ETV Bharat / bharat

NIA FIR on Ram Navami Violence : পশ্চিম বংগৰ ৰাম নৱমীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ৬ এজাহাৰ দাখিল NIA-ৰ - NIA FIR on Bengal Ram Navami Violence

পশ্চিম বংগত ৰাম নৱমীত সংঘটিত হিংসা সন্দৰ্ভত NIA-ৰ প্ৰায় ছয়খন এজাহাৰ দাখিল (NIA FIR on Bengal Ram Navami Violence) । কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৱে এই সংঘৰ্ষৰ তদন্ত আৰম্ভ কৰিছে । যোৱা ৩০ মাৰ্চত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত সংঘটিত হৈছিল এই হিংসাত্মক ঘটনা ।

NIA FIR on Ram Navami Violence
NIA FIR on Ram Navami Violence
author img

By

Published : May 11, 2023, 6:17 PM IST

নিউজ ডেস্ক, ১১ মে' : কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ (Calcutta HC on Ram Navami violence) পিছত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) যোৱা ৩০ মাৰ্চত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত সংঘটিত সংঘৰ্ষৰ তদন্ত আৰম্ভ কৰিছে । আনহাতে, উক্ত ঘটনা সন্দৰ্ভত প্ৰায় ৬ খন এজাহাৰ দাখিল কৰিছে NIA-ই । উল্লেখ্য যে, ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত পশ্চিমবংগৰ হাওৰা জিলাৰ শিৱপুৰৰ পৰা হুগলীৰ ৰিশ্ৰালৈকে সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল (NIA probe into Ram Navami riots) ।

উক্ত হিংসাত্মক ঘটনাৰ পিচত আদালতত এখন ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰৰ আবেদন (public interest litigation, PIL) দাখিল কৰা হৈছিল । উল্লেখ্য, বৃহস্পতিবাৰে শপত গ্ৰহণ কৰা কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ টি এছ শিৱাগনমে NIA-ক ২৭ এপ্ৰিলত সংঘটিত ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

NIA-ৰ সূত্ৰ অনুসৰি, তদন্তকাৰী সংস্থাটোৱে বৃহস্পতিবাৰে কলকাতাৰ NIA-ৰ এজন ডিআইজি পদমৰ্যাদাৰ আৰক্ষী বিষয়াৰ তত্ত্বাৱধানত আদালতত এখন প্ৰতিবেদন দাখিল কৰিবলৈ সাজু হৈছে । আনহাতে, কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৰ বিষয়াসকলে ৰাজ্যিক আৰক্ষীৰ পৰা তদন্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে (NIA FIR on Bengal Ram Navami Violence) ।

উল্লেখ্য যে, ৩০ মাৰ্চত ৰাম নৱমীৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি হাওৰাৰ শিৱপুৰ আৰু হুগলীৰ ৰিশ্ৰাত সংঘৰ্ষৰ সৃষ্টি হৈছিল । অভিযোগ পোৱাৰ পিছত NIA-ই এতিয়ালৈকে ঘটনাটো সন্দৰ্ভত ছয়খন এজাহাৰ দাখিল কৰিছে ।

আনহাতে, উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত লাভৰ পিছত সংস্থাটোৱে হাওৰা আৰক্ষী আয়ুক্ত প্ৰবীণ কুমাৰ ত্ৰিপাঠী আৰু হুগলীৰ চন্দন নগৰৰ আৰক্ষী আয়ুক্ত অমিত প্ৰকাশ জাবালগীলৈ এখন পত্ৰ প্ৰেৰণ কৰে । পত্ৰখনৰ জৰিয়তে সংস্থাটোৱে জানিব বিচাৰে যে এই ঘটনাটোত কোন অভিযুক্ত, সেইদিনা প্ৰকৃততে কি ঘটিছিল, কেতিয়া বাতৰিটো আৰক্ষীৰ ওচৰলৈ গৈছিল, ৰাজ্যখনৰ আৰক্ষীয়ে কিমানখন এজাহাৰ দাখিল কৰিছে আৰু ঘটনাটোৰ বিষয়ে আন সকলো মৌলিক তথ্য দাখিল কৰিছেনে নাই । NIA সূত্ৰত এই কথা প্ৰকাশ (NIA files 6 FIRs in Bengals Ram Navami violence) ।

উল্লেখ্য যে, ঘটনাটোত গ্ৰেপ্তাৰ কৰা সকলোকে NIA-ৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ব পাৰে । ইয়াৰ উপৰি কেন্দ্ৰীয় অনুসন্ধানকাৰীসকলে ঘটনাটোৰ তদন্ত কৰা বিষয়াসকলৰ সৈতে ব্যক্তিগতভাৱে কথা পাতি অধিক বিৱৰণ জানিব বিচৰাৰ সম্ভাৱনা আছে । NIA-ৰ বিষয়াসকলে জানিব বিচাৰিছে যে ৰাজ্যিক আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ হাতত ৰাম নৱমী শোভাযাত্ৰা আৰু ইয়াৰ সৈতে জড়িত হিংসাত্মক ঘটনাৰ বিষয়ে কোনো আগতীয়া তথ্য আছিল নেকি ।

লগতে পঢ়ক :APW Case Against Ranjan Gogoi : প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে এপিডব্লিউৰ অভিজিৎ শৰ্মাৰ গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.