ETV Bharat / bharat

NewsClick case : উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নিউজক্লিকৰ দুই অভিযুক্ত - Anti terror law

চীনাপন্থী প্ৰচাৰৰ বাবে ধন লাভ কৰাৰ অভিযোগ গ্ৰেপ্তাৰ হোৱা সংবাদ প্ৰতিষ্ঠান নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু মানৱ সম্পদ বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তী উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে । গ্ৰেপ্তাৰ আৰু ৰিমাণ্ড প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰা উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান ।

NewsClick case
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নিউজক্লিকৰ দুই অভিযুক্ত
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 2:24 PM IST

নেশ্যনেল ডেস্ক,১৬ অক্টোবৰ : নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু মানৱ সম্পদ বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ এক আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে । দিল্লী উচ্চ ন্যায়ালয়ে ইউএপিএ গোচৰৰ ওপৰত গ্ৰেপ্তাৰ আৰু ৰিমাণ্ড প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে পুৰকায়স্থৰ অধিবক্তা কপিল চিব্বালক নথিপত্ৰ প্ৰচাৰ আহ্বান জনাইছে ।

চিব্বালে কোৱা মতে নিউজক্লিকৰ সাংবাদিকসকল আৰক্ষীৰ জিম্মাত আছে । তেওঁলোকৰ ভিতৰত এগৰাকী অভিযুক্ত ৭৫ বছৰীয়া । বিচাৰপীঠে কোৱা মতে আদালতে জৰুৰী শুনানিৰ বাবে আবেদনটো গ্ৰহণ কৰিব ।

১৩ অক্টোবৰত দিল্লী উচ্চ ন্যায়ালয়ে গোচৰটোত পুৰকায়স্থ আৰু চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ আৰু পৰৱৰ্তী আৰক্ষী ৰিমাণ্ডৰ বিৰুদ্ধে কৰা আবেদন খাৰিজ কৰে । ৩ অক্টোবৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে ভাৰতত চীনাপন্থী প্ৰচাৰৰ বাবে ধন লাভ কৰাৰ অভিযোগত ইউএপিএৰ অভিযোগত পুৰকায়স্থ আৰু চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিছিল । পুৰকায়স্থ আৰু চক্ৰৱৰ্তীয়ে গ্ৰেপ্তাৰৰ লগতে ৭ দিনীয়া আৰক্ষীৰ জিম্মাক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন কৰে আৰু অন্তৱৰ্তীকালীন সকাহ হিচাপে তাৎক্ষণিকভাৱে মুক্তি বিচাৰে । ১০ অক্টোবৰত বিচাৰ আদালতে তেওঁলোকক ১০ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে চীনা পন্থী প্ৰচাৰৰ বাবে ধন লাভ কৰাৰ অভিযোগত সন্ত্ৰাসবাদ বিৰোধী আইন বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত দুয়োগৰাকীৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । এজাহাৰখনত অভিযোগ কৰা হৈছে যে নিউজক্লিকে চীনৰ পৰা বৃহৎ পৰিমাণৰ ধন লাভ কৰিছিল । ভাৰতৰ সাৰ্বভৌমত্ব হ্ৰাস কৰা আৰু নাগৰিকসকলৰ মাজত বিভেদ সৃষ্টিৰ বাবে চীনে এই ধন দিছিল বুলি অভিযোগ কৰা হৈছে । এজাহাৰখনত পুৰকায়স্থৰ বিৰুদ্ধে ২০১৯ ৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ পিপলছ এলায়েন্স ফৰ ডেমক্ৰেচি এণ্ড চেট্ৰিপ্লাইজেচন (পিএডিএছ) নামৰ এটা গোটৰ সৈতে কাম কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে ।

লগতে পঢ়ক :NewsClick row : নিউজক্লিকৰ বিৰুদ্ধে FCRA উলংঘনৰ গোচৰ চিবিআইৰ; প্ৰতিষ্ঠাপকৰ কাৰ্যালয়, বাসগৃহত তালাচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.