ETV Bharat / bharat

Gurpatwant Singh Pannu: খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুৰ সম্পত্তি বাজেয়াপ্ত - Sikhs for Justice

ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সংঘাত অব্যাহত আছে ৷ ইয়াৰ মাজতে কানাডাস্থিত আন এটা খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুৰ বিৰুদ্ধে কঠোৰ হৈছে NIA ৷ সৱিশেষ পঢ়ক...

Gurpatwant Singh Pannu
Gurpatwant Singh Pannu
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 6:55 PM IST

নেশ্যনেল ডেস্ক, 23 ছেপ্টেম্বৰ: কানাডাস্থিত ‘শিখছ ফৰ জাষ্টিছ’ৰ (Sikhs for Justice) স্বয়ম্ভু সাধাৰণ পৰামৰ্শদাতা তথা খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুৰ (Gurpatwant Singh Pannu) অমৃতসৰ আৰু চণ্ডিগড়ত থকা ভূমি আৰু বাসগৃহ জব্দ কৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIAয়ে ৷

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) কয় যে কানাডাকে ধৰি বিভিন্ন দেশৰ পৰা পৰিচালিত সন্ত্ৰাসবাদী আৰু বিচ্ছিন্নতাবাদী নেটৱৰ্কৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাবে গ্ৰহণ কৰা পদক্ষেপৰ পিছত বিশেষ NIA আদালতৰ নিৰ্দেশ অনুসৰি এইসমূহ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে ৷

NIA জব্দ কৰা পান্নুৰ সম্পত্তিসমূহৰ ভিতৰত আছে চণ্ডিগড়ৰ চেক্টৰ 15ত তেওঁৰ আৱাসিক সম্পত্তি, অমৃতসৰ জিলাত থকা কৃষি সম্পত্তি ৷ NIAৰ বিষয়াসকলে সদৰী কৰিছে এই তথ্য ৷

NIAৰ বিষয়াসকলে কয় যে পান্নু 2019 চনৰ পৰা NIAৰ নজৰত আছে ৷ 2019 চনৰ গুৰপতৱন্ত সিং পান্নুৰ বিৰুদ্ধে প্ৰথম গোচৰ ৰুজু কৰিছিল NIAয়ে ৷ পান্নুৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু প্ৰচাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ অভিযোগ আছে ৷ দেশৰ বাহিৰতো সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ আছে পান্নুৰ বিৰুদ্ধে ৷

201 চনৰ 3 ফেব্ৰুৱাৰীত NIAৰ বিশেষ আদালতে পান্নুৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰে আৰু 2022 বৰ্ষৰ 29 নৱেম্বৰত তেওঁক ‘ঘোষিত অপৰাধী (Proclaimed Offender ) হিচাপে ঘোষণা কৰা হয় ।

NIAৰ অনুসন্ধানত প্ৰকাশ পাইছে যে পান্নুৰ সংগঠন ‘শিখছ ফৰ জাষ্টিছে’ চাইবাৰস্পেছৰ (সামাজিক মাধ্যম) অপব্যৱহাৰ কৰি সাধাৰণ যুৱক-যুৱতীসকলক মৌলবাদী তথা ভাৰত বিৰোধী কৰি তুলিছিল আৰু তেওঁলোকক সন্ত্ৰাসবাদী অপৰাধ আৰু কাৰ্যকলাপ কৰিবলৈ উদগনি দিছিল ৷ ইফালে 2019 চনৰ 10 জুলাইতে ‘শিখছ ফৰ জাষ্টিছ’ক বেআইনী বুলি ঘোষণা কৰে ভাৰত চৰকাৰে ৷

‘‘2020 চনৰ 1 জুলাইত ভাৰত চৰকাৰে ‘মনোনীত ব্যক্তিগত সন্ত্ৰাসবাদী’ (Designated Individual Terrorist) হিচাপে ঘোষণা কৰা পান্নুৱে দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু নিৰাপত্তাক প্ৰত্যাহ্বান জনাই স্বাধীন ৰাজ্য খালিস্তানৰ কাৰণে যুঁজ দিবলৈ ছ'চিয়েল মিডিয়াৰ যোগেদি পঞ্জাৱস্থিত যুৱক-যুৱতীসকলক সক্ৰিয়ভাৱে অনুৰোধ জনাই আহিছে,’’ NIAয়ে কয় ৷

শেহতীয়াকৈ, পান্নুৱে ৰাজহুৱা মঞ্চত জ্যেষ্ঠ ভাৰতীয় কূটনীতিবিদ আৰু চৰকাৰী কৰ্মকৰ্তাসকলক স্পষ্ট ভাবুকি দিয়াৰ বাতৰি পোহৰলৈ আহিছে । তেওঁ কানাডিয়ান হিন্দুসকলক ভাবুকি দিয়াৰ লগতে তেওঁলোকক কানাডা এৰি যাবলৈও নিৰ্দেশ দিছিল ৷ অতি সম্প্ৰতি অমৃতপাল সিঙৰ গ্ৰেপ্তাৰক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ভাবুকি দিছিল গুৰপতৱন্ত সিং পান্নুৱে ৷

লগতে পঢ়ক: Diplomatic row between India and Canada : কানাডাৰ প্ৰধানমন্ত্ৰীৰ সমৰ্থনত সমদল, আঁৰত আইএছআই জড়িত থকাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.