ETV Bharat / bharat

NIA raids in Chandigarh and JK : উগ্ৰপন্থী কাৰ্যকলাপৰ সৈতে যোগসূত্ৰ বিচাৰি নিয়াৰ অভিযান

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই কাশ্মীৰ উপত্যকাৰ কেইবাটাও স্থানত অভিযান চলায় (NIA raids in Chandigarh and J&K)৷ উগ্ৰপন্থীৰ সৈতে ধনৰ লেন-দেন সম্বন্ধীয় এটা গোচৰৰ তথ্য-প্ৰমাণ বিচাৰি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে উপত্যকাটোৰ কেইবাটাও স্থানত এই অভিযান চলাই বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে ৷

author img

By

Published : Dec 24, 2022, 2:25 PM IST

NIA raids in Chandigarh and J&K
উগ্ৰপন্থী কাৰ্যকলাপৰ সৈতে যোগসূত্ৰ বিচাৰি নিয়াৰ অভিযান

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ : উগ্ৰপন্থী কাৰ্যকলাপৰ যোগসূত্ৰ বিচাৰি নিয়াৰ মাৰাথন অভিযান ৷ অভিযানৰ অংশ হিচাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই চণ্ডীগড় আৰু জম্মু-কাশ্মীৰত আৰম্ভ কৰিছে তালাচী (NIA raids in Chandigarh and JK ) ৷ শনিবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে চলালে এই অভিযান ৷ একাংশ সন্দেহযুক্ত লোকৰ পুঁজিৰ বিৰুদ্ধে নিয়াই চলাইছে এই মাৰাথন অভিযান । কেইবাজনো ব্যক্তিৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা পুঁজি সম্বন্ধীয় গোচৰৰ সৈতে সম্পৰ্ক আছে বুলি এন আই এৰ বিষয়াসকলে সন্দেহ কৰিছে আৰু ক্ষীপ্ৰ কৰি তুলিছে এই অভিযান ।

শুকুৰবাৰে এন আই এয়ে কাশ্মীৰ উপত্যকাটোৰ কেইবাটাও স্থানত অভিযান চলায় ৷ উগ্ৰপন্থীৰ সৈতে ধনৰ লেন-দেন সম্বন্ধীয় এটা গোচৰৰ তথ্য-প্ৰমাণ বিচাৰি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে উপত্যকাটোৰ কেইবাটাও স্থানত এই অভিযান চলায় বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে ৷ সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি এন আই এৰ গোটটোৱে উগ্ৰপন্থীৰ সৈতে ধনৰ লেন-দেন সম্বন্ধীয় গোচৰটোৰ বাবে কাশ্মীৰ উপত্যকাৰ ১৩ টাকৈ স্থানত অভিযান চলায় । দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ দুটাকৈ স্থানতো ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে অভিযান চলায় ।

সূত্ৰটোৱে তদন্ত সন্দৰ্ভত অধিক তথ্য দি কয় যে, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দলটোৱে পুলৱামাৰ দৰভংগা অঞ্চলত অভিযান চলাই এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ঘৰত ৷ অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শক মহম্মদ আহছান মিৰৰ ঘৰত অভিযান চলাই ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দলটোৱে ৷ পুলৱামা জিলাৰ আৱন্তীপোৰা অঞ্চলতো ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দলটোৱে অভিযান চলায় (NIA raids in Awantipora area of Pulwama district )৷ য’ত গুলজাৰ আহমেদৰ পুত্ৰ শ্বিজান বাইগ আৰু আব্দুল ঘনীৰ ঘৰতো অভিযান চলোৱা হয় ৷

শেহতীয়া তথ্য অনুসৰি, অভিযানৰ সময়ত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

লগতে পঢ়ক : Book release program: লেখকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেই পাঠকৰ সংখ্যা হ্ৰাস পাইছে: নীলিম কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.