ETV Bharat / bharat

Yasin Malik awarded life imprisonment: য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ - সন্ত্ৰাসবাদীক পুঁজি যোগান

কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড (NIA Court sentencing on Yasin Malik) ৷ NIA ৰ আদালতে সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা আৰু বহু কেইটা অভিযোগত দোষী পাই কাৰাদণ্ড প্ৰদান কৰে মালিকক ৷

Yasin Malik awarded life imprisonment
Yasin Malik awarded life imprisonment
author img

By

Published : May 25, 2022, 7:01 PM IST

Updated : May 25, 2022, 8:31 PM IST

নিউজ ডেস্ক, 25 মে’: NIA-ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে য়াছিন মালিকক (Life imprisonment for Yasin Malik )৷ সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰাৰ অভিযোগত এই শাস্তি ঘোষণা কৰা হৈছে মালিকক(NIA Court announces sentence) ৷ ইয়াৰ পূৰ্বে দিল্লী আদালতত কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকৰ বিৰুদ্ধে মৃত্যুদণ্ড বিচাৰি আবেদন কৰিছিল NIA ই ৷ মালিকে সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰাৰ বাবে UAPA আইনৰ অধীনত ৰুজু হোৱা গোচৰৰ দোষ স্বীকাৰ কৰা বুলি NIA-ৰ আদালতে জানিবলৈ দিছে ৷

বিশেষ ন্যায়াধীশ প্ৰৱীন সিঙক সংস্থাটোৱে কয় যে, কাশ্মীৰীসকলৰ দেশত্যাগৰ ঘটনাৰ বাবে জগৰীয়া য়াছিন মালিক ৷ এক সুত্ৰৰ মতে, মালিকে ক্ষমা বিচাৰি আবেদন কৰিব নোৱাৰে বুলি জনাইছিল ৷ সেই বিষয়ত আদালতে বিবেচনা কৰি সিদ্ধান্ত ল'ব পাৰে বুলিও মালিকে উল্লেখ কৰিছিল ৷ মালিকক সহায় কৰিবলৈ আদালতৰ দ্বাৰা নিযুক্ত এমিকাছ কিউৰীয়ে নিম্নতম শাস্তি প্ৰদানৰ বাবে আবেদন কৰিছিল ৷ অৰ্থাৎ তেওঁ আজীৱন কাৰাদণ্ড বিচাৰিছিল ৷

ইফালে, মালিকে কৈছিল যে ভাৰতীয় চোৰাংচোৱাই যদি প্ৰমাণ কৰিব পাৰে যে তেওঁ ২৮ বছৰত কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ বা হিংসাত জড়িত আছিল, তেন্তে তেওঁ ৰাজনীতিৰ পৰা অৱসৰ ল'ব ৷ সিদ্ধান্তটো মালিকে আদালতৰ ওপৰত এৰি দিছিল ৷ মালিকৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰা, দেশৰ বিৰুদ্ধে যুদ্ধ কৰা, অন্যান্য বেআইনী কাৰ্যকলাপ আৰু কাশ্মীৰত শান্তি বিঘ্নিত কৰাৰ অভিযোগ আৰোপ কৰা হৈছে । তেওঁ এই সমূহ অভিযোগৰ দোষ স্বীকাৰ কৰিছে (Yasin Malik awarded life imprisonment) ।

শুনানিৰ অন্তিম তাৰিখত তেওঁ আদালতক কৈছিল যে, তেওঁৰ বিৰুদ্ধে আৰোপ কৰা অভিযোগৰ বিৰোধিতা কৰা নাই ৷ মালিকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত সন্নিৱিষ্ট ধাৰা সমূহৰ ভিতৰত আছে ধাৰা 16 (সন্ত্ৰাসবাদী কাৰ্যকলাপ), ধাৰা 17 (সন্ত্ৰাসবাদী কাৰ্যৰ বাবে পুঁজি সংগ্ৰহ), ধাৰা 18 (সন্ত্ৰাসবাদমূলক কাৰ্য সংঘটিত কৰাৰ ষড়যন্ত্ৰ) আৰু ধাৰা 20 (সন্ত্ৰাসবাদী দল বা সংগঠনৰ সদস্য হোৱা) ৷ লগতে ধাৰা 120-বি (অপৰাধমূলক ষড়যন্ত্ৰ) আৰু 124-A ধাৰাও আৰোপ কৰা হৈছিল মালিকৰ বিৰুদ্ধে ।

বৰ্তমানৰ গোচৰটো জম্মু-কাশ্মীৰত শান্তি বিঘ্নিত কৰিবলৈ ইছলামিক দেশৰ সমৰ্থিত বিভিন্ন সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা, হিজবুল-মুজাহিদীন, জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট আৰু জৈচ-ঈ-মহম্মদৰ সমৰ্থিত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্কিত ।

লগতে পঢ়ক : Kedarnath Yatra: 18 ঘণ্টাৰ অন্তত পুনৰ আৰম্ভ কেদাৰনাথ যাত্ৰা

Last Updated : May 25, 2022, 8:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.