ETV Bharat / bharat

NIA files charge sheet on extortion case : মণিপুৰৰ ধন দাবী গোচৰত NIAৰ অভিযোগনামা দাখিল - মণিপুৰৰ ধন দাবী গোচৰত NIAৰ অভিযোগনামা দাখিল

বিগত বছৰ ৰুজু হোৱা এক ধন দাবী গোচৰ সন্দৰ্ভত NIAয়ে বুধবাৰে অভিযোগনামা দাখিল কৰে । ম্যানমাৰৰ এগৰাকী নাগৰিকসহ তিনিজন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয় ।

NIA files charge sheet on extortion case
মণিপুৰৰ ধন দাবী গোচৰত NIAৰ অভিযোগনামা দাখিল
author img

By

Published : Jul 13, 2023, 5:19 PM IST

নেশ্যনেল ডেস্ক,১৩ জুলাই : মণিপুৰৰ হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । ইয়াৰ মাজতে এনআইএয়ে নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ ধন দাবীৰ এক গোচৰত অভিযোগনামা দাখিল কৰিছে । ম্যানমাৰৰ এগৰাকী নাগৰিককে ধৰি তিনিজনলোকৰ বিৰুদ্ধে NIAয়ে অভিযোগনামা দাখিল কৰিছে । জানিব পৰা মতে বুধবাৰে ইম্ফলৰ এন আই এৰ বিশেষ আদালতত পিআৰএ (পিপলছ ৰিভলিউচনেৰী আৰ্মি), কেচিপি (কাংলেইপাক কমিউনিষ্ট পাৰ্টি), প্ৰেপাক (পিপলছ ৰিভলিউচনেৰী পাৰ্টি অফ কাংলেইপাক) আৰু ইউএনএলএফ (ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট) উগ্ৰপন্থী সংগঠনৰ ৩ কেডাৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে ।

সূত্ৰৰ মতে অভিযুক্তসকলৰ বিৰুদ্ধে আইপিচি আৰু ইউএ(পি)এ আইন ১৯৬৭ ৰ অধীনত গোচৰ ৰুজু হৈছে । অভিযুক্তসকলৰ ভিতৰত এজন ম্যানমাৰৰ নাগৰিক আছে বুলি জানিব পৰা গৈছে । তিনিওজনক ম্যানমাৰৰ ৩৮ বছৰীয়া দীপক শৰ্মা ওৰফে খিনমাউং, মণিপুৰৰ সুৰজ জাচিৱাল আৰু মণিপুৰৰ শ্বেইখোম ব্ৰুছ মিতেই বুলি চিনাক্ত কৰা হৈছে । ম্যানমাৰৰ দীপক শৰ্মাৰ বিৰুদ্ধে অতিৰিক্তভাৱে বিদেশী আইন, ১৯৪৬ ৰ অধীনত ধাৰা সন্নিৱিষ্ট কৰা হৈছে ।

NIAৰ এগৰাকী বিষয়াই কোৱা মতে অভিযুক্তসকলে উগ্ৰপন্থী সংগঠনসমূহৰ কাৰ্যকলাপ আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে পুঁজি সংগ্ৰহ কৰি আহিছিল । ঘটনাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে নিষিদ্ধ সংগঠনসমূহৰ কেডাৰসকলে সংগঠনৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ ইম্ফল আৰু মণিপুৰৰ উপত্যকা অঞ্চলৰ সাধাৰণ নাগৰিকসকলক ধন দাবী কৰি আহিছিল ।

সূত্ৰৰ মতে সংগঠনৰ কেডাৰসকলে তেওঁলোকৰ সহযোগীসকলৰ বেংক একাউণ্টৰ বিৱৰণ ভুক্তভোগীসকলক দিছিল আৰু তেওঁলোকক সেই একাউণ্টত ধন জমা দিবলৈ নিৰ্দেশ দিছিল । এনআইএয়ে যোৱা বছৰ ৯ মাৰ্চত (আৰচি-০৮/২০২২/এনআইএ/ডিএলআই) নিজাববীয়া গোচৰটো পঞ্জীয়ন কৰিছিল । গোচৰটোৰ সৈতে জড়িত আন অভিযুক্তক আটক কৰিবলৈ তদন্ত চলি আছে ।

উল্লেখ্য যে মণিপুৰত বিভিন্ন সময়ত নিষিদ্ধ সংগঠনসমূহে সাধাৰণ নাগৰিকসকলক হাৰাশাস্তি কৰি আহিছে । ধন দাবীৰে সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰাৰ বহু অভিযোগ আছে ।

লগতে পঢ়ক :Manipur Violence: ইউৰোপীয়ান সংসদত মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিষয়ে আলোচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.