কেইবাটাও স্থানত সমগ্ৰ দেশতে অভিযান চলাইছিল আৰু পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংগঠনটোক ৫ বছৰৰ বাবে অস্থায়ীভাৱে নিষিদ্ধ কৰিছিল ।

ইছলামবাদী সংগঠনটোৰ বহুতো জ্যেষ্ঠ ৰাষ্ট্ৰীয় নেতা ন্যায়িক জিম্মাত আছে আৰু সমগ্ৰ দেশৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ আছে । এনআইএ-য়ে ১ আগষ্টত মালাপ্পুৰম জিলাৰ মাঞ্জেৰীত অৱস্থিত পিএফআইৰ মুখ্য কাৰ্যালয় হিচাপে বিবেচিত 'গ্ৰীণ ভেলী'ত এক অভিযান চলাইছিল আৰু কাৰ্যালয়টো বন্ধ কৰি দিছিল । গ্ৰীণ ভেলীৰ এই প্ৰতিষ্ঠানটো ৮ একৰ এলেকাত বিয়পি আছে আৰু ইয়াত কেইবাটাও প্ৰতিষ্ঠান আছে । অভিযোগ আছিল যে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াই গ্ৰীণ ভেলীত সশস্ত্ৰ প্ৰশিক্ষণ চলাইছিল ।

লগতে পঢ়ক :Charge sheet against PFI : ধৃত পিএফআই নেতাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযোগনামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.