ETV Bharat / bharat

Congress Swearing in Ceremony in Karnataka : সোমবাৰে শপত গ্ৰহণ অনুষ্ঠান ! আজি সন্ধিয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক

author img

By

Published : May 14, 2023, 2:23 PM IST

দেওবাৰে সন্ধিয়া অনুষ্ঠিত হ'ব কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক । এই বৈঠকতে চূড়ান্ত হ'ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম । জানিব পৰা মতে, সোমবাৰে কংগ্ৰেছ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ সম্ভাৱনা আছে (Karnataka Congress Legislature Meeting) ।

Congress Swearing in Ceremony in Karnataka

নিউজ ডেস্ক, ১৪ মে' : দেওবাৰে সন্ধিয়া বেংগালুৰুত অনুষ্ঠিত হ'ব কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক । এই বৈঠকতে কৰ্ণাটকত কংগ্ৰেছ দলৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব সেয়া নিৰ্ধাৰণ হ'ব (Karnataka Congress Legislature Meeting to final CM) । সন্ধিয়া ৬ বজাত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতাসকলৰ সৈতে বেংগালুৰুৰ এখন ব্যক্তিগত হোটেলত বিধায়িনী দলৰ বৈঠকখন অনুষ্ঠিত হ'ব । বৈঠকত ১৩৫ জন বিধায়কৰ সকলোৱে উপস্থিত থাকিব (Congress Legislature Meeting in Bengaluru) ।

বৰ্তমান ৰাজ্যখনৰ বিৰোধী দলৰ নেতা সিদ্দাৰামাইয়া (congress leader Siddaramaiah in CM race), কৰ্ণাটক কংগ্ৰেছ কমিটীৰ সভাপতি ডি কে শিৱকুমাৰ, এআইচিচিৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে (AICC National President Mallikarjuna Kharge), কংগ্ৰেছ প্ৰচাৰ সমিতিৰ সভাপতি এম বি পাটিল, ইস্তাহাৰ সমিতিৰ সভাপতি ডঃ জি পৰমেশ্বৰ, জ্যেষ্ঠ বিধায়ক আৰ ভি দেশপাণ্ডে, এইচ কে পাটিল, কেপিচিচিৰ প্ৰাক্তন সভাপতি দীনেশ গুণ্ডুৰাওৰ লগতে জ্যেষ্ঠ লিঙ্গায়ত নেতা শ্বামানুৰ শিৱশংকৰপ্পাৰ মুখ্যমন্ত্ৰীৰ দৌৰত নাম আছে (KPCC President DK Shivakumar in CM race) । কিন্তু এইটো প্ৰায় নিশ্চিত যে সিদ্দাৰামাইয়া বা ডি কে শিৱকুমাৰেই দক্ষিণ ভাৰতৰ গুৰুত্বপূৰ্ণ ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব (Congress Swearing in Ceremony in Karnataka) ।

সূত্ৰ অনুসৰি, সিদ্দাৰামাইয়াই প্ৰথম দুবছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব । আনহাতে, কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰে পৰৱৰ্তী তিনি বছৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল পালন কৰিব । আনহাতে, ২০২৮ চনৰ বিধানসভা নিৰ্বাচন ডি কে শিৱকুমাৰৰ নেতৃত্বত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে । বিধায়িনী দলৰ বৈঠকত নিৰ্বাচিত নতুন মুখ্যমন্ত্ৰীয়ে সোমবাৰে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

গোপন ভোটাধিকাৰৰ দ্বাৰা মুখ্যমন্ত্ৰী নিৰ্বাচন : মুখ্যমন্ত্ৰী পদৰ বাবে এক বৃহৎ প্ৰতিদ্বন্দ্বিতা চলি থকাৰ বাবে ৰাষ্ট্ৰীয় নেতাসকলে ইজনে সিজনক সৈমান কৰিবলৈ চেষ্টা কৰি আছে । যদি এই কামত সফল নহয় তেন্তে কংগ্ৰেছে গোপন ভোটাধিকাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বাছনি কৰাৰ সম্ভাৱনা আছে । কিন্তু পৰিস্থিতি তেনে স্তৰলৈ নিনিবৰ বাবে ৰাষ্ট্ৰীয় নেতাসকলে শনিবাৰে ৰাজ্যিক কংগ্ৰেছৰ নেতাসকলৰ সৈতে কেইবাটাও পৰ্যায়ৰ পৰামৰ্শ বৈঠক অনুষ্ঠিত কৰে ।

আনহাতে, দেওবাৰে সন্ধিয়াৰ ভিতৰত আৰু কিছু সভা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । তাৰ পিছত বিধায়কসকলৰ সমৰ্থন থকা নেতাগৰাকীয়ে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব । যদি তাত কিবা পৰিৱৰ্তনৰ প্ৰয়োজন হয় তেন্তে হাইকমাণ্ডৰ নেতাসকলে বিধায়কসকলক এজন শক্তিশালী নেতাক মুখ্যমন্ত্ৰী পদলৈ উন্নীত কৰিবলৈ সৈমান কৰাৰ চেষ্টা কৰিব ।

নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত কেবিনেট গঠন কৰা হ'ব । উল্লেখ্য যে ভোটদানৰ পূৰ্বে বক্তব্য ৰাখি ডি কে শিৱকুমাৰে কৈছিল, "ৰাজ্যখনত কংগ্ৰেছ ক্ষমতালৈ আহিব । দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ১৫ মে'ত ঘোষণা কৰিব কাৰ নেতৃত্বত কংগ্ৰেছ আগবাঢ়ি আছে ।" তেওঁ এনেদৰে ভৱিষ্যদ্বাণী কৰিছিল ।

ইফালে নিৰ্বাচনৰ পূৰ্বে যথেষ্ট গেৰাণ্টি ঘোষণা কৰা কংগ্ৰেছে প্ৰথম কেবিনেট বৈঠকতে ইয়াৰ অনুমোদন জনোৱাৰ প্ৰতিশ্ৰুতি দিছিল । এতিয়া জনসাধাৰণৰো সমৰ্থন লাভ কৰিছে । গতিকে কংগ্ৰেছ চৰকাৰ যিমান সম্ভৱ সোনকালে ৰাজ্যখনত অস্তিত্বত আহিব লাগে । কেবিনেট গঠনৰ পিছতে প্ৰথম কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ।

উল্লেখ্য, দেওবাৰে সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া বৈঠকত ৰাজ্যৰ নেতা আৰু হাইকমাণ্ডৰ নেতাসকলৰ মাজত আলোচনা সফল হ'লে নতুন মুখ্যমন্ত্ৰীয়ে সোমবাৰে শপত গ্ৰহণ কৰিব বুলি প্ৰকাশ ।

লগতে পঢ়ক :Next CM of Karnataka : সিদ্দাৰামাইয়া নে শিৱকুমাৰ, কোন হ'ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.